Logo
image

শ্ৰীলংকাৰ দিশে নেকি ভাৰতীয় অৰ্থনীতি

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ অৰ্থনৈতিক মন্দাৱস্থাই সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি৷ ৰাষ্ট্ৰখনে ক্ৰমান্বয়ে জৰুৰী অৱস্থাৰ দিশত গতি কৰিছে আৰু ‘চিভিল ৱাৰ’ৰ সম্ভাৱনা দিনক দিনে বৃদ্ধি পাইছে৷ সেনাই যদিও পৰিস্থিতি চম্ভালিছে ই কেৱল আইন-শৃংখলাজনিত পৰিস্থিতি নহয়৷ মানুহৰ পেটত যেতিয়া ভোকে জ্বলে তেতিয়া ই সকলো আইন-কানুন, ন্যায়-নীতি, শাসন-প্ৰশাসন সকলো পাহৰি কেৱল জীয়াই থকাৰ বাবে উদ্বাউল হৈ উঠে আৰু সেই অৱস্থাৰ সন্মুখত যিয়ে আহে সিয়েই চাৰখাৰ হৈ যায়৷ শ্ৰীলংকাৰ পৰিস্থিতিলৈ চাই ভাৰতীয় অৰ্থনীবিদসকলে ভাৰতৰো অৰ্থনৈতিক পৰিস্থিতি অধিক বিপজ্জনক বুলি ইতিমধ্যে মত প্ৰকাশ কৰিছে৷ ভাৰতীয় অৰ্থনীতিৰ দুৰৱস্থাৰ ছবিখন বিগত সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা প্ৰতিবেদনতে স্পষ্ট হৈ পৰিছে৷ ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে ভাৰতীয় অৰ্থনীতি ২০৩৫ চনৰ পূৰ্বে স্বাভাৱিক হোৱাৰ কোনো লক্ষণ নাই আৰু সেয়াও তেতিয়াহে সম্ভৱ যেতিয়া ৰিজাৰ্ভ বেংকে চৰকাৰক দিয়া পৰমৰ্শ চৰকাৰে প্ৰয়োগ কৰিব৷ কিন্তু যি নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ অৰ্থনীতি সুস্থিৰ কৰিম বুলি শাসনলৈ আহিছিল, আজিও বিশ্ব গুৰু হোৱাৰ শ্লোগান সঘনাই উচ্ছাৰিত হয়, সেই সময়ত দেখা গৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহা ২০১৪ বৰ্ষত ৰ ডলাৰত ভাৰতীয় টকাৰ মূল্য আছিল ৬২ টকা আৰু আজি চৰকাৰখনে প্ৰায় ৯ টা বছৰ অতিক্ৰম কৰাৰ সময়ত ৰ ডলাৰত ভাৰতীয় টকাৰ মূল্য হ’ল ৭৭.৫৪ টকা৷ টকাৰ এনে অৱনতিয়ে দেশখনক প্ৰত্যেক বছৰে লাখ লাখ কোটি টকা লোকচানৰ সন্মুখীন কৰাইছে৷ সহজ কথা, ভাৰতে ক্ৰয় কৰা প্ৰতিটো সামগ্ৰীয়েই যিহেতু ডলাৰত ক্ৰয় কৰিব লাগে, সেয়ে দেশখনত ডলাৰৰ ভাণ্ডাৰ যিমানেই বেছি থাকিব সিমানেই দেশখন চহকী হ’ব৷ কিন্তু তথ্যই দিয়ে তাৰ সম্পূৰ্ণ ওলোটা ছবি৷ বিগত বিত্তীয় বৰ্ষত আমাৰ দেশে ৰপ্তানি কৰি অৰ্জন কৰিছিল ৪১৭ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩২,২৭,৭৩৪ কোটি টকা৷ আনহাতে, আমদানি কৰিছিল ৭৫৬ বিলিয়ন ডলাৰ, অৰ্থাৎ ৫৮,৩৫,১৫১ কোটি টকা৷ ইয়াৰ অৰ্থ ভাৰতে এটা বছৰত ৪ লাখ কোটি টকাৰ লোকচান ভৰিব লগা হৈছে৷ নতুন অৰ্থনৈতিক নীতিৰ নামত যি গোলকীয় অৰ্থনীতি ভাৰতত প্ৰৱেশ কৰিছিল, তেতিয়াই ভাৰতৰ বিশিষ্ট অৰ্থনীতিবিদসকলে চৰকাৰক সকীয়াই দিছিল যে অৰ্থনৈতিকভাৱে দুৰ্বল ভাৰতক সবল দেশসমূহে গিলি পেলাব৷ আৰু আজি সেয়াই