বান-ভূমিস্খলন
বিগত কিছুদিন ধৰি হোৱা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰায়বোৰ নৈ-উপনৈৰ পানী বাঢ়ি জনজীৱনলৈ বিপদ-শংকা নমাই আনিছে৷ বহু জিলাৰ নৈ-উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বাগৰি যোৱাত সেইসমূহ জিলাৰ বিস্তৃত অঞ্চল পানীত বুৰ গৈছে৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে মথাউৰি ছিগি নিয়াৰ ফলতো বহু লোক অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈছে৷ আনহাতে, কেইবাটাও বান্ধৰ পানী মুকলি কৰি দিয়াৰ ফলতো বান্ধসমূহৰ নামনি অংশত থকা লোক জলবন্দী হ’বলগীয়া হৈছে৷ সাম্প্ৰতিক কালত ৰাজ্যখনৰ চ্ছখন জিলাৰ চাৰি লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি ৩২ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে৷ বহু লোকৰ ঘৰ-বাৰী বানে উটুৱাই নিয়াৰো অভিযোগ আহিছে৷ বাতৰিত প্ৰকাশ পোৱা অনুসৰি বানে ৩,০০০ৰো অধিক ঘৰ-দুৱাৰ নষ্ট কৰিছে আৰু ৩৯ হাজাৰৰো অধিক লোকে ৮৯টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে৷ বান আৰু ভূমিস্খলন কেইবাজনো লোকৰ মৃত্যু হোৱাৰো খবৰ প্ৰকাশ পাইছে৷ ইফালে, কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলনত বহু লোক ক্ষতিগ্ৰস্ত হৈছে৷ গুৱাহাটী-শিলচৰলৈ যোৱা পথ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে৷ ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰে পথ যোগাযোগ বন্ধ হৈ পৰাত অঞ্চলটোৰ জনসাধাৰণ খাদ্য সমস্যাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া অঞ্চলসমূহৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰতিবছৰে বাৰিষা গুৱাহাটীৰ বিভিন্ন পাহাৰত অপৰিকল্পিতভাৱে ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ ফলত ভূমিস্খলন হয়৷ এনে সময়তে বতৰ বিজ্ঞান বিভাগে ২১ মে’পৰ্যন্ত অসমৰ ডিমা হাচাও, কাৰ্বি আংলং, বৰাক উপত্যকা, পশ্চিম অসম আৰু বিটিআৰ অঞ্চলত প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰিছে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰি সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে৷ প্ৰায়বোৰ নদী-উপনৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ সময়তো যদি কেইবাদিনো প্ৰবল বৃষ্টিপাত হয়, তেন্তে ৰাজ্যবাসীৰ অধিকসংখ্যক লোকেই বানত ক্ষতিগ্ৰস্ত হ’ব৷ উল্লেখ্য, বিগত দুটা বছৰ কৰ’নাৰ বাবে জনসাধাৰণৰ অৱস্থা পুতৌলগা হৈছে৷ বহু লোকে উপাৰ্জনৰ পথ নাপাই আত্মহননৰ দৰে পথ বাছি ল’ব লগা হৈছে৷ হতাশাগ্ৰস্ত যুৱক-যুৱতীয়ে সন্ত্ৰাসবাদী সংগঠনলৈ যোৱাৰ বাতৰি নিতৌ প্ৰকাশ পাইছে৷ এনে অৱস্থাত বানে যদি বহুজনক উদ্বাস্তু কৰে, তেন্তে অসমৰ অৰ্থনীতিৰ উন্নয়ন সম্ভৱ হ’বনে? বছৰি বানে বিস্তৰ অঞ্চলত ক্ষতি কৰাৰ পাছতো কোনো এখন চৰকাৰে অসমৰ বান-খহনীয়া সমস্যা সমাধানৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে থকা বিভাগসমূহে বিজ্ঞানসন্মত ব্যৱস্থাৰে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাম নকৰাৰ ফলত বছৰি ৰাজ্যবাসী বানৰ কবলত পৰিলগীয়া হৈছে৷ ধাৰ-ঋণ লৈ কৰা খেতিপথাৰ যেতিয়া বানে বুৰাই শস্য নষ্ট কৰে, তেতিয়া ৰাজ্যত কৃষিশস্যৰ উৎপাদন বৃদ্ধি পাব কিদৰে? কৃষি বিভাগে যদিহে বানৰ সময়তো নষ্ট নোহোৱা শস্যৰ খেতি কৰাৰ ব্যৱস্থা কৰিব নোৱাৰে, তেন্তে ৰাজ্যৰ নৈপৰীয়া কৃষকসকলে কৃষিকৰ্ম বাদ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ বান-খহনীয়াই যিসকলক বিধবস্ত কৰে, সেইসকলৰ আৰ্থিক বিকাশৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তেতিয়াহে অসমৰ আৰ্থিক বিকাশ সম্ভৱ হ’ব৷ ইয়াৰ উপৰি পাহাৰীয়া অঞ্চলত পথ নিৰ্মাণৰ সময়ত বা আন উন্নয়নমূলক কাম কৰাৰ সময়ত বিজ্ঞানসন্মত পদ্ধতিৰে জৰীপ কৰি সুৰক্ষামূলক ব্যৱস্থাৰে নিৰ্মাণৰ ব্যৱস্থা কৰিলেহে জনজীৱন উপকৃত হ’ব৷






