Logo
image

মৃত্যু আসন্ন! পুটিনৰ ব্লাড কেন্সাৰক লৈ পশ্চিমৰ মিডিয়াত চৰ্চা

আমাৰ অসম, ১৭ মে’: ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা প্ৰায় তিনিমাহ হ’বৰ হ’ল৷ এতিয়াও এই যুদ্ধৰ কোনো চয়-নিচয় নহ’ল৷ স্বৰূপাৰ্থতে গেথেলা মাৰিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই৷ ঘাইকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনৰ জটিল ৰোগৰ বাবেই এই যুদ্ধৰ আৰম্ভণি আৰু স্থবিৰতাই বিৰাজ কৰা বুলি পশ্চিমৰ মিডিয়াই ব্যাপক চৰ্চা কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত ৰুছ মিডিয়া সম্পূৰ্ণ নীৰৱ৷ পশ্চিমৰ মিডিয়াৰ দাবী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি জটিল৷ আন একাংশৰ মতে, পুটিনে থাইৰইডৰ কৰ্কট ৰোগত ভুগিছে৷ অৱশ্যে দুয়োবিধ ৰোগৰ কথা অস্বীকাৰ কৰি পশ্চিমৰে আন একাংশ সংবাদ মাধ্যমৰ দাবী পাৰ্কিনচন ৰোগত ভুগি আছে পুটিনে৷ ৰোগ যিয়েই নহওক, পশ্চিমৰ সংবাদ মাধ্যমৰ মতে পুটিনৰ স্বাস্থ্যৰ অৱস্থা এতিয়া অতি জটিল৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাছিয়াৰ এজন ধনকুবেৰে পশ্চিমৰ মিডিয়াত দিয়া সাক্ষাৎকাৰত পুটিনে ৰক্তৰ কৰ্কট ৰোগত ভোগা বুলি মুকলিভাৱে দাবী কৰিছে৷ সেই দাবীক উদ্ধৃত কৰি এজন ব্ৰিটিছ গুপ্তচৰে কৈছে যে, পুটিন জটিল ৰোগত আক্ৰান্ত হোৱাৰ সৈতে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ আৰু যুদ্ধখন স্থবিৰ হৈ পৰাৰ গভীৰ সংযোগ আছে৷ ক্ৰিষ্টোফাৰ ষ্টেলি নামৰ এই ব্ৰিটিছ গুপ্তচৰজনে দাবী কৰিছে– পুটিনৰ শাৰীৰিক অৱস্থা সম্প্ৰতি অতি সংকটজনক৷ ৰুছ সূত্ৰৰ পৰা তেওঁ একেৰাহে পাই থকা খবৰৰ ওপৰত ভিত্তি কৰি এই দাবী কৰা বুলি মন্তব্য কৰিছে৷ ষ্টেলিৰ মতে ৰোগাক্ৰান্ত হৈ পৰাৰ ফলতে নিজৰ জীৱন কালত কেইটামান কৰিবলগীয়া কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিছিল৷ কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পাছত তেওঁৰ ৰোগে জটিল ৰূপ ধাৰণ কৰাত পূৰ্ব পৰিকল্পনা অনুসৰি সকলো কাম আগবঢ়াব নোৱৰাৰ বাবে এতিয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধ স্থবিৰ হৈ পৰিছে৷ ৰাছিয়াৰ ধনকুবেৰজনে এজন সাংবাদিকক পুটিন সন্দৰ্ভত অনেক গোপন কথা আৰু তেওঁৰ ৰোগাক্ৰান্ত শৰীৰৰ জটিলতাৰ কথা কোৱাৰ এটা অ’ডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে৷ ঘাইকৈ এই ৰুছ ধনকুবেৰ আৰু ব্ৰিটিছ গুপ্তচৰ ষ্টেলিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰিয়েই পশ্চিমৰ মিডিয়াই পুটিনৰ জটিল স্বাস্থ্যৰ বিষয়ে ব্যাপক চৰ্চা আৰম্ভ কৰিছে৷