Logo
image

দুৰ্গম স্থানত আবদ্ধ বহু লোক হতাহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

আমাৰ অসম, ২০ মে’: ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ বৰাক-ব্ৰহ্মপুত্ৰৰ ২৭খন জিলাত জেঠমহীয়া বানে সংহাৰ ৰূপ ধাৰণ কৰিছে৷ ইপিনে বান বিভীষিকাৰ সমান্তৰালভাৱে পাহাৰীয়া মনোমোহা জিলা ডিমা হাচাওত আজিও ঠায়ে ঠায়ে অব্যাহত আছে ভূমিস্খলন৷ জিলাখনত নেৰানেপেৰা বৰষুণ অব্যাহত থকাত ক্ষতিগ্ৰস্ত বাট-পথ মেৰামতি কৰিবলৈ গৈও যেন পিছ হুহকিবলগীয়া হৈছে প্ৰশাসন৷ ইতিমধ্যে প্ৰশাসনৰ সহযোগত ভাৰতীয় সেনা আৰু এ ডি আৰ এফে যুদ্ধকালীন ক্ষিপ্ৰতাৰে ভূমিস্খলনত চিন-মোকাম নোহোৱা বাট-পথসমূহৰ মেৰামতিত নামি পৰাৰ বিপৰীতে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ২০ জনীয়া এটি এন ডি আৰ এফৰ দল হাফলঙলৈ ৰাওনা হৈছে৷ অৱশ্যে প্ৰায় এসপ্তাহৰ মূৰত মাইবং-হাফলং সংযোগী মূল পথটো সাময়িকভাৱে যান-বাহন চলাচল কৰাকৈ সাজু কৰি তুলিছে যদিও এই মুহূৰ্তত সৌন্দৰ্যৰ নগৰী হাফলঙত অবৰ্ণনীয় পৰিৱেশ বিৰাজ আছে৷ প্ৰশাসনে সকলো স্থানতে নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে যোগাযোগৰ চেষ্টা চলালেও পাহাৰীয়া জিলাখনৰ বহু অঞ্চলৰ সৈতে এসপ্তাহ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ ফলত ডিমা হাচাও দুৰ্গম স্থানত বহু লোক আৱদ্ধ হৈ থকাৰ লগতে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা নুই কৰা নাই প্ৰশাসনে৷ কিয়নো আজিলৈকে জিলাখনৰ হাৰাংগাজাউ, লাইছং, খেপ্ৰে আদি দুৰ্গম স্থানৰ সৈতে কোনো যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে৷ এই অঞ্চল কেইটাৰ বাসিন্দাসকল কি পৰিস্থিতিত আছে তাক অনুমান কৰাটো সম্ভৱ নহয় বুলিও সংবাদ মাধ্যমক জানিবলৈ ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাই৷ গাৰ্লোছাই এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ লগতে ৰাষ্ট˜ীয় ঘাইপথ প্ৰাধিকৰণেই দায়ী বুলি অভিযোগ কৰিছে৷ অপৰিকল্পিতভাৱে পাহাৰ খনন কৰি ৰাষ্ট˜ীয় ঘাইপথ আৰু ৰে’ল লাইন নিৰ্মাণ কৰাৰ পৰিণতি বৰাইল পাহাৰবাসীয়ে ভোগ কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দেৱলাল গাৰ্লোছাই৷ আনহাতে হাফলং ৰে’ল ষ্টেচনটোত পাহাৰৰ বোকা-মাটিয়ে পুতি পেলোৱাই নহয়, এখন ৰে’লৰ ইঞ্জিনসহ ৫-৬টা ডবা সম্পূৰ্ণ পুতি পেলাইছে বোকা মাটিয়ে৷ ইফালে পাহাৰৰ পৰা ধাৰাষাৰ পানী বৈ অহাত হাফলং ষ্টেচনৰ মাজেৰে এটা জুৰি বৈ যোৱা দেখা গৈছে৷ চকুৰ সন্মুখত ষ্টেচনটোৰ অৱৰ্ণনীয় পৰিৱেশ দেখা পাই ৰে’ল কতৃৰ্পক্ষইও মেৰামতিৰ বাবে কোনো আও ভাও পোৱা নাই৷ লক্ষণীয়ভাৱে এসপ্তাহ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ থকাত ডিমা হাচাওত খাদ্য সামগ্ৰীৰ ভয়ংকৰ নাটনিৰে দেখা দিয়াত বায়ুসেনাৰ হেলিকপ্টাৰে হাফলঙত খাদ্য সামগ্ৰী যোগান ধৰিছে৷ ইপিনে প্ৰায় তিনিদিনৰ মূৰত বৃহস্পতিবাৰে হাফলং ৰে’ল ষ্টেচনত উপস্থিত হ’বলৈ সক্ষম হয় মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা৷ হাফলঙৰ দিবাৰাই উচ্ছ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৩৫০জন ৰে’লযাত্ৰী বৰ্তমানো আবদ্ধ হৈ আছে৷ আশ্ৰয় শিবিৰটোত এজন কৰ্কট ৰোগীও আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷ ডিমা হাচাওৰ বিপৰীতে বৰাকৰ বান পৰিস্থিতি অধিক সূচনীয় হৈ পৰিছে৷ বৰাক নৈ লগতে আন উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কাছাৰত বানে জটিল ৰূপ ধাৰণ কৰাত প্ৰশাসনে এক প্ৰকাৰ লকডাউন ঘোষণা কৰিছে৷ কোনো কাৰণ নাথাকিলে নাগৰিকৰ চলা ফুৰাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে৷ শিলচৰ চহৰখন বাঢ়নী পানীয়ে বুৰাই পেলোৱাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ শিলচৰ ৰে’ল ষ্টেচনো বাঢ়নী পানীৰ কবলত পৰিছে৷ বানৰ বাবেই ৫৩নং ৰাষ্ট্ৰীয় ঘাইপথত গধূৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছে৷ গুৱাহাটী-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমি…লনৰ ফলত হোৱা ক্ষয়- ক্ষতি মেঘালয় প্ৰশাসনে মেৰামতি কৰি বুধবাৰৰ পৰা যাতায়াত মুকলি কৰি দিয়াত বৰাকলৈ খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহৰ চলাচল আৰম্ভ হৈছে৷ চাৰিদিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ থকাত বৰাকতো খাদ্য সামগ্ৰীৰ ভয়ংকৰ নাটনিয়ে দেখা দিছিল৷ বৃহস্পতিবাৰে শিলচৰৰ বাৰিক নগৰত বাঢ়নী পানীত ৰঞ্জিত কাহাৰ নামৰ এজন লোকৰ মৃত্যু হয়৷ ইপিনে কেইবাদিনো যোগাযোগ ব্যাহত হৈ থকাত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ সহযোগত ফ্লাইবিগ বিমানেৰে শিলচৰ-গুৱাহাটী যাত্ৰীক যাতায়াতৰ ব্যৱস্থা কৰে৷ সন্ধিয়া শিলচৰলৈ ৰাওনা হোৱা বিশেষ বিমানখনত গুৱাহাটীৰ পৰা ৭০জন যাত্ৰীক তিনিহাজাৰ টকা ভাৰাত কঢ়িয়াই নিয়ে৷

বিধবস্তপ্ৰায় ডিমা হাচাওত দুই কেবিনেটমন্ত্ৰী

ডিমা হাচাও জিলাত আজিও অব্যাহত আছে ব্যাপক বৃষ্টিপাত৷ যাৰ ফলত জিলাখনত উদ্ধাৰকাৰ্য আৰু সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰত তীব্ৰ জটিলতাই দেখা দিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে দুই মন্ত্ৰী বিমল বৰা আৰু যোগেন মহন আজি পুৱা জিলাখনত উপস্থিত হৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা, উপায়ুক্তসহ হাফলঙৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে৷ মন্ত্ৰী দুজনে বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত হাফলং চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ চাক্ষুস বুজ লয়৷ আজি হাফলঙত উপস্থিত হৈ মন্ত্ৰী দুজনে পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ জিলাখনৰ লগতে হাফলং চহৰৰ ক্ষয়-ক্ষতিৰ বুজ লয় মন্ত্ৰী দুজনে৷ মন্ত্ৰী দুজনে অতি বেয়াকৈ ক্ষতিৰ সন্মুখীন হোৱা নিউ হাফলং ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে৷ মন্ত্ৰী দুজনক সংগ দিয়া ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচাই কয় যে মুখ্যমন্ত্ৰীৰ তৎপৰতাত আমি বিজুলী সংযোগ আৰু ম’বাইল সংযোগ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ যদিও আমি ম’বাইল আৰু বিজুলী সেৱা লাভ কৰিবলৈ সক্ষম হৈছোঁ তথাপি আমাৰ প্ৰথম চিন্তা হৈছে জিলাখনৰ দুৰ্গম অঞ্চলসমূহত পৰিস্থিতি কি হৈ আছে৷ কাৰণ, ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত   জিলাখনৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ যাৰ ফলত লাইছং, হাৰাংগাজাউ, খেপ্ৰে আদিৰ দৰে দুৰ্গম অঞ্চলত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে সেইটো অনুমান কৰাটো কঠিন৷ জিলাখনত খাদ্য সামগ্ৰীৰ নাটনি অতিশীঘ্ৰে নহয় বুলি দাবী কৰি গাৰ্লোচাই দুৰ্গম অঞ্চলসমূহত উদ্ভৱ হোৱা পৰিস্থিতিৰ এখন প্ৰকৃত ছবি লাভ কৰাটোহে এতিয়া কঠিন প্ৰত্যাহ্বান বুলি উল্লেখ কৰে৷ উল্লেখ্য যে, যোৰহাটৰ ৰৰৈয়াৰ পৰা ১৪ মেট্ৰিকটন খাদ্য-সামগ্ৰী লৈ আজি ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ হেলিকপ্টাৰ পুৱাই হাফলঙলৈ গৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিব পৰা নাছিল৷ পিছবেলা বতৰ কিছু ফৰকাল হোৱাৰ পাছত হেলিকপ্টাৰখন হাফলঙত অৱতৰণ কৰে আৰু খাদ্য-সামগ্ৰী তাত নমোৱাৰ পাছত হেলিকপ্টাৰখনে হাফলঙত বিভিন্ন কাৰণৰ বাবে আবদ্ধ হৈ থকা বহুলোকক লামডিং আৰু শিলচৰলৈ উদ্ধাৰ কৰি আনে৷ আনহাতে, হাফলঙত জিলা প্ৰশাসনে ডিবাৰায়, ল’ৱাৰ হাফলং আৰু মলহয় নামৰ তিনি ঠাইত তিনিটা আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে বিয়লি এই দুয়োটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা আক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰে৷ মন্ত্ৰী দুজনে খাদ্য-সামগ্ৰী আৰু আন সামগ্ৰী প্ৰয়োজন অনুসৰি, আক্ৰান্ত লোকৰ মাজত ক্ষিপ্ৰতাৰে বিতৰণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে৷ উল্লেখ্য যে, মাইবাঙৰ পৰা হাফলঙলৈ বন্ধ হৈ থকা পথছোৱা প্ৰশাসনে বহু কষ্টৰ মূৰত মুকলি কৰিবলৈ সক্ষম হয় যদিও পথছোৱাৰে গধূৰ বাহন চলাচল কৰিব পৰা হোৱা নাই৷ বিপদসংকুল হৈ পৰা পথছোৱাৰে সৰু সৰু বাহনহে পাৰ হ’ব পৰা হৈছে৷ জাতিংগাৰ পৰা হাফলঙলৈ পথছোৱা ভূমিস্খলনৰ ফলত অতি বিপদসংকুল হৈ পৰিছে৷ এই সমগ্ৰ বিষয় জিলা প্ৰশাসনে নজৰত ৰাখি হাফলঙৰ পৰিস্থিতি উন্নত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে৷ যদি বতৰ মুকলি নহয় তেনেহ’লে আগন্তুক দুটা দিনত জিলাখনৰ পৰিস্থিতি স্বাভাৱিক নোহোৱাটোৰেই সম্ভাৱনা অধিক৷

বিষয়াৰ গাফিলতি সহ্য কৰা নহ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কপিলী আৰু যমুনাৰ প্ৰলয়ংকৰী বানত বিধস্তহৈ পৰা হোজাই জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাই পৰিদৰ্শন কৰে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কালি নিশা হোজাই জিলাত উপস্থিত হয়৷ মন্ত্ৰীজনে কালি নিশাটো হোজাইতে কটাই আজি পুৱাই বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰে৷ সাংবাদিকৰ আগত তেওঁ কয় যে হোজাই জিলাৰ বানাক্ৰান্তসকলক উপযুক্ত সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে৷ ইতিমধ্যেই উপযুক্ত খাদ্যকে ধৰি প্ৰয়োজনীয় প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, বানৰ কৱলত পৰা লোকসকলৰ উদ্ধাৰ অভিযানো সক্ৰিয় কৰি তোলা হৈছে৷ সামৰিক বাহিনীয়েও এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে৷ জিলাখনৰ বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযানৰ বাবে সেনা বাহিনীৰ ৬খন নাও, এছ ডি আৰ এফৰ ৭খন নাও, এন ডি আৰ এফৰ ২৬খন নাও আৰু স্থানীয় ৫৬খন নাও আছে সাজু কৰি ৰখা হৈছে৷ হোজাই জিলা প্ৰশাসনে উদ্ধাৰ অভিযানৰ বাবে দুটা হেল্পলাইন নম্বৰ সাজু কৰি তুলিছে৷ এই নম্বৰ দুটা হৈছে ১০৭৭ আৰু ৬০০৩২৫৬০৩৯৷ উল্লেখ্য যে, কপিলীৰ জলপৃষ্ঠই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ৬২.