Logo
image

ভূপেনৰ কবিতা নস্যাৎ কৰি দিলে নীলমণিয়ে

আমাৰ অসম, ২০ মে’: এইবাৰ বাকযুদ্ধ দুজন ৰাজনৈতিক নেতাৰ মাজত নহয়৷ এইবাৰ সমালোচনা-প্ৰত্যাক্ৰমন এজন কবি আৰু এজন সাহিত্যকৰ মাজত৷ দুয়োজনৰে মূল পৰিচয় যদিওবা ৰাজনৈতিক নেতা, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁলোকৰ আছে অবাধ বিচৰণ৷ এক নিজস্ব পৰিচয়৷ ইয়াৰে এজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু আনজন কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা৷ শেহতীয়াভাৱে ৰাজনীতিৰ সমান্তৰালভাৱে কবিতা চৰ্চাও চলাই আছে ভূপেন বৰাই৷ ভূপেন বৰাৰ বহুকেইটা কবিতা ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ অৱশ্যে ভূপেন বৰাৰ কবিতাৰ মূল উপজীব্যই হ’ল শাসকীয় বিজেপি দল আৰু চৰকাৰ, মূলতঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ভূপেন বৰাৰ কবিতা চৰ্চাৰ ট্ৰেক ৰেকৰ্ড নতুন যদিও প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই অৱশ্যে ইতিমধ্যে ৰাজ্যৰ সাহিত্যৰ জগতখনত এখন সুকীয়া আসন দখল কৰিছে নিজৰ সৃষ্টি কৰ্মৰ দ্বাৰা৷ তেওঁৰ উচ্ছ স্তৰৰ প্ৰবন্ধ নিয়মীয়াভাৱে বিভিন্ন কাকত আলোচনীত প্ৰকাশ পায় ডেকাৰ অধিকাংশ গ্ৰন্থই গৱেষণাধৰ্মী৷ অসম বিধানসভাৰ পুথিভৰালৰ তেওঁ এজন নিয়মীয়া পুঢ়ৱৈ৷ অসম সাহিত্য সভাৰ সভাপতি পদৰ দৌৰতো আছে নীলমণি সেন ডেকা৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কৃত হয় নীলমণি সেনা ডেকা৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে ‘কবি’ ভূপেন বৰাৰ সৃষ্টিকলৈ সমালোচনামুখৰ হৈ পৰে ‘সাহিত্যিক’ নীলমণি সেন ডেকা৷ ভূপেন বৰাৰ সৃষ্টিৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ডেকাই কয়–ভূপেন বৰাই কবিতা লিখা বুলি শুনিছো৷ কিন্তু তেওঁৰ কবিতাত কোনো ছন্দ নাই৷ ভাব অৰ্থত বিসংগতি আছে ভূপেন বৰাৰ কবিতাত৷ তেওঁ দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’ কবিতা পুথিৰ ‘লাচিত’ নামৰ কবিতাটো পঢ়িব লাগে৷ কবিতাটোত মন্ত্ৰী-বিধায়কৰ কথা যিদৰে বৰ্ণনা কৰা হৈছে সেইটো পঢ়িলে ভূপেন বৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন ভাঙি যাব৷ ভূপেন বৰাই নপঢ়ে নহয়৷ কোনোবাই লিখি দিয়ে আৰু তেওঁ কবিতাটো গাই দিয়ে৷ অপূৰ্বই লিখি দিয়ে নেকি? মোৰ তেনেকোৱাই লাগিছে৷ ভূপেন বৰাৰ কবিতাত মা-বাপ একো নাই৷ সাৰ-গোবৰ একো নাই৷ মানুহে তেওঁৰ কবিতাক লৈ হাঁহে, তাচ্ছিল্য কৰে৷ কবিতাক লৈ তেওঁ হাহিয়াতৰ পাত্ৰ হৈছে৷ তেওঁ এইবিলাক কি কৰি আছে বা? লগ পালে কম এইবিলাক কাম নকৰিবলৈ৷