Logo
image

খাদ্য-ইন্ধন সংকট, ৰাজ্যত ৰেড এলাৰ্ট

গুৱাহাটী-শিলচৰ বিমান ভাৰা ৩৫ হাজাৰ টকা! বিমানমন্ত্ৰীৰ হস্তক্ষেপ

আমাৰ অসম, ১৮ মে’: ৰাজ্যত এতিয়া বান আৰু ভূমিস্খলনৰ বিভীষিকা৷ ৰাজ্যৰ ২৬ খন জিলাৰ সহস্ৰাধিক গাঁও বানৰ কবলত পৰাৰ লগতে বিভিন্ন স্থানত বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া ডিমা হাচাও জিলাত ভূমিস্খলনে অবৰ্ণনীয় পৰিৱেশৰ উদ্ভৱ কৰিছে৷ ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ডিমা হাচাও জিলাৰ লগতে বৰাক উপত্যাকাৰ বহিঃ বিশ্বৰে যোগাযোগ এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে৷ ডিমা হাচাওত ভূমিস্খলনে বিপদজনক ৰূপ লোৱাত ৰে’ল পথৰ লগতে স্থল পথেৰেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ একেদৰে বৰাক উপত্যকাক সংযোগ কৰা শিলচৰ-গুৱাহাটীৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ বিভিন্ন স্থানত ভূমিস্খলনৰ ফলত ৰাজপথ পুতি পেলোৱাত চাৰিদিন ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ আছে৷ সোমবাৰে বিয়লি ভাগত যান-বাহন চলাচল আৰম্ভ হৈছিল যদিও নিশালৈ পুনৰ ভূমিস্খলন হোৱাত ৰাষ্ট্ৰীয় ঘাই পথ বন্ধ হৈ পৰিছে৷ লক্ষণীয়ভাৱে বৰাকৰ তিনিওখন জিলাৰ লগতে ডিমা হাচাও জিলাতো বানৰ প্ৰকোপ অব্যাহত আছে৷ বান আৰু ভূমিস্খলনৰ বাবেই জিলা কেইখনত খাদ্য সামগ্ৰীৰ ব্যাপক নাটনিৰ লগতে ইন্ধনৰ নাটনিয়েও দেখা দিছে৷ ফলত খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি পাইছে৷ আনহাতে বৰাক উপত্যকাৰ সৈতে স্থল পথেৰে যোগাযোগ বন্ধ হৈ পৰাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিমান ভাৰাৰ মূল্য৷ পৰিস্থিতি এনে পাইছে গৈ যে শিলচৰ-গুৱাহাটীৰ বিমান ভাৰা ৩৫ হাজাৰ টকালৈ বৃদ্ধি পাইছে৷ বিমান ভাৰাৰ এই বৃদ্ধিক লৈ বিজেপি সাংসদ ৰাজদীপ ৰয় আৰু কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷ বৰ্তমান গুৱাহাটীকে ধৰি কোনো অঞ্চলৰ পৰাই ৰে’ল বা ঘাইপথেৰে ডিমা হাচাও বা বৰাক উপত্যকালৈ যোৱাটো এতিয়া সম্ভৱ নহয়৷ এনে এক পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিভিন্ন বিমান পৰিবহণ সংস্থাসমূহে৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ’ আৰু স্পাইছজেট বিমানৰ ভাড়া ১২ হাজাৰ ৫০০ টকাৰ পৰা ১৪ হাজাৰ পৰ্যন্ত হৈছে৷ ১৯ মে’ পৰ্যন্ত গুৱাহাটীৰ পৰা শিলচৰলৈ কোনো টিকট পাবলৈ নাই এই দুখন বিমানত৷ উল্লেখ্য, গুৱাহাটীৰ পৰা প্ৰতিদিনে পুৱা ১০.২০ বজাত ইণ্ডিগ’ৰ আৰু দুপৰীয়া ১.০৫ বজাত স্পাইছজেটৰ একোখনকৈ বিমান শিলচৰলৈ চলাচল কৰি আহিছে৷ আনহাতে গুৱাহাটীৰ পৰা শিলচৰলৈ চলাচল কৰা এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাড়া উদ্ধৰ্মুখী হৈ ৩১ হাজাৰ ৫০০ টকা হৈছে গৈ৷ ইপিনে শিলচৰ-গুৱাহাটী বিমান ভাৰা বৃদ্ধি পৰিপ্ৰেক্ষিতত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত হস্তক্ষেপ কৰিছে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই৷ কেন্দ্ৰীয় বিমান মন্ত্ৰীজনে টুইটাৰ যোগে অনাগত ১৫ দিনলৈ কোনো কাৰণতে বিমান ভাৰা বৃদ্ধি নহয় বুলি স্পষ্ট কৰি দিছে৷ এই সন্দৰ্ভত বিমান পৰিবহণ সংস্থাসমূহলৈ নিৰ্দেশনা দিয়া বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে স্পষ্ট