Logo
image

বিভিন্ন ৰোগত ভেষজৰূপে ব্যৱহাৰ হয় এইবোৰ উদ্ভিদ

ঔষধ প্ৰস্তুত কৰাত যে গছ-লতাৰ বিভিন্ন অংশ ব্যৱহাৰ হয় সেয়া প্ৰায়ভাগ লোকেই জানে৷ এনে ঔষধ ক্ৰয় কৰিবলৈ যাওঁতে যথেষ্ট খৰচান্ত হ’বলগা হয়৷ কিন্তু কেইটামান টিপ্‌ছ জানিলে বিনা খৰচতে বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা যায়৷ কেতবোৰ উদ্ভিদৰ ডাল-পাত বা শিপা ব্যৱহাৰ কৰিলেই বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ উল্লেখ কৰা হ’ল কোনবোৰ উদ্ভিদে কি কি শাৰীৰিক সমস্যাৰ পৰা  পৰিত্ৰাণ দিয়ে–

◾দাঁতৰ বিষত ভুগিলে মধুৰিআমৰ পাত চোবাই খাওক৷ নাইবা উতলা পানীত মধুৰিআমৰ পাত সিজাই সেই পানী খোৱা কৰক৷ দেখিব লাহে লাহে দাঁতৰ বিষ নাইকিয়া হ’বলৈ ধৰিছে৷ 

◾শ্বাসকষ্টজনিত সমস্যাত ভুগিলে বাহকা গছৰ পাত অতি উপকাৰী৷ এই পাত বটি লৈ মৌৰ সৈতে মিহলাই খালে শ্বাসকষ্টৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷

◾গেছৰ সমস্যাত ভুগিলে পদিনা পাত অতি উপকাৰী৷ ঠাৰিৰ সৈতে পদিনা পাত ৰাতি তিয়াই ৰাখি পিছদিনা পুৱা খালী পেটত খালে এই সমস্যাৰ পৰা মুক্তি পোৱা যায়৷ 

◾দেহত ঘামৰ গোন্ধ ওলালে বেলপাত ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে বেলপাতৰ ৰস উলিয়াই গা ধোৱা পানীৰ সৈতে মিহলাই ল’ব লাগে৷ কেইদিনমান বেলপাতৰ ৰস মিহলোৱা পানীৰে গা ধুলে লাহে লাহে ঘাম গোন্ধ নাইকিয়া হয়৷ 

◾যিসকলৰ নাকেৰে তেজ নিৰ্গত হয় তেওঁলোকে দৈনিক ডাব নাৰিকলৰ পানী সেৱন কৰক৷ ডাবৰ পানী সেৱনে শাৰীৰিক শক্তি বৃদ্ধি কৰাৰ লগতে নাকেৰে তেজ ওলোৱা সমস্যা সমাধান কৰে৷ 

◾ৰক্তহীনতাৰ সমস্যাত ভুগিলে দৈনিক অন্ততঃ এচামুচকৈ হেলেচি শাকৰ ৰস খোৱা কৰক৷