Logo
image

ডিমা হাচাওৰ বাবে কান্দিব কোনে

তুলিৰাম বেংগালুৰুত, ঘটনাস্থলী পোৱাগৈ নাই মন্ত্ৰী মহন

আমাৰ অসম, ১৮ মে’: পাৰ্বত্য জিলা দুখনত কেইদিনমান আগলৈ ৰাজনৈতিক ৰথী মহাৰথীৰ ভি আই পিভিভি আই পি লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছিল৷ অথচ শেহতীয়াভাৱে প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যযত বিধবস্থ ডিমা হাচাও পাৰ্বত্য জিলাৰ লগত আজি যেন কোনো নাই৷ ডিমা হাচাওবাসীৰ খবৰ ল’বলৈ যেন আজি কাৰো আহৰি নাই৷ সততে হেলিকপ্তাৰ যোগে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি ফুৰা ৰাজনৈতিক ৰথী মহাৰথী সকলেও যেন পিঠি দিছে ডিমা হাছাওক৷ পাৰ্বত্য জিলা দুখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে বিগত দুদিন ধৰি ডিমা হাচাওৰ পৰিস্থিতি বুজ ল’বলৈ গৈ মাইবাঙৰ পৰা উভতি আহিবলগীয়া হৈছে৷ যিহেতু হাফলঙৰ সৈতে পথ আৰু ৰে’ল যোগাযোগ সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন হৈ পৰিছে সেয়ে হাফলঙৰ পৰা প্ৰায় ৪৫/৫০ কিলোমিটাৰ নিলগৰ মাইবাঙৰ পৰা তেওঁ আগুৱাই যাব পৰা নাই৷ বৰ্তমান হাফলঙলৈ যোৱাৰ একমাত্ৰ উপায়ে হৈছে হেলিকপ্তাৰ৷ কিন্তু মন্ত্ৰী মোহনে হেলিকপ্তাৰ ব্যৱহাৰ কৰি হাফলঙত উপস্থিত হৈ জিলা প্ৰশাসন আৰু স্বায়ত্ব শাসিত পৰিষদক এই দুৰ্যোগৰ সময়ত সন্মুখত পৰা নেতৃত্ব দিয়াৰ পৰা কিয় বিৰত আছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ লক্ষণীয়ভাৱে মন্ত্ৰী যোগেন মোহনৰ বাহিৰে মুখ্যমন্ত্ৰীকে ধৰি অন্য কোনো এজনো মন্ত্ৰী বিধায়ক সংসদ এই পৰ্যন্ত ডিমা হাছাও বাসীৰ কাষত থিয় দিয়া দেখা নগ’ল৷ বাটপ-পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গালোৰ্ছা হাফলং চহৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ সহযোগী হিচাপে ৰাজ্য চৰকাৰে মুখ্য কাৰ্যবাহী সদস্যজনৰ ওচৰলৈ এই পৰ্যন্ত প্ৰেৰণ কৰা নাই কোনো মন্ত্ৰী বা আমোলা বিষয়াক৷ দেবলাল গালোৰ্ছা হাফলং চহৰত আৱদ্ধ হৈ থকাৰ বিপৰীতে সততে পাহাৰীয়া জিলাখনৰ ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো বিপদৰ সময়ত দেবলাল গালোৰ্ছা বা ডিমা হাছাওবাসীৰ কাষত নাই৷ তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে আজিৰ দিনটোত বেংগালুৰুত ব্যস্ত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ আজি উপ্ৰৰ অধ্যক্ষ আজিম প্ৰেমজীক সাক্ষাৎ কৰে৷ আনহাতে বিজেপিৰ সাংসদ হৰেন সিং বেৰ মোবাইল ফোন এই বাতৰি লিখা পৰ্যন্ত চুইচ অফ৷ তেওঁৰ অবস্থিতি বিচাৰি উলিওৱাত আনকি দলীয় কৰ্মী সকলেও ব্যৰ্থ হৈছে৷ অথচ স্থানীয় সাংসদ হিচাপে তেওঁ এই সময়ত ডিমা হাচাওবাসীৰ কাষত থাকি নিজে উদ্ধাৰ অভিযানৰ তদাৰক কৰিব লাগিছিলে৷ অথচ আজিৰ তাৰিখত নিৰুদ্দেশ হৈ আছে সাংসদজনে৷ হাফলঙৰ স্থানীয় বিধায়ক নন্দিতা গালোৰ্ছাও মাইবঙৰ পৰাই সমষ্টিবাসীৰ খা-খবৰ লৈ আছে৷ আজি মন্ত্ৰী যোগেন মোহনৰ সৈতে বিধায়ক গালোৰ্ছাই মাইবাঙতে এখন বৈঠকত মিলিত হৈ পাহাৰীয়া জিলাখনৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰে৷ বিধায়কগৰাকীও আজিৰ তাৰিখত সমষ্টিবাসীৰ পৰা দূৰত অৱস্থান কৰি আছে৷ এনেদৰে সততে হাফলঙত বিচৰণ কৰি থকা ভি আই পি ভি আই পি সকলে আজি হাফলংবাসীৰ পৰা দূৰত অৱস্থান কৰিছে এই দুৰ্যোগৰ সময়ত৷ ৰাজ্যৰ ভিতৰত বিয়া-পূজা খাবলৈও ৰাজনৈতিক নেতাসকলে যত কথাই প্ৰতি হেলিকপ্তাৰ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত হাফলঙলৈ অভিভাবক মন্ত্ৰী, স্থানীয় বিধায়ক আদিক প্ৰেৰণ কৰিবলৈ এখন হেলিকপ্তাৰৰ যেন অভাব বিজেপি দল আৰু চৰকাৰৰ৷ কেবল চৰকাৰে নহয়, বিজেপি দলৰ কোনো এজন শীৰ্ষ নেতাও ডিমা হাছাওবাসীৰ কাষত এই পৰ্যন্ত থিয় দিয়া নাই তেওঁলোকৰ ভয়াৱহ দুৰ্যোগৰ সময়ত৷ ডিমা হাচাওবাসীৰ বাবে কান্দিবলৈ যেন আজি কোনেও নাই৷

