Logo
image

এই মুখ্যমন্ত্ৰীৰে নিৰ্বাচনত জিকিব নোৱাৰিব! ৰিপ’ৰ্টৰ ভিত্তিতে অপসাৰিত বিপ্লৱ

আমাৰ অসম, ১৬ মে’: অকৰ্মণ্য মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক  আগতীয়াকৈ অপসাৰণ কৰি দহমাহৰ পাছত হ’বলগীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে গ্ৰহণ কৰা বিজেপিৰ ৰণকৌশলে আৰম্ভণিতেই উজুটি  খাইছে৷ কিয়নো বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনত মুখ্যমন্ত্ৰী সাল-সলনি কৰি ডাঃ মাণিক  সাহাক দায়িত্ব দিলেও ৰাজ্য বিজেপি আৰু বিধায়িনী দলৰ বৃহৎসংখ্যক সদস্যই এই ঘটনাক জাপি দিয়া সিদ্ধান্ত বুলি মানি ল’বলৈ টান পাইছে৷ কেৱল টান পোৱাই নহয়, কালিলৈকে উপ-মুখ্যমন্ত্ৰী হৈ থকা জিষ্ণু দেৱবাৰ্মা আৰু শনিবাৰে নতুন নেতা নিৰ্বাচন কৰিবলগীয়া বিধায়িনী দলৰ বৈঠকত মাৰপিট কৰা বিধায়ক ৰামপ্ৰসাদ পালকে ধৰি কেইবাজনো বিধায়ক দেওবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অনুপস্থিত থাকি বিদ্ৰোহ প্ৰকট কৰি তোলে৷ যোৱা মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা ত্ৰিপুৰাৰ পৰিচিত দন্ত চিকিৎসক অথচ অনভিজ্ঞ ৰাজনীতিক ডাঃ মাণিক সাহাই দেওবাৰে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ কেন্দ্ৰীয় নেতৃত্বই হঠাতে কৰা সাল-সলনি আৰু অভিজ্ঞতা নথকা ৰাজনীতিক মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ বিষয়টোত ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিয়ে চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু শীৰ্ষ নেতৃত্বৰ জাপি দিয়া সিদ্ধান্ত মানি ল’বলৈ অমান্তি হৈছে৷ ফলত চাৰিবছৰ পূৰ্বে চৰকাৰ গঠন কৰা ত্ৰিপুৰাৰ বিজেপিত ভাঙোন ধৰিছে৷ আশংকা কৰা হৈছে অকৰ্মণ্য মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অপসাৰণ কৰি ৰাজ্যখনত নতুন মুখ্যমন্ত্ৰী নিয়োগ কৰাৰ এই সিদ্ধান্ত বিজেপিৰ বাবে বুমেৰাংস্বৰূপ হৈ পৰিব পাৰে৷ কিয়নো পূৰ্বৰ চৰকাৰৰ বাওঁপন্থী দলে এতিয়াও ৰাজ্যত শক্তি হেৰুওৱা নাই৷ আন এক শক্তি হিচাপে আছে কংগ্ৰেছো৷ তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰাত চমকপ্ৰদ উত্থান ঘটিছে৷ এনে পৰিস্থিতিত যদি শাসনাধিষ্ঠিত বিজেপিত সঁচাকৈয়ে বিভাজন ঘটে তেন্তে নিৰ্বাচনলৈ দহমাহ বাকী থকা অৱস্থাত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এই সিদ্ধান্ত হিতে বিপৰীত হ’ব৷ 

