Logo
image

বিষ্ণই মেঘালয়ৰ নতুন ডিজিপি

আমাৰ অসম, ১৭ মে’: মেঘালয়ৰ নতুন ডিজিপি ডাঃ এল আৰ বিষ্ণই৷ অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া ডাঃ এল আৰ বিষ্ণয়ক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে সোমবাৰে নিযুক্তি দিয়া হয়৷ আই পি এছ বিষয়া ডাঃ বিষ্ণয়ে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছিল৷ ১৯৯১ চনৰ আই পি এছ ডাঃ  বিষ্ণয়ে সন্ত্ৰাসজৰ্জৰ বি টি এ ডি এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ দায়িত্বত আছিল৷ বি টি এ ডি এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত বিচক্ষণতাৰে দায়িত্ব পালন কৰা এইজন শীৰ্ষ আৰক্ষী বিষয়াই অসম আৰক্ষীতো সুদীৰ্ঘ সময়জুৰি সেৱা আগবঢ়াই আহিছে৷ উল্লেখ্য, মেঘালয়ৰ ডিজিপি পদৰ বাবে ডাঃ এল আৰ বিষ্ণইৰ উপৰি অসম -মেঘালয় কেডাৰৰ আই পি এছ বিষয়া তথা অসমত কৰ্মৰত মুকেশ আগৰৱাল, আৰু কে ভি সিংদেউক ইউপিএছ চিয়ে বিগত ৯ ফেব্ৰুৱাৰীত বাছনি কৰিছিল৷ অৱশ্যে এই বাছনিৰ তিনি মাহৰ অন্তত অৱশেষত সোমবাৰে অৱশেষত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আই পি এছ বিষয়া এল আৰ বিষ্ণইক ৰাজ্যখনৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিয়ে৷