১৫ মিটাৰৰ ওপৰেৰে বৈ আছে৷ ইতিহাসত কপিলীৰ পানী ইমান বৃদ্ধি পোৱাৰ তথ্য নগাঁও জিলা প্ৰশাসনৰ হাতত নাই৷ ২০০৪ চনত নগাঁৱত কপিলীয়ে প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল৷ সেই বৰ্ষত নদীখনৰ জলপৃষ্ঠ ৬১.৭৮ মিটাৰ ওপৰেৰে বৈছিল৷ এইবাৰ কপিলীয়ে ৰেকৰ্ড ভংগ কৰি ৬২.১৫ মিটাৰৰ ওপৰেদি বৈ আছে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হোজাইৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত কালি নিশা হোজাই জিলা সদৰ শংকৰদেৱ নগৰত জিলা প্ৰশাসনৰ লগত বিশেষ বৈঠকত মিলিত হয়৷ বানৰ ফলত নটা স্বাস্থ্য কেন্দ্ৰ পানীত ডুব গৈছে৷ কপিলীৰ বানত হোজাইৰ যমুনামুখ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে দৰৱ বিতৰণ কেন্দ্ৰ, চিকিৎসক গৃহ আদি পানীত ডুব যায়৷ হোজাইৰ নভঙা, মইনা পথাৰ, বগৰী, ৰাধানগৰ, ৱাৰগেডিং, বৰহোলা, হায়ং আদি উপ-স্বাস্থ্য কেন্দ্ৰও বানৰ কৱলত পৰিছে৷ বানবিধস্ত স্বাস্থ্যকেন্দ্ৰৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীজনে কয় যে- ‘ইতিমধ্যে সেই স্বাস্থ্যকেন্দ্ৰৰ পৰা চিকিৎসক, নাৰ্ছৰ লগতে আন আন কৰ্মীসকলক উদ্ধাৰ কৰা হৈছে৷ পানী কমাৰ পাছত চিকিৎসালয়সমূহ মেৰামতিৰ কথা চিন্তা কৰা হ’ব৷ হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু জিলা প্ৰশাসনৰ লোকসকলক লগত লৈ বান পৰিস্থিতিৰ বুজ লোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক পৰিদৰ্শনৰ সময়ত হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তসকলে সাহায্যৰ পশু খাদ্য নোপোৱাৰ অভিযোগ কৰে৷ তেতিয়া মন্ত্ৰীজনে হোজাইৰ ৰাজহ চক্ৰ বিষয় চন্দন বৰগোহাঞিক মাতি আনি কিয় সময়মতে সাহায্য দিয়া নাই বুলি প্ৰশ্ন কৰে৷ মন্ত্ৰীজনে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তসকলক মুকলি হাতেৰে সহায় কৰিবলৈ নিৰ্দেশ দিছে সেয়ে এইক্ষেত্ৰত বিষয়া-কৰ্মচাৰীৰ গাফিলতি সহ্য কৰা নহ’ব বুলিও উপস্থিত বিষয়া-কৰ্মচাৰীসকলক কয়৷ অন্যহাতেদি একাংশ বানাক্ৰান্তই বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে বুলিও মন্ত্ৰীজনক অৱগত কৰে উল্লেখ্য যে, বানাক্ৰান্তসকল বৰ্তমান এটুপি খোৱাপানীৰ অভাৱত পৰাৰ কথাও বানাক্ৰান্তসকলে মন্ত্ৰীৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে, হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে পূৰ্বতে সকলো বিষয়াক সাহায্যসামগ্ৰী প্ৰদান কৰাৰ লগতে বানাক্ৰান্তসকলক বিশুদ্ধ খোৱাপানীৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিছিল যদিও বিভাগীয় একাংশ বিষয়াই নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰাৰ অভিযোগ উঠিছে৷ আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলা উপায়ুক্তক