Logo
image

বোকা-মাটিয়ে পুতি পেলাইছে হাফলং

উদ্ধাৰকাৰ্য নিৰীক্ষণ কৰিবলৈ গৈ পথতে আবদ্ধ মন্ত্ৰী মহন

আমাৰ অসম, ১৭ মে’: প্ৰকৃতিৰ ৰাণী সেউজ হাফলং এতিয়া যেন ধবংসস্তুপত৷ ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূবৰ ছুইজাৰলেণ্ড হিচাপে খ্যাত হাফলঙত আজিও অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ পাহাৰীয়া ডিমা হাচাও জিলাত এতিয়া যেনিয়ে চোৱা যায় সকলোতে ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা ধবংসস্তুপ আৰু ৰঙচুৱা বোকা মাটিয়ে পুতি পেলোৱা দৃশ্যহে চকুৰ সন্মুখত ভাহি উঠে৷ এক কথা হাফলঙৰ সৈতে স্থলপথ আৰু ৰে’ল পথৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ প্ৰকৃতিৰ মনোমোহা পৰিৱেশ বিৰাজমান তথা পৰ্যটকসকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ নিউ হাউলং ৰে’ল ষ্টেচনটো সম্প্ৰতি বোকা মাটিৰে পুতি পেলাইছে৷ আনকি পাহাৰৰ পৰা নামি অহা পানীৰ ঢল আৰু বোকাই ষ্টেচনটোত ৰখাই থোৱা এখন ৰে’ল ইতিমধ্যে ৰে’ল লাইনৰ পৰা বগৰাই পেলাইছে৷ ষ্টেচনটোত ৰে’ল লাইন বুলি কোনো যেন অস্তিত্ব নাই৷ কিয়নো বোকা মাটিয়ে পুতি পেলাইছে ষ্টেচনৰ ৰে’ল চিৰিসমূহ৷ আনকি প্ৰকৃতিৰ এই ৰুষ্ট ৰূপৰ পাছত ৰে’ল কতৃৰ্পক্ষ আৰু প্ৰশাসনো অসহায় হৈ পৰিছে৷ ইপিনে গুৱাহাটী-শিলচৰ যাত্ৰাৰত দুখন ৰে’ল নিউ হাফলং ষ্টেচন আৰু ডিটেকচৰা ষ্টেচনত আৱদ্ধ হৈ পৰা সহস্ৰাধিক যাত্ৰীক ইতিমধ্যে উদ্ধাৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ একাংশ যাত্ৰীক পুনৰ ৰে’ল-বাছেৰে শিলচৰলৈ উভটাই নিয়াৰ বিপৰীতে আন ডেৰ শতাধিক যাত্ৰীক ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰে প্ৰশাসনে৷ ইপিনে আছাম ৰাইফলছেও আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰৰ বাবে নামি পৰাৰ লগতে বিশেষ বাছৰ ব্যৱস্থা কৰিছে৷ লক্ষণীয়ভাৱে শিলচৰ-হাফলং ৰে’ল লাইনৰ বিভিন্ন স্থানত ভূমিস্খলন হোৱাত কতৃৰ্পক্ষই মেৰামতিৰ আৰম্ভ কৰিছে যদিও প্ৰতিকূল বতৰৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই৷ কোনো কোনো স্থানত ৰে’ল লাইনৰ ২০-৩০ মিটাৰ পৰ্যন্ত খহাই নিয়াত কেৱল ৰে’ল চিৰি দুটাহে ওলমি থকা দেখা গৈছে৷ আনকি ৰে’ল লাইনৰ দলঙৰ সংযোগ স্থানত ভূমিস্খলনে ক্ষতিগ্ৰস্ত কৰিছে সমগ্ৰ ৰে’ল পথ৷ ডিমা হাচাওৰ পাহাৰ লাইনৰ দাওটোহাজা আৰু ফাইডিং ষ্টেচনৰ মাজতে ৭৭/৩-৪ কিলোমিটাৰ অংশত প্ৰায় ১০০ মিটাৰ এলেকা জুৰি ৰে’ল লাইনৰ তলৰ পৰা মাটি খহি পৰে, যাৰ বাবে এই এলেকাত ৰে’ল লাইন এতিয়া ওলমি ৰৈছে৷ উল্লেখ্য, বিগত কেইবাদিনো ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনৰ ৰে’ল যাত্ৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ডিমা হাচাও জিলালৈ ৰে’লৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ডিমা হাচাওতেই ৰাজ্যৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ বৰষুণ হৈছে৷ ইপিনে ডিমা হাচাওত আৱদ্ধ লোকসকলক উদ্ধাৰ কাৰ্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী যোগেন মহনে সোমবাৰে মাইবঙত উপস্থিত হয় যদিও যাত্ৰাপথতে ভূমিস্খলনৰ বাবে বহুসময় ধৰি আৱদ্ধ হৈ পৰিছিল মন্ত্ৰীজন৷ ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’লসেৱা বন্ধ হৈ পৰাৰ পাছতে এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ হাফলং-জাতিংগা ঘাইপথৰূ সম্পূৰ্ণপে বন্ধ হৈ যোৱাৰ ফলত পাহাৰীয়া জিলাৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ যাৰ ফলত এতিয়া ডিমা হাছাও জিলাত খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷ ইপিনে হাফলং চহৰৰ ফিছাৰী কলনিত গোপাল বাটাৰি নামৰ এক ব্যক্তিৰ বাসগৃহ ভূমিস্খলনৰ ফলত সম্পূৰ্ণ মাটিৰ তলত সোমাই পৰে৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে লোকজনৰ পৰিয়ালৰ লোক৷ আনহাতে, লামডিং-শিলচৰ পাহাৰ লাইনৰ ডিটেকচৰা ষ্টেচনত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখনত আবদ্ধ হৈ থকা ১৯৯জন যাত্ৰীক দেওবাৰে বিয়লিৰ ভাগত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি শিলচৰলৈ যায়৷ আবদ্ধ হৈ থকা লোকসকলৰ মাজত অধিকাংশ মহিলা আৰু শিশু আছিল বুলি জানিব পৰা গৈছে৷ বাকী আবদ্ধ হৈ থকা ৰে’লযাত্ৰীসকলক শিলচৰ পৰা অন্য এখন ৰে’লেৰে বান্দৰখাল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি শিলচৰলৈ লৈ যোৱা হয় বুলি জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে৷

