Logo
image

আলফাৰ প্ৰাক্তন সভাপতি লণ্ডনৰ আদালতত! দিল্লীয়ে বিচাৰিছে প্ৰত্যৰ্পণ

আমাৰ অসম, ১৮ মে’: ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব নেকি আলফা [স্বাধীন]ৰ এসময়ৰ সভাপতি ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসম৷ লণ্ডন নিৱাসী চিকিৎসক মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত ডাঃ মুকুল হাজৰিকাই আলফাৰ সভাপতি ডাঃ অভিজিৎ অসম হয় নে নহয় তাক নিশ্চিত কৰিবৰ বাবে ইতিমধ্যে লণ্ডনৰ আদালতত আৰম্ভ হৈছে শুনানি প্ৰক্ৰিয়া৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বিদ্ৰোহী সংগঠনটোৰ সভাপতি বুলি বিগত সময়চোৱাত পৰিচয় দি অহা ডাঃ অভিজিৎ অসমক  শেহতীয়াকৈ কাল্পনিক চৰিত্ৰ বুলি দাবী কৰিছিল কিন্তু গুৱাহাটীস্থিত ‘নিয়া’ৰ বিশেষ আদালতে ডাঃ অভিজিৎ অসম ওৰফে মুকুল হাজৰিকাক পলাতক ঘোষণা কৰাৰ পাছত বিগত বৰ্ষৰ জুলাইত ডাঃ হাজৰিকাক লণ্ডনৰ ৰাষ্ট˜ীয় প্ৰত্যাৰ্পণ গোটে গ্ৰেপ্তাৰ কৰিছিল৷ লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ দণ্ডাধীশৰ আদালত ১০ দিন ধৰি তেওঁৰ প্ৰত্যাৰ্পণৰ শুনানি চলি আছে৷ বৰ্তমান ৫০ হাজাৰ পাউণ্ডৰ জামিনত আছে ডাঃ হাজৰিকাই৷ লণ্ডনৰ নাগৰিকত্ব লাভ কৰা ৭৫ বছৰীয়া ডাঃ মুকুল হাজৰিকাই প্ৰত্যাৰ্পণৰ গোচৰৰ সংক্ৰান্তত সোমবাৰে লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ দণ্ডাধীশৰ আদালতৰ শুনানিত সোঁ-শৰীৰে উপস্থিত থাকিব লগা হয়৷ উত্তৰ-পূব ইংলেণ্ডৰ কাউণ্টি ডাৰহাম প্ৰদেশৰ এল্টন গাঁৱত বাস কৰা জ্যেষ্ঠ চিকিৎসকজনে অৱশ্যে আলফাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ নস্যাৎ কৰিছে৷ লক্ষ্যণীয়ভাৱে ২০১৬ চনত আলফাৰ ম্যানমাৰ শিবিৰত ডাঃ অভিজিৎ অসমে বক্তব্য দিয়াৰ ফটো ভাইৰেল হৈ পৰিছিল যদিও চিকিৎসকজনৰ অধিবক্তা আনন্দ ডুবে লণ্ডনৰ আদালত যুক্তি দৰ্শাই কয় যে –বিশিষ্ট চিকিৎসক মুকুল হাজৰিকাই ভাৰত চৰকাৰে দাবী কৰাৰ দৰে অসমৰ কোনো বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে জড়িত নহয়৷ তেওঁ আলফা [স্বা]ৰ হৈ ম্যানমাৰৰ শিবিৰত উপস্থিত থকা বিষয়টোও প্ৰামাণিক নহয়৷ অৱশ্যে, সুদীৰ্ঘ সময় ধৰি ডাঃ হাজৰিকা বিভিন্নধৰণৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ত জড়িত হৈ আছে বুলিও অধিবক্তাজনে আদালতক জানিবলৈ দিছে৷ আনহাতে, সোমবাৰে লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ দণ্ডাধীশৰ আদালতত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়ছোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা [স্বাঃ]ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়, লণ্ডনৰ আদালতত চলি থকা এই দীঘলীয়া ন্যায়িক প্ৰক্ৰিয়াই ডাঃ মুকুল হাজৰিকা আৰু অভিজিৎ অসম একেজন মানুহ বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’বনে? যদিহে এয়া প্ৰমাণিত হয়, তেতিয়াহে ভাৰতলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হ’ব ডাঃ মুকুল হাজৰিকাৰ৷ কিয়নো তেওঁ বৰ্তমান হৈছে ইংলেণ্ডৰ নাগৰিক৷ লক্ষণীয়ভাৱে, ডাঃ মুকুল হাজৰিকাক বিচ্ছিন্নতাবাদী সংগঠনক নেতৃত্ব দিয়া বুলি উঠা অভিযোগক নস্যাৎ কৰিছে বিলিংহামৰ ডাঃ হাজৰিকাৰ প্ৰতিবেশী তথা নিয়মীয়া ৰোগীসকলে৷ লণ্ডনৰ সংবাদ-মাধ্যমক মুকুল হাজৰিকাই বাস কৰা এল্টন গাঁৱৰ এগৰাকী বাসিন্দাই ডাঃ হাজৰিকা এজন অতি সন্মানীয় ব্যক্তি আৰু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাটো অসম্ভৱ বুলিও মন্তব্য কৰিছে৷ প্ৰতিবেশীজনে লগতে লণ্ডনৰ বাসগৃহত ডাঃ হাজৰিকাৰ পত্নীয়ে এখন ধুনীয়া ফুলৰ বাগিচা গঢ়ি তোলা বুলিও প্ৰকাশ কৰে৷