বিজেপিৰ কেন্দ্ৰীয় কমিটীৰ নিজস্ব সমীক্ষাৰ পাছতে বিপ্লৱ দেৱক কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ আসনৰ পৰা জৰুৰীভাৱে অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছিল৷ দলৰ আভ্যন্তৰীণ সমীক্ষাত দেখা গৈছিল, বিপ্লৱ দেৱক সন্মুখত লৈ পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’লে বিজেপিয়ে ক্ষমতা ধৰি ৰাখিবলৈ সক্ষম নহ’ব৷ ৰাজ্যবাসীৰ ওচৰত মুঠেই গ্ৰহণযোগ্য নোহোৱা বিপ্লৱ দেৱে মুখ্যমন্ত্ৰী হিচাপে যোৱা চাৰি বছৰত আনকি সতীৰ্থ মন্ত্ৰী তথা বিধায়কৰো আস্থা অৰ্জন কৰিব নোৱাৰিলে৷ তেওঁৰ সৈতে সংঘাতৰ বাবে জ্যেষ্ঠ মন্ত্ৰী সুদীপ ৰয় বৰ্মনে মন্ত্ৰিত্ব আৰু দল ত্যাগ কৰি আন এজন বিধায়ক আশিস কুমাৰ সাহাৰ সৈতে কংগ্ৰেছত যোগদান কৰিছে৷ দলৰ মন্ত্ৰী-বিধায়ক সকলোৱেই বিপ্লৱ দেৱৰ কাৰ্যকলাপত চূড়ান্তভাৱে অসন্তুষ্ট আছিল৷ তদুপৰি বিভিন্ন বিতৰ্কিত মন্তব্যৰে বিপ্লৱ দেৱে কেন্দ্ৰীয় নেতৃত্বক যোৱা চাৰিবছৰ অস্বস্তিত পেলাই আহিছিল৷ এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠাত বিপ্লৱ দেৱে আগৰতলাৰ খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি তেওঁ মুখ্যমন্ত্ৰীৰ পদবীত থাকিব নে নাথাকে সেয়া ঠিৰাং কৰিবলৈ গণভোটৰ আয়োজন কৰিছিল৷  বিজেপিৰ শীৰ্ষ নেতৃত্বই গালি-শপনি পাৰি সেই গণভোট বন্ধ কৰাৰ লগতে তেওঁক কৈছিল– ভাৰতীয় সংবিধানত নিৰ্বাচিত চৰকাৰৰ ক্ষেত্ৰত গণভোটৰ এনে ব্যৱস্থা নাই৷  তদুপৰি তেওঁ হাঁহে অক্সিজেন দিয়ে, গৰুৰ গাখীৰ বিক্ৰী কৰি দহ লাখকৈ টকা উপাৰ্জন কৰিব পাৰি, মহাভাৰতৰ যুগত ইণ্টাৰনেট থকা বুলি বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰিছিল৷  এসময়ৰ জিমৰ ইনষ্ট˜াকটৰ বিপ্লৱ দেৱ যে মুখ্যমন্ত্ৰী হিচাপে যোগ্য নহয়, এজন অকৰ্মণ্যহে সেয়া উপলব্ধি কৰিয়েই সমীক্ষাৰ অন্তত শীৰ্ষ নেতৃত্বই তেওঁক এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পদবীৰ পৰা গাদীচ্যুৎ কৰিছিল৷ 

পিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই এই সিদ্ধান্ত লৈয়ো শেষৰক্ষা কৰিব নোৱাৰিব বুলি আশংকা কৰা হৈছে ঘাইকৈ দলৰ ভিতৰত সৃষ্টি হোৱা সংঘাতৰ বাবে৷ বিজেপিশাসিত চৰকাৰত মুখ্যমন্ত্ৰী সাল-সলনি কৰাটো নতুন নহয়৷ গুজৰাট, উত্তৰাখণ্ড, কৰ্ণাটক ইত্যাদি ৰাজ্যত পাঁচ বছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী সাল-সলনি কৰাৰ উদাহৰণ আছে৷ অসমতো পাঁচ বছৰৰ অন্তত সফল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আঁতৰাইছিল বিজেপিয়ে৷ এই সকলো ৰাজ্যত মসৃণভাৱে মুখ্যমন্ত্ৰী সাল-সলনি কাৰ্য সম্পন্ন হ’লেও ত্ৰিপুৰাত সাল-সলনিয়ে সংঘাতৰ সৃষ্টি কৰিছে৷ শনিবাৰে নতুন নেতা বাছনি কৰা বৈঠকত নতুন মুখ্যমন্ত্ৰীৰূপে ডাঃ মাণিক সাহাক  নিৰ্বাচন কৰিব লাগে বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই দিয়া নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰি বিধায়ক ৰামপ্ৰসাদ পালে চিঞৰবাখৰ কৰাই নহয়, চকী ভাঙি সতীৰ্থ বিধায়কক মাৰপিট কৰিছিল৷ দেওবাৰৰ শপত গ্ৰহণত তেওঁ আৰু উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাসহ কেইবাজনো বিধায়ক অনুপস্থিত থাকি ৰাজ্যিক বিজেপিত বিদ্ৰোহৰ সূচনা কৰিছে৷ এনে পৰিস্থিতিত নিৰ্বাচনলৈ দহমাহ থকা অৱস্থাত বিজেপিৰ শীৰ্ষ নেতৃত্বই অন্তৰ্কন্দল মিতমাত নে নিৰ্বাচনৰ বাবে সাজু হৈ একেলগে জপিয়াই পৰিব সেই প্ৰশ্নই দলটোক আমনি কৰিছে৷ স্বাভাৱিকতে ত্ৰিপুৰাত নতুনকৈ উজ্জীৱিত হোৱা তৃণমূল কংগ্ৰেছে শাসনাধিষ্ঠিত দলৰ সংঘাতত উৎফুল্লিত হৈ কটাক্ষ বান এৰিছে৷ অৱশ্যে কঠোৰ দলীয় শৃংখলা থকা বিজেপিয়ে এই দলীয় সংঘাত কঠোৰ হাতেৰেই দমন কৰিব বুলি দলটোৰ একাংশই আশা প্ৰকাশ কৰিছে৷