ডিমা হাছাওত শিক্ষানুষ্ঠান বন্ধ ঘোষণা

এছডিআৰএফ, এনডিআৰএফ, ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াবৰ্গই আজি জনতাভৱনৰ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্য সচিবৰে উপত্যকাৰ বানত বিধবস্ত বৰাকভেলীৰ তিনি জিলাৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যোগদান কেনেদৰে অব্যাহত ৰাখিব পাৰি তাৰ ওপৰত আলোচনা হয় এই বৈঠকত৷ ডিমাহাচাওৰ ভয়াৱহ ভূমিস্খলন কেনেদৰে ৰোধিব পাৰি, সামগ্ৰীৰ যোগান কেনেদৰে ধৰিব পাৰি তাক লৈও আলোচনা হয় বৈঠকত৷ কালিৰ পৰা পানীৰ মাত্ৰা বাঢ়ি যোৱাৰ বাবে হোজাইত বহু মানুহ আৱদ্ধ হৈ আছে৷ তেওঁলোকক উদ্ধাৰৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়৷ সকলো সামগ্ৰীৰ যোগান লাইন ডিমাহাচাওৰ বাবে খোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে৷ টেলিফোন লাইন, ৰে’ল লাইন, ৰাষ্ট্ৰীয় ঘাইপথ বিদ্যুৎ লাইন খোলাৰ বাবে ব্যৱস্থা কৰা হৈছে বান বিধবস্ত ডিমাহাচাওত৷ সেনা বিমানৰ জৰিয়তে সামগ্ৰী যোগানৰ ব্যৱস্থা কৰা হৈছে৷ কাইলৈ প্ৰথমখন সেনা বিমান যাব ডিমাহাচাওলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈ৷ অতিৰিক্ত পথেদিও সামগ্ৰী যোগানৰ ব্যৱস্থা কৰা হৈছে ডিমাহাচাওত৷ উল্লেখ্য যে ডিমা হাচাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদে অনিদিষ্ট কাললৈ জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