কৰি দিছে৷ কেৱল ডিমা হাচাও বা বৰাক উপত্যকাই নহয়, বানৰ বাবে ৰাজ্যৰ আন আন জিলাতো খাদ্য সামগ্ৰীৰ লগতে যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধি পাইছে৷ মাজুলী-যোৰহাটৰ মাজত ফেৰী চলাচল বন্ধ কৰি দিয়াত পৰিবহণ নিগমে বিশেষ বাছৰ ব্যৱস্থা কৰিছে৷ কিন্তু ৰাইজৰ অসুবিধাৰ সুযোগ লৈ পৰিবহণ নিগমৰ অসাধু বিষয়া-কৰ্মচাৰীয়ে যাত্ৰীৰ পৰা অধিক ভাৰা লোৱাৰ অভিযোগ উঠিছে৷ যাৰ বাবে মঙলবাৰে পুৱাই যোৰহাটৰ আই এছ বি টিত ভাৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ যোৰহাট-মাজুলীৰ বাছ ভাৰা ৩৫০ টকা যদিও বাছ কতৃৰ্পক্ষই যাত্ৰীৰ পৰা ৪২০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত সংগ্ৰহ কৰাত একাংশ যাত্ৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইপিনে ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে আন আন স্থানৰ যাত্ৰীবাহী বাহনেও অধিক ভাৰা আদায় কৰাৰ অভিযোগ উঠিছে৷ যাত্ৰীৰ পৰা ২-৩ গুণ পৰ্যন্ত ভাৰা দাবী কৰাই নহয়, উক্ত ভাৰা দিবলৈ অস্বীকাৰ কৰা যাত্ৰীক বাছত উঠাতে বাধা দিয়াও পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ পৰা নলবাৰী, বৰপেটা, পাঠশালা, তেজপুৰ, মৰিগাঁও আদি স্থানলৈ চলা একাংশ বাছে জোৰ জবৰদস্তি অধিক ভাৰা আদায় কৰিছে যাত্ৰীৰ পৰা৷ গুৱাহাটী-নলবাৰী বাছৰ ভাৰা ৫০ টকা যদিও বৰষুণৰ অজুহাতত একাংশ বাছে ৯০ টকা ভাৰা আদায় কৰিছে যাত্ৰীৰ পৰা৷ বৰপেটা-গুৱাহাটীৰ ৮০ টকাৰ বাছ ভাৰাৰ বিপৰীতে ১৩০ টকা, গুৱাহাটী-হাউলী ১২০ টকা ভাৰাৰ পৰিৱৰ্তে ১৫০ টকা সংগ্ৰহ কৰিছে৷ কেৱল দূৰণীবটীয়া বাছৰ ভাৰাই নহয়, গুৱাহাটী মহানগৰীতো জালুকবাৰী-খানাপাৰাৰ মাজত চলাচল কৰা একাংশ ট্ৰেকাৰ-মেজিকে ২০ টকাৰ পৰিৱৰ্তে ৪০ টকা পৰ্যন্ত ভাৰা লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ কেৱল বাছ ভাৰাই নহয়, বানৰ বাবে শাক-পাচলিৰো অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ গুৱাহাটী বজাৰত প্ৰতি কিলোগ্ৰামত ৮০ টকাৰ তলত কোনো শাক-পাচলি পাবলৈ নোহোৱা হৈ পৰিছে৷ ইপিনে ৰাজ্যৰ বান-ভূমিস্খলন পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ফোনযোগে  বান-ভূমিস্খলন পৰিস্থিতিৰ বুজ লয়৷ এই বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীজনে মুখ্যমন্ত্ৰী শৰ্মাক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে৷ ইতিমধ্যে এন ডি আৰ এফৰ দল অসমত মোতায়ন কৰা বুলিও গৃহমন্ত্ৰী শ্বাহে টুইটাৰ যোগে সদৰি কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰা বুলি টুইটাৰ যোগে প্ৰকাশ কৰিছে৷  লক্ষণীয়ভাৱে ডিমা হাচাও জিলাত ভূমিস্খলনে ভয়াভয় ৰূপ লোৱাত অনিৰ্দিষ্টকাললৈ জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে উপায়ুক্ত নাজৰিণ আহমেদে৷ ইফালে, ভূমিস্খলনৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ২২ মে’ত অনুষ্ঠিত কৰিবলগীয়া কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা ডিমা হাচাও জিলাৰ ক্ষেত্ৰত পিছুৱাই দিছে৷ ডিমা হাচাও জিলাক বাদ দি বাকী জিলাসমূহত উক্ত দিনা নিৰ্দিষ্ট সময়তে কনিষ্ঠ সহায়ক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ন্যায়ালয়ে এটা নিৰ্দেশনাযোগে স্পষ্ট কৰি দিছে৷