Logo
image

বিমানবন্দৰৰ কাষত দুৰ্মূল্য ৯০ বিঘা মাটি, মালিকৰ সন্ধানত আয়কৰ

গুদাম ছীল

বন্ধ হৈ যাব পাৰে ‘আমাজন’ৰ কাম-কাজ

আমাৰ অসম, ২০ মে’: গুৱাহাটীত এইবাৰ ‘বেনামী সম্পত্তি’ৰ বিৰুদ্ধে অভিযান চলিছে আয়কৰ বিভাগৰ৷ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপত ৯০ বিঘা ভূমিত থকা ৫টাকৈ গুডাম ঘৰ ছীল কৰি দিছে আয়কৰ বিভাগে৷ আয়কৰ বিভাগে জব্দ কৰা এই বিশাল ভূমি-সম্পত্তিৰ বজাৰ মূল্য প্ৰায় ৩০০ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে৷ আয়কৰ বিভাগে বেনামী সম্পত্তিৰ বিৰুদ্ধে অভিযান চলোৱাৰ ঘটনাৰে নাম সাঙোৰ খাই পৰিছে ছালফা তথা বিতৰ্কিত ব্যৱসায়ী ভাগ্য কলিতাৰ৷ আশ্চৰ্যজনকভাৱে আয়কৰ বিভাগে ৯০ বিঘা ভূমি-সম্পত্তিৰ প্ৰকৃত গৰাকী নোলোৱাত ছীল কৰি দিলেও কাগজ-পত্ৰই যাৰ নামত এই ভূমিৰ মালিকীস্বত্ব আছে সংশ্লিষ্ট লোককেইজনে উক্ত মাটিখিনি তেওঁলোকৰ নহয় বুলি দাবী কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ ৯০ বিঘা ভূমিৰ গৰাকী কোনো নোলালেও ভূমিখিনিত থকা ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনৰ লগতে মুঠ ৫টা বৃহৎ গুডামৰ পৰা নিয়মীয়াকৈ ব্যৱসায়ী ভাগ্য কলিতাৰ মালিকানাধীন এটা প্ৰতিষ্ঠানে ভাৰা আদায় কৰাৰ কাৰ্যত বিভ্ৰান্ত হৈ পৰিছে খোদ আয়কৰ বিভাগ৷ ফলত আয়কৰ বিভাগে বুধবাৰে বৰঝাৰৰ সমীপৰ ৯০ বিঘা ভূমি-সম্পত্তি ছীল কৰি দিয়ে৷ আয়কৰ বিভাগৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰা মতে দুবছৰ পূৰ্বে ব্যৱসায়ী ভাগ্য কলিতাৰ বাসগৃহত তালাচী চলোৱাৰ সময়তে আয়কৰ বিভাগে ৰাণী মৌজাৰ অন্তৰ্গত কাঁহিকুচি পঞ্চায়তৰ অধীনৰ দক্ষিণগাঁৱত থকা উক্ত ৯০ বিঘা ভূমিত থকা ৫টাকৈ গুডামৰ পৰা ভাৰা লাভ কৰাৰ নথি-পত্ৰ জব্দ কৰিছিল৷ উক্ত ভাৰাৰ নথি-পত্ৰ পৰীক্ষা কৰি আয়কৰ বিভাগে ট্ৰাইবেল বেল্টত থকা ৯০ বিঘা ভূমিৰ গৰাকীক চিনাক্ত কৰিছিল৷ ৰাজহ-চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নথি মতে উক্ত ৯০ বিঘা ভূমিৰ গৰাকী হৈছে বিতৰ্কিত বন বিষয়া শৈলেন দাস আৰু তেওঁৰ সহোদৰ বনমালী দাস, গণেশ দাস৷ শেহতীয়াকৈ আয়কৰ বিভাগে উক্ত মাটিৰ মালিক তিনিওজন লোককে সোধা-পোছা কৰে যদিও অতি তাৎপৰ্যপূৰ্ণভাৱে লোককেইজনে উক্ত ভূমি-সম্পত্তি তেওঁলোকৰ নহয় বুলি দাবী কৰে৷ আনকি তেওঁলোকৰ নামত যদি উক্ত ভূমি কোনোৱে ক্ৰয় কৰিছে, সেই সন্দৰ্ভতো অজ্ঞ বুলি আয়কৰ বিভাগক স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পাছতেই আয়কৰ বিভাগে