Logo
image

খহিছে পাহাৰ, শিল! গুৱাহাটীৰ বিপদ

আমাৰ অসম, ২০ মে': বিগত কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰ সমূহত এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ নেৰানেপেৰা বৰষুণে বিপদ মাতিছে মহানগৰবাসীলৈ৷ গুৱাহাটী মহানগৰীত সম্প্ৰতি এফালে কৃত্ৰিম বানৰ বিভীষিকা আনফালে ভূমিস্খলনৰ আতংক৷ মহানগৰীৰ পাহাৰ সমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে৷ যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটিব পাৰে৷ ইয়াৰ মাজতে কালি নিশা কামৰূপ জিলাৰ আমিনগাঁৱৰ দালডাত ভূমিস্খলনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যান বাহন চলি থকাৰ মাজতে পাহাৰৰ পৰা বাগৰি পৰে দুটাকৈ প্ৰকাণ্ড শিল৷ নেৰানেপেৰা বৰষুণত পাহাৰৰ মাটি কোমল হৈ পৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ ভূমিস্খলনত কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই যদিও পথৰ দাঁতিতে ৰৈ থকা এখন ট্ৰাকত পাহাৰৰ পৰা খহি আহা এটা প্ৰকাণ্ড শিলে খুন্দা মৰাত ট্ৰাক খনৰ কিছু পৰিমাণে ক্ষতি হয় বুলি জানিব পৰা গৈছে৷  ইফালে, নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে আমিনগাৱত আৰু এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি বহুতে আশংকা কৰিছে৷ উল্লেখ্য, জয়গুৰু বৌদ্ধ মন্দিৰৰ ওচৰত পাহাৰৰ শিল বাগৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ ঘটনাও ইতিমধ্যে সংঘটিত হৈ গৈছে৷ আনহাতে,  যোৰাবাটৰ জনতা হিন্দী স্কুলৰ চৌহদত পাহাৰৰ ওপৰৰ পৰা মাটি খহি পৰে৷ যিকোনো মুহূৰ্তত মাটি খহি স্কুলখন পোত খাই যাব পাৰে বুলি প্ৰধান শিক্ষয়িত্ৰী জনে জানিবলৈ দিয়ে৷  ইপিনে, উলুবাৰীত থকা ইস্কন মন্দিৰৰ সমীপৰ মাতৃ মন্দিৰৰ বৃহৎ দেৱাল ভাগি মাটি খহি পৰিছে৷ বৰ্তমান পকী দেৱালৰ ভগ্নাংশ আৰু খহি পৰা মাটিয়ে দ’ম বান্ধিছে মন্দিৰৰ সমীপত৷ অকস্মাতে মন্দিৰৰ দেৱালখন ভাগি পৰাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ মন্দিৰ কতৃৰ্পক্ষৰ অমনোযোগিতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে৷ বিগত দুবছৰ ধৰি এই স্থানত খহনীয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে৷ উল্লেখযোগ্য যে বিগত কিছু দিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি থকা সত্ত্বেও মন্দিৰ কতৃৰ্পক্ষই কোনো গুৰুত্ব দিয়া নাছিল বুলিও স্থানীয় লোকসকলে ক্ষোভ ব্যক্ত কৰে৷ ইফালে পাণ্ডুতো ভয়াবহ ভূমিস্খলনৰ ঘটনা জলমগ্ন হৈ পৰিছে৷ পাণ্ডু-কামাখ্যা সংযোগী পথত বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ ঘটনা পাহাৰৰ পৰা খহি পৰিছে প্ৰকাণ্ড শিল, মাটি৷ ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে আপদকালীন সেৱাৰ বাবে কালি মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ ভূমিস্খলন স্পৰ্শকাতৰ অঞ্চলৰ লোকে যিকোনো সহায়ৰ বাবে ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪-৭১০৭১ নম্বৰযোগে জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে, মহানগৰীৰ খাৰঘুলিৰ হিড়িম্বাপুৰ, কৈলাসপুৰ, শিলপুখুৰীৰ নৱগ্ৰহ মন্দিৰ, গীতামন্দিৰৰ ভগদত্ত পথ, ধীৰেনপাৰাৰ ৰত্নগিৰি পথ, নুনমাটিৰ নেপালী চ’ক আৰু পাণ্ডুৰ হিলটপত যিকোনো মুহূৰ্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হব পাৰে৷ বিগত কেইবাদিনো হোৱা বৰষুণৰ ফলত পাহাৰৰ ওপৰৰ পৰা নামি অহা পানীৰ ধলৰ বাবেই একাংশ অঞ্চলৰ পথসমূহ খহি পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ উক্ত পথটোত প্ৰায় ১০০ ঘৰ লোকে বসবাস কৰে বুলি ৰাইজে জানিবলৈ দিছে৷ পথটোৰে এই ঘটনাৰ পাছত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷ আনহাতে, পাণ্ডুৰ হিলটপত সংঘটিত ভূমিস্খলনৰ ফলত গাৰ্ড ৱাল খহি পৰে৷ এই ভূমিস্খলনত এগৰাকী বৃদ্ধা সামান্য পৰিমাণে আহত হয় যদিও পৰিয়ালটো সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ পাণ্ডুনাথস্থিত অনুকূল মন্দিৰৰ প্ৰকাণ্ড অট্টালিকা আৰু গাৰ্ডৱালো যিকোনো মুহূৰ্ততে খহি পৰাৰ সম্ভাৱনা আছে৷ মন্দিৰৰ তলত প্ৰায় ১৫টা পৰিয়ালে বসবাস কৰে৷ সেয়েহে অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ একেদৰে ধীৰেনপাৰাৰ ৰত্নগিৰি পথতো ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে প্ৰতিখন জিলা উপায়ুক্তক ভূমি…লনপ্ৰৱণ এলেকাৰ পৰা লোকসকলক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতে জিলা উপায়ুক্ত সকলে ভূমিস্খলনপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে খানাপাৰাৰ পাহাৰ সমূহত যধে মধে কাটি ফাইভ ষ্টাৰ হোটেল আৰু বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলত যিকোনো মুহূৰ্তত এই পাহাৰ সমূহত ভয়ংকৰ ভূমিস্খলন হ’ব পাৰে বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে৷

আমিনগাৱত ভূমিস্খলন

ৰাজ্যজুৰি কেইবাদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ মাজতে কালি নিশা কামৰূপ জিলাৰ আমিনগাঁৱৰ দালডাত ভূমিস্খলনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যান বাহন চলি থকাৰ মাজতে পাহাৰৰ পৰা বাগৰি পৰে দুটাকৈ প্ৰকাণ্ড শিল৷ নেৰানেপেৰা বৰষুণত পাহাৰৰ মাটি কোমল হৈ পৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ ভূমিস্খলনত কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই যদিও পথৰ দাঁতিতে ৰৈ থকা এখন ট্ৰাকত পাহাৰৰ পৰা খহি আহা এটা প্ৰকাণ্ড শিলে খুন্দা মৰাত ট্ৰাক খনৰ কিছু পৰিমাণে ক্ষতি হয় বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ লোক তথা বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ইফালে, নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে আমিনগাৱত আৰু এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি বহুতে আশংকা কৰিছে৷ উল্লেখ্য, জয়গুৰু বৌদ্ধ মন্দিৰৰ ওচৰত পাহাৰৰ শিল বাগৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ ঘটনাও ইতিমধ্যে সংঘটিত হৈ গৈছে৷