ভাৰতৰ বেডমিণ্টনৰ উত্থান
দেশবাসী অভাৱনীয় মূল্যবৃদ্ধি আৰু প্ৰতিকূল পৰিৱেশৰ সৈতে যুঁজ দি থাকিবলগীয়া হোৱা সময়তে আহিল এটা সুখবৰ, যিটো খবৰ সম্প্ৰতি সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে৷ চৈধ্যবাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি বেডমিণ্টনৰ বিশ্বকাপ হিচাপে বিবেচিত থমাছ কাপ জয় কৰি ইতিহাস গঢ়িছে ভাৰতীয় পুৰুষ বেডমিণ্টন দলটোৱে৷ নিঃসন্দেহে এই সাফল্যই ভাৰতীয় বেডমিণ্টনক সফলতাৰ নতুন শিখৰত উপনীত কৰালে৷ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে ভাৰতে কোৱাৰ্টাৰ ফাইনেলত পাঁচবাৰৰ চেম্পিয়ন মালয়েছিয়াক আৰু ছেমিফাইনেলত ডেনমাৰ্কক পৰাস্ত কৰিছিল৷ ১৯৪৯ চনৰ পৰা আৰম্ভ হোৱা থমাছ কাপত ভাৰতে কেৱল ১৩বাৰহে যোগ্যতা অৰ্জন কৰিছে আৰু এইবাৰৰ টুৰ্নামেণ্টখনৰ আগলৈ দলটো ১৯৫২, ১৯৫৫ আৰু ১৯৭৯ চনত ছেমিফাইনেলপৰ্যন্ত উন্নীত হৈছিল৷ ভাৰতৰ পূৰ্বে থমাছ কাপৰ খিতাপ জয় কৰা দেশকেইখন হৈছে মালয়েছিয়া, ইণ্ডোনেছিয়া, চীন, জাপান আৰু ডেনমাৰ্ক৷ ভাৰতীয় মহিলা দলটোৱে উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যাহ্বান সামৰাৰ পাছত সকলোৰে দৃষ্টি আছিল পুৰুষ দলেটোৰ ওপৰত৷ ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছিল টুৰ্নামেণ্টখনৰ ইতিহাসৰ সফলতম দলটোৰ বিৰুদ্ধে৷ সকলোকে আচৰিত কৰি একপক্ষীয় ফাইনেলখনত ভাৰতীয় দলটো জয়ী হয় ৩-০ ব্যৱধানত৷
ভাৰতীয় বেডমিণ্টনৰ এই উত্থানৰ বহুখিনি কৃতিত্ব দিয়া হৈছে ২০০১ চনত অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা পুল্লেলা গোপীচান্দক৷ খেলি থকা সময়ৰ পৰাই এখন বেডমিণ্টন একাডেমী আৰম্ভ কৰাৰ সপোন আছিল৷ সেই সপোনক বাস্তৱ ৰূপ দি তেওঁ বেংগালুৰুত আৰম্ভ কৰিছিল গো দেশৰ ক্ৰীড়াপীচান্দ বেডমিণ্টন একাডেমী৷ কিন্তু আৰম্ভণিতে কামটো আছিল যথেষ্ট কঠিন৷ সেই সময়ত বেডমিণ্টনক লৈপ্ৰেমীৰ মনত বিশেষ আগ্ৰহ নাছিল৷ প্ৰথমে ফুটবল আৰু হকী, আৰু তাৰ পাছত একচেটীয়া আধিপত্য আছিল ক্ৰিকেটৰ৷ কামটো কঠিন হ’লেও আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত সঞ্চয় কৰা প্ৰচুৰ অভিজ্ঞতাৰে গোপীচান্দে বুজি উঠিছিল ভাৰতীয় বেডমিণ্টনক আধুনিক ৰূপ দিবলৈ কি কৰ্মপন্থাৰ প্ৰয়োজন৷ সেইদৰেই তেওঁ বিশ্বমানৰ সকলো সুবিধা থকা একাডেমী এখন গঢ়ি তুলিছিল৷ দেশৰ বৰ্তমানৰ বহুকেইগৰাকী আগশাৰীৰ খেলুৱৈ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত, পৰুপল্লী কাশ্যপ, এইচ এছ প্ৰণয়, সমীৰ বাৰ্মা আদি গোপীচান্দৰ একাডেমীৰে সুফল৷ থমাছ কাপত ভাৰতে লাভ কৰা সাফল্যই গোপীচান্দৰো উৎসাহ নিশ্চয় দুগুণ বৃদ্ধি কৰিব৷ ভাৰতীয় বেডমিণ্টনলৈ আৰু অধিক সফলতা আনিবলৈ হ’লে দেশখনত প্ৰয়োজন গোপীচান্দ একাডেমীসদৃশ আৰু কেইখনমান বেডমিণ্টন একাডেমীৰ৷ এইক্ষেত্ৰত চৰকাৰৰ লগতে ভাৰতীয় বেডমিণ্টন সন্থাৰো কৰণীয় আছে৷ থমাছ কাপৰ সফলতাৰ পাছত হয়তো ভাৰতীয় বেডমিণ্টনত ধন বিনিয়োগৰ বাবে আগ্ৰহী হ’ব আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ আৰু সেয়া সম্ভৱ হ’লে ভাৰতীয় বেডমিণ্টনৰ বাবে হ’ব উৎসাহৰ বিষয়৷
থমাছ কাপ জয়ৰ পাছত ভাৰতীয় দলৰ দুজন সদস্য কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়ে কৈছিল যে প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকে খুলিছিল এটা ‘ৱাটছএপ’ গ্ৰুপ, যাৰ নাম ৰখা হৈছিল ‘ইটছ কামিং হোম’৷ গ্ৰুপটোত বিভিন্নজনৰ মাজত চলিছিল প্ৰেৰণাদায়ক কথা-বাৰ্তা আৰু তেনে কথা-বাৰ্তাই খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল৷ তাৰ লগতে অৱশ্যে তেওঁলোকে গোপীচান্দক কৃতজ্ঞতা জনাবলৈ পাহৰা নাছিল৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকত এতিয়ালৈকে ভাৰতে বেডমিণ্টনত লাভ কৰিছে তিনিটা পদক আৰু তিনিওটা পদক আহিছে মহিলাৰ শাখাত৷ অলিম্পিকত পদক জয় কৰা ভাৰতীয় শ্বাটলাৰ দুগৰাকী হৈছে ছাইনা নেহৱাল আৰু পি ভি সিন্ধু৷ থমাছ কাপৰ সফলতাৰ পাছত ভাৰতীয় পুৰুষ খেলুৱৈৰ পৰাও অলিম্পিকৰ বেডমিণ্টনৰ পদক আশা কৰিব দেশবাসীয়ে৷ ভাৰতীয় বেডমিণ্টনৰ জাগৰণৰ ক্ষেত্ৰত গোপীচান্দে যিদৰে নিজকে ব্যস্ত ৰাখিছে, তেনে প্ৰচেষ্টা অব্যাহত থাকিলে অলিম্পিকৰ বেডমিণ্টনত ভাৰতে আৰু অধিক পদক লাভ কৰাটো নিশ্চয় অসম্ভৱ নহ’ব৷






