Logo
image

তিনি বছৰৰ ভিতৰত গুৱাহাটী হ’ব কৃত্ৰিম বানমুক্ত!

আমাৰ অসম, ১৪ মে’: তিনি বছৰ পাছত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব-এই ভাষ্য অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ৷ শুকুৰবাৰে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী সিংঘালে লগতে কয়- গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে আমি অহৰহ প্ৰয়াস কৰি আছোঁ৷ অৱশ্যে এটা বছৰ অতিক্ৰম কৰিলে যদিও আগন্তুক দুবছৰৰ ভিতৰত এই সমস্যা সমাধান হ’ব৷ গুৱাহাটীৰ নলাৰ পৰা ৮০ হাজাৰ মেট্ৰিকটন চিল্ট ওলায়৷ গতিকে মহানগৰবাসীক সজাগ হোৱাৰ লগতে আমাকো সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ৷ তেওঁলোকক কোনোধৰণৰ সামগ্ৰী নলাত নেপেলাবলৈ অনুৰোধ জনালোঁ৷ নলাবোৰ আৱৰ্জনাৰে ভৰি যোৱাৰ ফলত নলাৰ পানী কেওফালে ওলাই যাব নোৱাৰি কৃত্ৰিম বানৰ সৃষ্টি কৰে৷ তদুপৰি শিলসাকো বিলে বহু পৰিমাণে পানী জমা কৰি ৰাখিব পাৰিছিল কিন্তু তাত  নতুনকৈ দখল হৈ থকাৰ ফলত তাত পানী জমা হোৱাত বাধা আহি পৰিছে৷ যাৰফলত আমি উচ্ছেদ কৰিবলৈ বাধ্য হৈছোঁ৷ তেওঁ লগতে নৱ-নিৰ্বাচিত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলক শুভেচ্ছা জনায়৷ তেওঁ কয়-ৰাইজে বহুত আশা কৰি তেওঁলোকক নিৰ্বাচিত কৰিছে৷ গতিকে নিষ্ঠা সহকাৰে আগন্তক পাঁচবছৰত তেওঁলোকে কাম কৰিব লাগিব৷ চৰকাৰৰ পূৰ্ণ সহযোগ আৰু সমৰ্থন তেওঁলোকে লাভ কৰিব৷ এটা টীমৰ সহায়ত যেনেকৈ এখন খেলত জয়ী হ’ব পাৰি ঠিক তেনেকৈ গুৱাহাটীত কাম কৰিবৰ বাবেও ৬০জন পাৰিষদৰ সহায়ত এটা টীম গঠন কৰি কাম আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিব লাগিব৷ তেওঁ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক দিনজোৰা কাৰ্যসূচীৰে এখন কৰ্মশালা আয়োজনৰ কৰাৰ কথা দোহাৰে৷ ষ্ট্ৰীট লাইটৰ জ্বলোৱাৰ ব্যৱস্থা কৰা, জাৱৰ নিস্কাশন কেনেকৈ কৰিব পাৰি তাৰ ওপৰতো তেওঁ বক্তব্য আগবঢ়ায়৷ উল্লেখ্য, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়৷  সভাত গুৱাহাটী পৌৰ নিগমৰ নৱ-নিৰ্বাচিত পাৰিষদ, মেয়ৰ আৰু উপ-মেয়ৰে শপত গ্ৰহণ কৰে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই নৱ-নিৰ্বাচিত মেয়ৰ-উপ-মেয়ৰ তথা পাৰিষদে সত্যনিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে শপত বাক্য পাঠ কৰোৱায়৷ এই অনুষ্ঠানতে পদেন সদস্য হিচাপে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই শপত লয়৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত মেয়ৰ মৃগেন শৰণীয়া আৰু উপ-মেয়ৰ স্মিতা ৰয়কো কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শপত বাক্য পাঠ কৰোৱায়৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে কামৰূপ [ম] জিলা প্ৰশাসনৰ বিষয়-ববীয়া, পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী আৰু যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে৷ অনুষ্ঠানত দ্বিতীয় বাৰৰ বাবে মেয়ৰ নিৰ্বাচিত হোৱা মৃগেন শৰণীয়াই গুৱাহাটী বাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে লগতে গুৱাহাটীৰ মূল সমস্যা সমূহৰ লগতে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়াস কৰা হ’ব বুলি উল্লেখ কৰে৷ আনহাতে উপ-মেয়ৰ স্মিতা ৰয়ে গুৱাহাটীখনত সৰ্বাংসুন্দৰ মহানগৰী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব বুলি কয়৷ কামৰূপ [ম] জিলাৰ অতিৰিক্ত উপায়ুক্ত ড॰ ধ্ৰnৱজ্যোতি হাজৰিকাই আঁতধৰা অনুষ্ঠানটোৰ নিৰ্বাচনী বিষয়া শেখৰণ ফুকনে শলাগৰ শৰাই আগবঢ়ায়৷ উল্লেখ্য, কৃত্ৰিমবানৰ সমস্যা সমাধান, বাটপথৰ উন্নয়ন, নলা-নৰ্দমা পৰিষ্কাৰ, খোৱা পানীৰ সমস্যা আদি সমাধানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত জয়লাভ কৰা মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানৰ দিনাই সমগ্ৰ গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ কবলত পৰে৷ শুকুৰবাৰে পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে৷ মেঘালয়ৰ পৰা বৈ অহা পানীয়ে যোৰাবাটৰ পৰা আৰম্ভ কৰি খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও আদি অঞ্চল বুৰাই পেলায়৷ ইফালে ৰুক্মিণী গাঁৱৰ ৪২ নং ৱাৰ্ডৰ মনসা মন্দিৰ পথ বাসীয়ে পথত একঁকাল পৰ্যন্ত কৃত্ৰিম বান হোৱাৰ বাবে কলৰ ভুৰ সাজিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ সেইদৰে শুকুৰবাৰে প্ৰায় প্ৰতিটো মহাগীৰৰ পথ, উপ-পথত হোৱা কৃত্ৰিম বানৰ ফলত মহানগৰ বাসীয়ে দুৰ্ভোগ ভুগিব লগীয়া হয়৷ ৰাজপথত তীব্ৰ যান -জঁট জতৰ সৃষ্টি হয়৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাছ ৰাজপথত বহু সময় ধৰি আবদ্ধ হ’ব লগীয়া হয়৷  বাতৰি লিখা সময়লৈ মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ থাকে৷ মুঠতে বাৰিষাৰ পূৰ্বে শুকুৰবাৰে হোৱা কৃত্ৰিম বানৰ মহাগৰবাসীয়ে পুনৰবাৰ দুৰ্ভোগ ভুগিব লগীয়া হয়৷ উল্লেখ্য, বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আগন্তক ১৭ মে’লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যত বাণী কৰিছে৷ মনকৰিব লগীয়া যে নতুনকৈ শপত গ্ৰহণ কৰা মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদসকলে মহাগীৰৰ কৃত্ৰিমবান ৰোধৰ ক্ষেত্ৰত এইবাৰ কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব৷