স্পষ্ট হৈ পৰিছে৷ এক তথ্য মতে, ভাৰতৰ পৰা বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীয়ে বিগত বৰ্ষলৈকে বিদেশৰ শিক্ষানুষ্ঠানসমূহক দিব লগা হৈছিল ৬ লাখ কোটি টকা৷ আৰু ভাৰতৰ টকাৰ মূল্যৰ অৱনতিৰ ফলত আজি দিবলগীয়া হয় ৯ লাখ কোটি টকা৷  এইবোৰ সাধাৰণ মানুহে অনুভৱ নকৰা কিছু তথ্য, কিন্তু যিবিলাক ঘটনাই সাধাৰণ মানুহৰ দৈনন্দিন জীৱন বিপৰ্যস্ত কৰি তুলিছে, তাৰ এটা উদাহৰণ চাওক৷ ব্যাপক হৈ-চৈৰ সৃষ্টি হৈছে যে মূল্যবৃদ্ধি হৈছে৷ খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ক্ৰয় ক্ষমতা প্ৰায় নিঃশেষ কৰি দিছে৷ এই কথা চৰকাৰেও জানে৷ সেয়ে একেবাৰে নিঃকিনসকলক বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰী বনাই চৰকাৰে অৰ্থনীতিৰ প্ৰকৃত ছবিখন ঢাকি ৰখাৰ চেষ্টা কৰিছে৷ চৰকাৰে লোকচানৰ জোৰা মাৰিবলৈ বিশ্বজুৰি বৃদ্ধি পোৱা খাদ্যসামগ্ৰীৰ চাহিদাৰ বাবে প্ৰত্যেক বছৰে খাদ্যসামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছে৷ উদাহৰণস্বৰূপে ২০১৯-২০ বৰ্ষত ৬.৭ বিলিয়ন ডলাৰ, ২০২০-২১ বৰ্ষত ১০.১ বিলিয়ন ডলাৰ, ২০২১-২২ বৰ্ষত ১২.৮ বিলিয়ন ডলাৰ৷ এতিয়া এই বৃদ্ধি পোৱা খাদ্যসামগ্ৰীৰ ৰপ্তানিয়ে দেশত যোগান হ্ৰাস কৰিছে আৰু সেয়ে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে৷ চৰকাৰে ইয়াৰ জোৰা মাৰিবলৈ সমানে সমানে খাদ্যসামগ্ৰী উৎপাদন আৰু সংৰক্ষণত জোৰ দিব লাগিছিল, কিন্তু সেই কাম নকৰি কেৱল বাহিৰলৈ ৰপ্তানি কৰি চৰকাৰৰ ভঁৰাল চহকী কৰিবলৈ লোৱা প্ৰচেষ্টাই ভাৰতীয় অৰ্থনীতিৰ যি সন্তুলিত বিকাশ হ’ব লাগিছিল, সেই বিকাশ দেখিবলৈ পোৱা নাই৷ চৰকাৰৰ বৈদেশিক ৰপ্তানিৰ ভঁৰাল দৈনিক হ্ৰাস পাবলৈ ধৰা কাৰ্যক ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি চিন্তাজনক বুলি ব্যক্ত কৰিছে৷ বিগত সপ্তাহত ৰিজাৰ্ভ বেংকে এই লোকচানৰ পৰিমাণ বৰ্তমান ৫২ লাখ কোটি টকা বুলি কৈছে৷ য’ত ২০১৯ বৰ্ষত ১৯ লাখ কোটি টকা, ২০২০ বৰ্ষত ১৭ লাখ কোটি টকা আৰু ২০২৩ বৰ্ষত এই লোকচানৰ পৰিমাণ ১৬ লাখ কোটি টকা হ’ব বুলি কৈছে, যিটো জোৰা মাৰিবলৈ ভাৰতেকমেও ১৩ বছৰ অপেক্ষা কৰিব লাগিব৷ এনে ভয়াৱহ পৰিস্থিতিৰ বাবেই ভাৰত ক্ৰমান্বয়ে উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা দৰিদ্ৰ ৰাষ্ট্ৰৰ শাৰীলৈ অৱনমিত হৈছে৷ কিন্তু এতিয়াও ৰাষ্ট্ৰনায়কসকলে কথাৰ ফুলজাৰিৰে ভাৰতক বিশ্ব গুৰু কৰাৰ সপোন দেখুৱায়৷ এতিয়া কথাৰ সময় নহয়, ভাৰতক উদ্ধাৰ কৰিবলৈ হ’লে বিজেপিৰ ভয়াৱহ ৰাজনীতিৰ পৰা দেশখনক প্ৰথমে উদ্ধাৰ কৰিব লাগিব, অন্যথা শ্ৰীলংকাৰ গতিয়েই হ’ব ভাৰতৰ৷