Logo
image

স্পৰ্শঃ এক যাদুকৰী শক্তি নহয়নো কি?

আপুনি মোৰ সৈতে একমত নহৈ নোৱাৰিব যেতিয়া মই ক’ম যে এটি শিশুৱে মাতৃৰ সৈতে একাত্ম হৈ থকা মাধ্যমটোৱেই হ’ল ‘স্পৰ্শ’৷ মাতৃৰ স্পৰ্শৰ দ্বাৰা এটি শিশুৱে অনুভৱ কৰে অনাবিল সুখ আৰু আনন্দ৷ স্পৰ্শৰ বাদে এনে এক বস্তু নোলাব যি বস্তুৱে শাৰীৰিক আৰু মানসিকভাৱে এটি শিশুক বিশেষভাৱে তৃপ্তি দিব পাৰে৷ এয়া অপ্ৰিয় হ’লেও সত্য যে এগৰাকী নৱবিবাহিতাৰ বাবেও অতিকৈ সুখদায়ক আমেজেই হ’ল আপোনজনৰ পৰা পোৱা স্পৰ্শ৷ ইয়াকো নুই কৰিব নোৱাৰো যে মৃত্যুৰ ক্ষণ গণি থকা এজন লোকে আপোনজনৰ পৰা আশাপালি থকা বস্তুটো হ’ল স্পৰ্শ৷ আনহাতে খঙত তিঙিৰিতুলা হৈ থকা এজন লোককো শাৰীৰিক আৰু মানসিকভাৱে বশ কৰাৰ অন্যতম মাধ্যমটোও হ’ল স্পৰ্শ৷
এতিয়া কথা হ’ল দৰাচলতে স্পৰ্শ কি? কোনোবাই আমাক স্পৰ্শ কৰিলে আমাৰ দেহত এনে কি যাদুকৰী ক্ৰিয়া সম্পন্ন হয়? আপুনি হয়তো ভাবিব পাৰে, এয়ানো কি ডাঙৰ কথা, কোনোবাই কাৰোবাক স্পৰ্শ কৰাটো তেনেই সাধাৰণ কথা৷ কিন্তু নহয়, ইয়াতো আছে বহু কথা, সেয়েহে স্পৰ্শৰ ওপৰত ইতিমধ্যে বহু বৈজ্ঞানিক গৱেষণা হৈছে৷ সেই গৱেষণাবোৰৰ পৰা জনা গৈছে যে, স্পৰ্শ কেৱল দুখন ছালৰ মাজত হোৱা ঘৰ্ষণেই নহয়, স্পৰ্শ হ’ল চেনেহ আদান-প্ৰদান কৰাৰ মৌলিক ভাষা৷ স্পৰ্শ হ’ল এক যাদুকৰী শক্তি, যি শক্তিয়ে আমাৰ শৰীৰত আভ্যন্তৰীণভাৱে সহানুভূতিশীল সন্তুষ্টিৰে পৰিপূৰ্ণ কৰাৰ উপৰিও মানসিকভাৱেও তৃপ্ত কৰে৷ কাৰণ বৈজ্ঞানিক গৱেষণাৰ পৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে, যিবোৰ শিশুৱে আপোনজনৰ পৰা দৈনিক তিনিবাৰকৈ অন্ততঃ ১৫ মিনিটৰ স্পৰ্শ পায় সিহঁতৰ  ওজন স্পৰ্শ নোপোৱা শিশুতকৈ প্ৰায় ৪৭ শতাংশ ওজন বেছি বৃদ্ধি হয়৷ আনহাতে স্পৰ্শ নোপোৱা শিশুৰ ক্ষেত্ৰত স্বভাৱগত সমস্যায়ো  হেনো দেখা দিয়ে৷ নিদিবনো কিয় ? কাৰণ, স্পৰ্শই আমাৰ মস্তিষ্কৰ Orbitofrontal cortex সক্ৰিয় কৰে ৷ মস্তিষ্কৰ সেই অংশ আমাৰ দুচকুৰ খোৰঙৰ ওপৰৰ অংশত অৱস্থিত আৰু সেই মস্তিষ্কই এটি শিশুৰ শিক্ষন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে৷
স্পৰ্শই সন্তুষ্টি আৰু বিশ্বাসৰ বাৰ্তা বহন কৰে৷ কাৰণ, কোনোবাই স্পৰ্শ কৰিলে আমাৰ শৰীৰৰ অস্পষ্টভাৱে থকা শিৰা-উপশিৰাবোৰ সক্ৰিয় হয়, ফলত গোটেই শৰীৰত সহানুভূতিশীল চেতনা বৈ পৰে যাৰ বাবে হৃদযন্ত্ৰৰ চাপ আৰু উদ্বেগ হ্ৰাস হয়৷
আপোনাৰ সৈতে ময়ো আচৰিত নহৈ নোৱাৰো যেতিয়া বৈজ্ঞানিক গৱেষণাই কয় যে স্পৰ্শ হ’ল এক বিষনাশক ঔষধস্বৰূপ৷ স্পৰ্শই বিষৰ অনুভূতি হ্ৰাস কৰে, কাৰণ কোনোবাই স্পৰ্শ কৰিলে আমাৰ দেহত এবিধ বিশেষ হৰমন (hormon) ৰ উৎপন্ন হয় যাৰ নাম হ’ল Oxytocin আৰু ইয়াক জনা যায় love hormone অৰ্থাৎ প্ৰেম বা ভালপোৱাজনিত হ’ৰমন৷ এই hormone আমাৰ শৰীৰৰ pituitary gland এ উৎপন্ন কৰে৷ Oxitocin এ এজন পুৰুষৰ শুক্ৰকিত বৃদ্ধি কৰাৰ উপৰিও এজনী মাতৃৰ প্ৰসৱ বেদনা হ্ৰাস কৰাৰ উপৰিও মাতৃদুগ্ধও বৃদ্ধি কৰাত সহায় কৰে৷
এটি সামান্য স্পৰ্শই যদি শাৰীৰিক আৰু মানসিকভাৱে আমাক যিমান সহায় কৰিব পাৰে তেন্তে স্পৰ্শ এক যাদুকৰী শক্তি নহয়নো কি? এবাৰ বিশেষভাৱে ভাবিবচোন কথাষাৰ৷