বানাক্ৰান্তসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক সম্পূৰ্ণ তদাৰকৰ নিৰ্দেশ দিয়ে৷ ইফালে আজি হোজাই-কাৰ্বি আংলঙৰ সীমান্তৰ লংকাৰ মাণ্ডুলীত জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হয়৷ মন্ত্ৰীজনে বানবিধবস্ত অঞ্চল পৰিদৰ্শন কৰে৷ মন্ত্ৰী হাজৰিকাই যোৱা সোমবাৰে নিশা মাণ্ডুলীত বানে ভঙা বান্ধ পৰিদৰ্শন কৰে৷ অনতিপলমে উক্ত বান্ধটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্মচাৰীৰ লগতে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ তেওঁ মাণ্ডুলী ৰাইজৰ লগত বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা লগতে পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিয়া হ’ব বুলি জনায়৷ মন্ত্ৰীজনে পোহনীয়া গৰু-ছাগলী, ম’হৰ বাবেও চৰকাৰৰ ফালৰ পৰা খাদ্যবস্তু দিয়া হ’ব বুলি ৰাইজক অৱগত কৰে৷ মন্ত্ৰীজনৰ লগত হোজাই আৰু লামডিং বিধানসভা সমষ্টিৰ বিধায়ক দুজনো উপস্থিত আছিল৷ তদুপৰি, পৰিদৰ্শনৰ সময়ত মন্ত্ৰীজনক সংগ দিয়ে জিলা উপায়ুক্ত অনুপম চৌধুৰী, সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী, জিলা বিজেপিৰ সভাপতি অনুপ দেৱৰ লগতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে৷ তাৎপৰ্যপূৰ্ণ যে হোজাই জিলা প্ৰশাসনৰ তথ্য মতে, আজিৰ দিনলৈ হোজাই জিলাৰ ৮০খন গাঁও বানত ডুব যোৱাৰ লগতে লক্ষাধিক লোক আক্ৰান্ত হৈছে৷ ইয়াৰে জিলাখনৰ ডবকা ৰাজহ চক্ৰৰ ২০খন গাঁও প্লাৱিত হৈছে৷ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বিন্নাকান্দি, চাৰ্লক, বালিৰাম, ভেদৌআটি, পাতিদয়া, চাংমাজি মিকিৰগাঁও, এৰা কপিলী, কাঠকঠীয়া, ডেকেৰুৱা, নগাঞাপাম, পঠিয়াপাম, যমুনামুখ টাউন, ভেদৌআটী, কান্দুলীমাৰি আৰু কমাৰগাওঁ, ভেৰভেৰী৷ ইয়াৰে চাৰ্লক, বালিৰাম, যমুনামুখ আৰু নগঞাপাম পঞ্চায়তৰ বহুকেইখন গাঁও সম্পূৰ্ণৰূপে পানীত ডুব যোৱাত মানুহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ ইপিনে, যমুনামুখ সমষ্টিৰ বানাক্ৰান্তৰ কাষত থিয় দিয়ে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ সাংসদ আজমলে সমষ্টিটোৰ চাৰ্লক, নগঞাপাম, বালিৰাম আদি অঞ্চলৰ বান পীড়িতৰ খবৰ লোৱাৰ লগতে আক্ৰান্ত মানুহৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে৷ তেওঁৰ লগত সমাজসেৱী সংস্থা আজমল ফাউণ্ডেছন, মৰ্কজুল মাৰিফৰ উদ্ধাৰ কৰ্মীও লগত থাকে৷ উল্লেখ্য যে, হোজাই জিলাত হোৱা ভয়াৱহ বানত এটা সোঁতৰমহীয়া শিশুৰ সলিলসমাধি ঘটাৰ লগতে হোজাইৰ ৱাৰীগেডিংত লক্ষেশ্বৰ মল্লিক নামৰ ৩৫ বছৰীয়া বিবাহিত লোক এজনৰ সৰ্প দংশনত মৃত্যু হয়৷ জিলাখনৰ যোগীজান-যমুনামুখ ৰে’লপথত আশ্ৰয় লোৱা লোকসকলে অনাহাৰে থকাৰ খবৰ পাই হোজাইৰ বিধায়ক আৰু জিলা সভাপতি অনুপ দেবে ৰে’ল বিভাগৰ বিশেষ ট্ৰলিৰে সেই স্থানত উপস্থিত হৈ বিশেষ ৰে’লযোগে খাদ্য-সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে৷ এই বানত হোজাইৰ প্ৰায় আশীখন গাঁৱৰ প্ৰায় ডেৰ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে৷ আজিও সেনা বাহিনী, এছ ডি আৰ অফ আৰু এন ডি এফ বিৰ লোকে আজিও হাজাৰৰো অধিক জলবন্দী লোকক উদ্ধাৰ কৰে যদিও এতিয়াও কেইবাশ লোক জলবন্দী হৈ আছে৷