Logo
image

লক্ষ্য চীন! লুইতৰ তলেৰে সুৰংগত অনুমোদন গৃহ দপ্তৰ

আমাৰ অসম, ১৮ মে’: ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ পৰিমাৰ্জিত প্ৰকল্প প্ৰতিবেদন অনুসৰি, মহাবাহুৰ তলত এতিয়া দুটাৰ পৰিৱৰ্তে সমান্তৰালকৈ তিনিটা সুৰংগ নিৰ্মাণ কৰা হ’ব৷ ৭,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ এটা সুৰংগইিদ ঘাইপথ, আন এটাৰে ৰে’লপথ আৰু এটা সুৰংগ কেৱলমাত্ৰ আপতকালীন পৰিস্থিতিত ব্যৱহাৰ কৰা হ’ব৷ সমগ্ৰ বিষয়টোকলৈ অলপতে নতুন দিল্লীত ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা চি ই অ’ বিনয় কুমাৰ ত্ৰিপাঠীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়৷ জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মাজত যোগাযোগ ব্যৱস্থা সুগম কৰাৰ উপৰি সামৰিক দৃষ্টিকোণৰ পৰা [ষ্ট্ৰেটেজিকেল] নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ কোৱা হৈছে কলিয়াভোমৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ উজনিফালত ৯ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰিবলগীয়া ৯.৮ কিলোমিটাৰ দীঘল এই সুৰংগই দক্ষিণপাৰত থকা জখলাবন্ধা ৰে’লৱে ষ্টেচনৰ পৰা উত্তৰ পাৰৰ ধলাইবিল ৰে’ল ষ্টেচনক সংযোগ কৰিব৷ লক্ষণীয়ভাৱে সমগ্ৰ প্ৰকল্পটোৰ সৈতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰে’ল মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়কো সামৰি লোৱা হৈছে৷ উল্লেখ্য যে, প্ৰায় দুবছৰ মান আগতে প্ৰথম যেতিয়া এই সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল তেতিয়া কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনস্থ নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্বনক [এন এইচ আই ডি চি এল] প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ সেইমৰ্মে এন এইচ ডি চি এলে কেৱল গাড়ীৰ যাতায়াতৰ বাবে দুটা সমান্তৰাল সুৰংগ নিৰ্মাণৰ বাবে ১২, ৮০০ কোটি টকাৰ এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ পিছে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পথ নিৰ্মাণকাৰী সংস্থা বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনক পুনৰ আন এক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিয়া হয়৷ অলপতে, ৰে’ল ব’ৰ্ডৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বি আৰ অ’ই দাখিল কৰা প্ৰাৰম্ভিক প্ৰকল্প প্ৰতিবেদনত দুটাৰ পৰিৱৰ্তে তিনিটা সুৰংগ নিৰ্মাণৰ পোষকতা কৰা হৈছে৷ আনকি সমগ্ৰ প্ৰকল্পটো ৰূপায়ণৰ বাবে পূৰ্বতে নিৰ্ধাৰণ কৰা ১২, ৮০০ কোটি টকাৰ পৰিৱৰ্তে মাত্ৰ ৭০০০ কোটি টকাৰ ভিতৰত সুৰংগ নিৰ্মাণৰ কাম সম্ভৱ বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে যিহেতু ষ্ট্ৰেটেজিক দৃষ্টিকোণৰ পৰা এই সুৰংগৰ গুৰুত্ব অপৰিসীম সেয়েহে প্ৰকল্পটোৰ পুঁজি আবণ্টনৰ দায়িত্ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ক অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ পিছে বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি, ৰূপায়ণকাৰী সংস্থা হিচাপে বি আৰ অ’ৰ সৈতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰে’ল বিভাগক প্ৰত্যক্ষভাৱে জড়িত কৰা হ’ব৷ এইক্ষেত্ৰত কাৰিকৰী সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত উত্তৰ-পূব ৰে’লৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব৷ বৈঠকত উপস্থিত থকা শীৰ্ষ বিষয়া এজনে সংবাদ মাধ্যþমৰ আগত প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সুৰংগ নিৰ্মাণৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ প্ৰকল্প নিৰ্মাণৰ ব্যয় সংকোচনৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰে’ল মন্ত্ৰণালয়ক যুটীয়া উদ্যোগত পৰিকল্পনা আৰু নিৰ্মাণকাৰ্য চলোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে৷ মন কৰিবলগীয়া যে মহাবাহুৰ তলেদি সমান্তৰালকৈ নিৰ্মাণ কৰিবলগীয়া তিনিটা সুৰংগই এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰালত এটা আনটোৰ সৈতে সংযুক্ত হৈ থাকিব৷ উদ্ভত হ’ব পৰা আপতকালীন পৰিস্থিতিত উদ্ধাৰ কাৰ্যৰ বাবে এই ব্যৱস্থা ৰখা হ’ব৷ কোৱা হৈছে সুৰংগটোৱে যাতায়াতৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মাজত থকা দূৰত্ব হ্ৰাস কৰাৰ উপৰি অৰুণাচল প্ৰদেশলৈ যোৱাৰ সময়ো হ্ৰাস কৰিব৷ তদুপৰি, অনাকংক্ষিত পৰিস্থিতিত আগ্ৰাসী চীনক প্ৰতিহত কৰাৰ ক্ষেত্ৰতো এই সুৰংগৰ ভূমিকা হ’ব অপৰিসীম৷ বি আৰ অ’ই প্ৰস্তুত কৰা প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ দুই-আঢ়ৈ বছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব৷ উল্লেখ্য যে, টানেল ব’ৰিং মেচিনৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব এই সুৰংগ৷