গুডামকেইটাৰ কতৃৰ্পক্ষই নিয়মীয়াকৈ ভাৰা আদায় দি অহা ইউনিৰ্ভাচেল ল’জিষ্টিক পাৰ্ক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ তথ্যপাতি অনুসন্ধান কৰাত সংস্থাটোৰ মালিক ছালফা ভাগ্য কলিতা বুলি নিশ্চিত হয়৷ ইয়াৰ পাছতেই গুডামৰ ভাৰাৰ নামত বক্ৰ পথেৰে প্ৰতিমাহে লাখ লাখ টকা আহৰণ কৰা ভাগ্য কলিতাক এই ৯০ বিঘা ভূ-সম্পত্তি আৰু ৫টাকৈ গুডামৰ মালিকীস্বত্ব সন্দৰ্ভত সোধা-পোছাৰ বাবে আয়কৰ বিভাগে ৩বাৰকৈ তেওঁলৈ জাননী জাৰি কৰাৰ পাছতো আয়কৰ বিভাগক কোনো সঁহাৰি জনোৱা নাছিল৷ অৱশেষত আয়কৰ বিভাগৰ বেনামী সম্পত্তি প্ৰতিৰোধ শাখাৰ তৰফৰ পৰা বুধবাৰে প্ৰায় তিনিশ কোটি টকা মূল্যৰ এই সম্পত্তি ছীল কৰি দিয়ে৷ আয়কৰ বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে কাগজে-কলমে ইয়াৰ প্ৰকৃত মালিক প্ৰতিপন্ন নহ’লে উক্ত সম্পত্তি বেনামী সম্পত্তি হিচাপে চৰকাৰক গতাই দিয়া হ’ব৷ ইফালে, আয়কৰৰ এই অভিযানত ভাগ্য কলিতা আৰু শৈলেন দাসৰ গোপন ব্যৱসায়িক নেক্সাছৰ তথ্য উন্মোচন হৈছে৷ লক্ষণীয়ভাৱে মাটিৰ মালিক বিতৰ্কিত বন বিষয়া শৈলেন দাস বৰ্তমান বিভাগটোৰ জেনেটিক চেলৰ ডি এফ অ’ হিচাপে কৰ্মত৷ শৈলেন দাসে বিগত বহু বছৰ ধৰি ৰাণী-পলাশবাৰী আদিত ৰেঞ্জাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ সেই সময়ত বন বিষয়াজনৰ বিৰুদ্ধে একাধিক বাতৰিও প্ৰকাশ পাইছিল৷ পলাশবাৰীত কাম কৰি থকাৰ সময়তে শৈলেন দাসে ভাগ্য কলিতাৰ সহযোগত উক্ত ৯০ বিঘা ট্ৰাইবেল বেল্টৰ ভূমি নিজৰ নামলৈ নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ সূত্ৰটোৱে জনোৱা মতে বন বিষয়া শৈলেন দাস আৰু দুই ভ্ৰাতৃৰ নামত মাটিখিনি থাকিলেও উক্ত ভূমিত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে গাঁও পঞ্চায়তৰ পৰা ভাগ্য কলিতাৰ নামতেই অনুমতি-পত্ৰ লোৱা হৈছিল৷ তদুপৰি গুডামকেইটাৰ বাবেও বিদ্যুৎ সংযোগ লোৱা হৈছিল ভাগ্য কলিতাৰ নামত৷ আয়কৰ বিভাগে ভূমি-সম্পত্তি ছীল কৰি দিয়াৰ লগতে মাটিখিনিৰ ক্ৰয়-বিক্ৰয়তো নিষেধাজ্ঞা আৰোপ কৰিছে৷ অৱশ্যে, আয়কৰ বিভাগে ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনৰ গুডামটোও ছীল কৰি দিয়াত এমাজনৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পৰা বুলিও চৰ্চা হৈছে৷ কিয়নো গ্ৰাহকে অৰ্ডাৰ দিয়া সকলো পাৰ্চেল উক্ত গুডামৰ পৰাই নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হৈছিল৷ আকস্মিকভাৱে আয়কৰ বিভাগে গুডামটো ছীল কৰি দিয়াত হাহাকাৰ লাগিছে আমাজনত৷