মাইবাঙত এটা পৰিয়ালৰ ৭জনৰ কথমপি প্ৰাণৰক্ষা

ডিমা হাচাওত বিগত ৭টা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগ আজিও অব্যাহত আছে৷ কালি নিশাৰে পৰা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত আজি ধলপুৱাতে পাহাৰীয়া মাহুৰ নৈ ফেনে-ফুটুকাৰে বাঢ়ি আহি মাইবাঙত ব্যাপক ধবংসলীলাৰ সৃষ্টি কৰে৷ অকস্মাতে পাহাৰীয়া নৈখনত অহা বানৰ ধলে সমগ্ৰ অঞ্চলটোত বিভীষিকাৰ সৃষ্টি কৰে৷ মাইবাঙত পুৱা বিছনাৰ পৰা শুই উঠাৰ পূৰ্বেই পাহাৰীয়া নৈখনৰ এনে তাণ্ডৱৰ সন্মুখীন হোৱা নৈপৰীয়া ১৭টা বাসগৃহ নৈখনে নিমিষতে উটুৱাই নিলে৷ আনহাতে, এই প্লাৱনত এটা পৰিয়ালৰ ৭জন লোক বানত আবদ্ধ হৈ পৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে আটাইকেইজন  লোকৰ৷ ইয়াৰ পাছতেই নদীখনে মাইবাঙৰ আন এঠাইত ৮টা বাসগৃহ সম্পূৰ্ণৰূপে উটুৱাই নিয়ে৷ পুৱাই সৰু চহৰ মাইবাঙত চলোৱা মাহুৰ নদীৰ এই তাণ্ডৱ কোনো কালে নেদেখা স্থানীয় লোকে হতভম্ব হৈ পৰে৷ উল্লেখ্য যে, জিলাখনৰ এই তাণ্ডৱৰ বাতৰি লাভ কৰাৰ লগে লগে পাৰ্বত্য এলেকা উন্নয়নমন্ত্ৰী যোগেন মহন মাইবাঙলৈ আহে৷ মন্ত্ৰীজনে মাইবাঙত উপস্থিত হৈ স্থানীয় বিধায়ক নন্দিতা গাৰ্লোছাৰ সৈতে বানে চলোৱা তাণ্ডৱৰ পৰ্যবেক্ষণ কৰে৷ মন্ত্ৰীজনে বান আৰু খহনীয়া আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ চাক্ষুষ বুজ লয়৷ মন্ত্ৰীজনে স্থানীয় বিধায়ক আৰু মহকুমাধিপতি পল্লৱ মজুমদাৰক বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অতিশীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ  লগতে তেওঁলোকৰ বাবে এটা আশ্ৰয় শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰিবলৈও যায়৷ বানৰ ফলত গৃহহীন হৈ পৰা পৰিয়ালকেইটাক অতিশীঘ্ৰে অসম চৰকাৰ আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা   সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীজনে৷ আনহাতে, মন্ত্ৰীজনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্তা আৰু গড়কাপ্টানী বিভাগৰ অভিযন্তাক অতিশীঘ্ৰে লামডিং-হাফলং পথছোৱা মুকলি কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ উল্লেখ্য যে, বিভিন্ন স্থানত পথৰ ওপৰত হোৱা ভূমিস্খলন ফলত মাইবাঙৰ পৰা হাফলঙলৈ যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে৷ বৃষ্টিপাত যদি বন্ধ নহয় তেনেহ’লে আগন্তুক ২৪ ঘণ্টাত জিলাখনত পৰিস্থিতি অধিক বেয়াৰ পিনে ঢাল খোৱাৰ সম্ভাৱনাই অধিক৷