Logo
image

নিযুক্তিৰ স্বচ্ছতাই আনিব আৰ্থ-সামাজিক পৰিৱৰ্তন

সদ্যঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদকে ধৰি গৃহ, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, স্বাস্থ্য, কৃষি, পৰিৱেশ-বন, লোকনিৰ্মাণ, খনি, শ্ৰমিক কল্যাণ বিভাগত মেধা আৰু যোগ্যতাৰ আধাৰত স্বচ্ছতাৰে কেইবা হাজাৰো যুৱক-যুৱতীয়ে নিযুক্তি লাভৰ পাছত চাকৰি প্ৰাৰ্থীসকলৰ লগতে পৰিয়ালবৰ্গৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে৷ সাধাৰণতে অসমৰ দৃশ্য-শ্ৰব্য আৰু ছপা মাধ্যমে হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰা বা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ সাক্ষাৎকাৰ সবিস্তাৰে প্ৰচাৰ কৰে৷ লগতে তেওঁলোকৰ পিতৃ-মাতৃ, শিক্ষকসকলকো সেই সময়ত সংবাদ মাধ্যমে বিশেষ গুৰুত্ব আৰোপ কৰে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগ হোৱাৰ লগে লগে শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰা সকলক লৈ সংবাদ মাধ্যমৰ যি উৎসাহ হয়তো সেয়া অন্ত পৰিব, কিয়নো ষ্টেণ্ড কৰাৰ ব্যৱস্থাটোৰে বিলুপ্ত হোৱাৰ দিশে আগবাঢ়িছে৷ হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফলৰ সময়ৰ দৰে এ বিশেষকৈ গ্ৰামাঞ্চলৰ অসংখ্য যুৱক-যুৱতীয়ে নিজৰ শাৰীৰিক দক্ষতা, মেধাৰ জোৰত এটকা পইচাক আনন্দ-উল্লাসৰ পৰিৱেশ এইবাৰ অসমত সৃষ্টি হৈছে আৰক্ষীৰ বিভিন্ন পদৰ বাবে ঘোষিত ফলাফলৰ পাছত৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘোচ নিদিয়াকৈ আৰক্ষীৰ চাকৰিৰ বাবে নিৰ্বাচিত হৈছে৷ দিন হাজিৰা কৰা শ্ৰমিক, দুখীয়া কৃষক, ঠেলা চলোৱা লোকৰ পৰা বিভিন্ন শ্ৰমজীৱী লোকৰ সন্তানে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰতিশ্ৰুতি অনুসৰি নিজৰ প্ৰতিভাৰ বাবে চাকৰি লাভ কৰা কাৰ্য এক ব্যতিক্ৰমী ঘটনাৰূপে পৰিগণিত হৈছে৷ উল্লেখ্য শেহতীয়াকৈ আৰক্ষী উপ-পৰিদৰ্শক, শিক্ষক পদ আৰু অন্যান্য পদ, কাৰিকৰী পদত নিযুক্তি লাভ কৰা সকলেও কোনো বক্ৰ পথৰ আশ্ৰয় নোলোৱাকৈ নিযুক্তি লাভ কৰাৰ পাছত নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ মাজত আশাৰ সঞ্চাৰ সৃষ্টি হৈছিল৷ সেই মৰ্মে বিশেষকৈ গাঁৱে-ভূঞে ৰাজ্যৰ বিভিন্ন স্থানত পৰিলক্ষিত হৈছিল যুৱক-যুৱতীসকলৰ ধাৰাবাহিক শাৰীৰিক অনুশীলন, লিখিত পৰীক্ষাৰ বাবে অধ্যয়নৰ প্ৰস্তুতি৷ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া সঁকাইখঙীয়া আৰু তাৰ সমীপৱৰ্তী দুখন গাঁৱৰ জ্ঝজন সদ্যঘোষিত আৰক্ষী চাকৰিৰ বাবে নিৰ্বাচিত হৈছে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে উক্ত গাঁও কেইখনৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সন্তানসকলক উৎসাহিত কৰে৷ বিভিন্ন চাকৰিৰ বাবে কোনো ৰাজহুৱা স্থানত একত্ৰিত হৈ কৰে কঠোৰ অনুশীলন৷ হোৱাটছএপ আৰু আন সামাজিক মাধ্যমৰ যোগেদি গ্ৰুপ কৰি বিভিন্ন প্ৰশ্নোত্তৰ আদান-প্ৰদান কৰে৷ তদুপৰি প্ৰতি সপ্তাহত তেওঁলোকে ম’কটেষ্ট কৰে৷ অনুশীলনৰ বাবে খেলপথাৰ নোহোৱাৰ হেঁতু তেওঁলোকে অনুশীলন কৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত৷ সঁকাইখঙীয়াৰ দৰে ৰাজ্যৰ বহু জিলাৰ গ্ৰামাঞ্চলৰ অনেক যুৱক-যুৱতীয়ে এনেদৰে কঠোৰ পৰিশ্ৰম, অনুশীলন, অধ্যাৱসায়, দৃঢ়তা প্ৰদৰ্শন কৰি কোনো উৎকোচ নিদিয়াকৈ চাকৰি লাভ কৰাটো ৰাজ্যখনৰ বাবে এক শুভলক্ষণ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি সম্প্ৰতি অসমত পুনৰ আলফালৈ যোগদানৰ বাবে এচাম শিক্ষিত যুৱক-যুৱতী ঢাপলি মেলিছে৷ আলফাৰ সৈতে শান্তি আলোচনাৰ বাবে বিভিন্ন উদ্যোগ অব্যাহত থকাৰ সময়তে অধ্যয়নৰত যুৱক-যুৱতী, খেলুৱৈ, সমাজকৰ্মীৰ পৰা ডক্টৰেট ডিগ্ৰীধাৰীলৈকে ব্যক্তিয়ে উগ্ৰপন্থী সংগঠনটোত যোগদান কৰাৰ কাৰণ নিযুক্তিহীনতা, হতাশাগ্ৰস্ততা, সাম্প্ৰতিক আৰ্থ-সামাজিক অৱক্ষয় আদিকেই বিভিন্ন পক্ষই ঠাৱৰ কৰিছে৷ এচাম যুৱক-যুৱতীয়ে এনে চিন্তাৰ দ্বাৰা আকৃষ্ট হৈ নিজৰ জীৱনক তুচ্ছ কৰি অৰণ্যলৈ এক অনিশ্চিত জীৱনৰ বাবে ধাবমান হোৱাৰ সময়ত অন্য এচামে দৰিদ্ৰতা বা আন আন সমস্যাৰে জৰ্জৰিত হোৱা সত্ত্বেও জীৱন যুঁজত অৱতীৰ্ণ হোৱাৰ এক সবল মানসিকতা প্ৰদৰ্শন কৰিছে৷ কাজেই এনে ঘটনাৰ বাবে বহু অভিভাৱক দুঃচিন্তাত পৰিছে আৰু জীৱন যুঁজত অৱতীৰ্ণ হৈ আশাৰ বাট বিচৰা এচামে পিতৃ-মাতৃ, পৰিয়াল আৰু সমাজক সকাহ দিবলৈ সক্ষম হৈছে৷ নিযুক্তিত স্বচ্ছতা, মেধাক গুৰুত্ব দিয়া আদিয়ে যোগ্যজনৰ বাবে দুৱাৰ মুকলি কৰে৷ এনেবোৰ কথাই দুৰ্নীতি-অনিয়ম ৰোধ কৰাৰ ক্ষেত্ৰতো বহু পৰিমাণে ইন্ধন যোগায়৷ এপিএছচি, গ্ৰামোন্নয়ন, সমাজ কল্যাণ, আৰক্ষী বিভাগ, জলসিঞ্চন, বিদ্যুৎ বিভাগ আদিৰ চাকৰিত হোৱা অবাধ দুৰ্নীতিৰ তদন্ত এতিয়াও অন্ত পৰা নাই৷ যোৱা বিজেপি চৰকাৰৰ আমোলতে এই বিভাগসমূহত নিযুক্তি প্ৰক্ৰিয়াৰ বিয়াগোম দুৰ্নীতি সংঘটিত হৈছিল৷ ডিআইজি, এছ পি পৰ্যায়ৰ বিষয়াই নিযুক্তি কেলেংকাৰিত জড়িত হৈ অসম আৰক্ষীৰ ভাবমূৰ্তিক অৱনমিত কৰিলে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন  বিজেপি চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ স্বচ্ছ, নিকা কৰাৰ বাবে লোৱা সৱল ভূমিকাই এক সুদূৰপ্ৰসাৰী পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা আছে৷ চৰকাৰী চাকৰি এক সুদূৰপৰাহত বুলি ভাবি থকা সকলকো নিযুক্তিৰ স্বচ্ছতাই আগ্ৰহী কৰি তুলিব৷ মুঠতে নিযুক্তিৰ স্বচ্ছতাই অসমৰ সামাজিক ব্যৱস্থা, প্ৰশাসনিক কাম-কাজ সকলোতে যোগাত্মক পৰিৱৰ্তন সাধিব৷ চাকৰিৰ লগতে অফিচ-কাৰ্যালয়ৰ দুৰ্নীতি-অনিয়ম ৰোধৰ ক্ষেত্ৰতো চৰকাৰ কঠোৰ হোৱাটো প্ৰয়োজন৷ বিভিন্ন প্ৰকাৰে, বিভিন্ন ধৰণে অসমৰ প্ৰতিটো কাৰ্যালয়তে এতিয়াও দুৰ্নীতিৰ পয়োভৰ৷ এই ক্ষেত্ৰত সফল হ’লেহে ৰাইজে চৰকাৰক সাধুবাদ দিব৷