Logo
image

পিঁয়াজ কেঁচাই খালে পোৱা যায় এইবোৰ উপকাৰ

খাদ্যবস্তু অধিক সোৱাদ কৰিবলৈ পিঁয়াজ ব্যৱহাৰ কৰা হয়৷ কিন্তু জানি আচৰিত হ’ব যে পিঁয়াজ কেঁচাই কেঁচাই খালে অত্যধিক গৰম বা তাপ প্ৰৱাহৰ পৰাও পৰিত্ৰাণ পাব পৰা যায়৷ এই ক্ষেত্ৰত পিঁয়াজৰ জুছ প্ৰস্তুত কৰি খাব পাৰিলে অধিক উপকাৰ পোৱা যায়৷ 

পিঁয়াজৰ জুছ প্ৰস্তুত কৰিবলৈ হ’লে কেঁচা পিঁয়াজ প্ৰথমতে সৰু সৰুকৈ কাটি লওক৷ ইয়াৰ পাছত পিঁয়াজখিনি পিচি লৈ ৰস উলিয়াওক৷ এইবাৰ পিঁয়াজৰ ৰসৰ সৈতে কলা নিমখ, নেমু আৰু গুৰ মিহলাই লওক৷ ইয়াৰ সৈতে ভেনিলাও ব্যৱহাৰ কৰিব পাৰে৷ কিছুসময় আটাইখিনি ভালদৰে মিহলি কৰক৷ এইবাৰ গিলাচত বৰফৰ সৈতে ইয়াক জুছ হিচাপে পৰিৱেশন কৰক৷ এই জুছত পদিনা পাতো দিব পাৰে৷ 

পিঁয়াজৰ জুছৰ উপকাৰিতাঃ 

[১] পিঁয়াজৰ ৰস বা জুছে যে অকল গৰম বা তাপ প্ৰৱাহৰ পৰা পৰিত্ৰাণ দিয়ে এনে নহয়৷ পিঁয়াজে স্মৃতিশক্তি ৰক্ষা কৰাতো সহায় কৰে৷  ইয়াত ওমেগা-৩ ফেটি এচিড থাকে৷ এইবিধ এচিডে শৰীৰ শীতল কৰি ৰাখে৷ 

[২] কিড্‌নীত ষ্টন হ’লে পিঁয়াজৰ জুছ খাব পাৰে৷ পিঁয়াজৰ ৰস চেনিৰ সৈতে মিহলাই খালে কিড্‌নীৰ ষ্টন আঁতৰে৷ 

[৩] চুলি সৰা সমস্যাৰ পৰা মুক্তি পাবলৈও পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ অত্যধিক চুলি সৰা আৰম্ভ হ’লে চুলিত পিঁয়াজৰ ৰস লগাওক৷

[৪] তাপ প্ৰৱাহৰ পৰা মুক্তি পাবলৈ যদি আপুনি পিঁয়াজৰ জুছ খাব বিচাৰে তেন্তে সৰু সৰু পিঁয়াজহে বাচি ল’ব৷

[৫] বয়সৰেখাৰ সমস্যা থাকিলে পিঁয়াজ খাব পাৰে৷ পিঁয়াজে শৰীৰত সহজে বয়সৰ ছাপ পৰিবলৈ নিদিয়ে৷