Logo
image

মধ্য অসম প্লাৱিত, বৰাক বিচ্ছিন্ন

ৰাজ্যত বান-ভূমিস্খলনত মৃতৰ সংখ্যা ১৮লৈ বৃদ্ধি

২৯খন জিলাত অবৰ্ণনীয় পৰিস্থিতি

আমাৰ অসম, ২১ মে’: বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা সৰ্বত্ৰতে এতিয়া বানৰ সংহাৰ ৰূপ৷ ৰাজ্যৰ ২৯খন জিলা বলীয়া বানৰ কবলত৷ চৰকাৰী তথ্যমতে প্ৰায় ২,৫০০ গাঁৱৰ ৮ লক্ষাধিক বাসিন্দাই বানত ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে৷ নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপ-নৈসমূহ আৰু বৰাক নদীৰ জলপৃষ্ঠও ফেনে-ফোটোকাৰে ওফন্দি উঠিছে৷ কপিলী, দিচাং আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ গৈছে৷ বৰাকৰ তিনিওখন জিলাতে বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিগত ৪ দিন ধৰি শিলচৰ চহৰ পানীত বুৰ গৈ আছে৷ বানৰ বাবেই কাছাৰ জিলা শিক্ষানুষ্ঠান তথা অফিচ-কাছাৰীৰ বন্ধৰ সময়-সীমা বৃদ্ধি কৰিছে প্ৰশাসনে৷ লক্ষণীয়ভাৱে গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ত ভূমিস্খলন অব্যাহত থকাত শুকুৰবাৰে পুনৰ বৰাকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ অৱশ্যে মেঘালয় প্ৰশাসনে ক্ষিপ্ৰতাৰে পথ মুকলি কৰাৰ পাছতহে যান-বাহনৰ চলাচল আৰম্ভ হয়৷ বৰাকৰ আন দুখন জিলা হাইলাকান্দি আৰু কৰিমগঞ্জতো বানে ভয়ংকৰ ৰূপ লৈছে৷ বৰাকৰ তিনিওখন জিলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত আভ্যন্তৰীণ  যোগাযোগ একপ্ৰকাৰ  বিচ্ছিন্ন হৈ পৰিছে৷ ইপিনে বানে মধ্য অসমত ভয়ংকৰ ৰূপ লৈছে৷ বিশেষকৈ কপিলীৰ বানে কামপুৰকে ধৰি সমগ্ৰ অঞ্চলটোকে প্লাৱিত কৰিছে৷ নীপকোৱে উমৰাংচু জলবিদ্যুৎ প্ৰকল্প আৰু কপিলী বান্ধৰ পানী এৰি দিয়াত সমগ্ৰ মধ্য অসম এতিয়া বানত  ককবকাবলগীয়া হৈছে৷ হোজাই জিলাত বাঢ়নী  পানীয়ে ঘৰ-দুৱাৰৰ লগতে পশুধন উটুৱাই নিছে৷ বানত যমুনামুখ আৰু কামপুৰৰ দুজনকৈ লোকৰ মৃত্যু হৈছে৷ ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই মধ্য অসমৰ বাসিন্দালৈ মোবাইলত এছ এম এছ প্ৰেৰণ কৰি কপিলী নদীৰ কাষৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ সতৰ্কতা জাৰি কৰাত নৈপৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ৷ গুৱাহাটীৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰৰ বিপদসীমা স্পৰ্শ কৰিবলৈ বাকী মাত্ৰ ১.৬৭ মিটাৰ৷ শুকুৰবাৰে পানীৰ মাত্ৰা ৪৮.০১ ছেণ্টিমিটাৰ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ ইফালে বৃহস্পতিবাৰৰ দিনা পানীৰ মাত্ৰা আছিল ৪৭.৯৪ ছেণ্টিমিটাৰ৷ জানিব পৰা মতে প্ৰতি ঘণ্টাত ৩ পৰা ৪ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী৷ বিগত বছৰত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱা ফলত ফাঁচীবজাৰত সোমাইছিল বাঢ়নী পানী৷ যাৰ ফলত ৰাস্তাৰ এটা অংশ খহি পৰিছিল৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে গুৱাহাটীৰ লগতে ৰাজ্যজুৰি আৰু এসপ্তাহ জোৰা বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে বিগত কিছুদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত স্মাৰ্ট গুৱাহাটীৰ বহু অঞ্চল যেনে হাতীগাঁও, জুৰোড, অনিল নগৰ, নবীন নগৰ, বেলতলা, ডাউন টাউনকে ধৰি বহু অঞ্চল কৃত্ৰিম বানপানীত ডুব যোৱা দেখা পোৱা গৈছে৷ ধাৰাসাৰ বৰষুণৰ লগতে পাহাৰৰ পৰা পানী নামি অহা নাইবা নীপকোকে ধৰি অন্য প্ৰকল্পই পানী এৰি দিয়াৰ ফলত ওফন্দি উঠিছে ৰাজ্যৰ অন্য নৈসমূহৰো বুকু৷ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত উজনিৰ পৰা নামনিলৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইপিনে, নাৰায়ণপুৰত বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ চকীয়াল-নুনিবাৰী সংযোগী পথৰ কাছিকতা নদীৰ ওপৰত থকা বাঁহৰ দলংখন নিশা উটুৱাই নিয়াৰ ফলত চকিয়াল গাঁৱৰ লগতে সোণাৰিবাৰী, চেঙেলীসূতি, নুনিবাৰী, গোপালচুক আদি কেইবাখনো গাঁৱৰ যোগাযোগ বহিঃজগতৰ সৈতে বিছিন্ন হৈ পৰিছে৷ উল্লেখ্য, চলিত বৰ্ষৰ জানুৱাৰীত অঞ্চলটোৰ ৰাইজে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গাঁঠিৰ ধন ভাঙি নদীখনৰ ওপৰত প্ৰায় ডেৰশ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলঙখন নিৰ্মাণ কৰি লৈছিল৷ কিন্তু দূৰ্ভাগ্যজনকভাৱে নদীখনত উটি অহা মেটেকা আৰু বাঢ়নী পানীৰ তীব্ৰ সোঁতে দলঙখন উটুৱাই নিয়াত সম্প্ৰতি ইপাৰ-সিপাৰৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ শুকুৰবাৰে ৰহাৰ লগতে শোণিতপুৰত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা৷ জলসম্পদ মন্ত্ৰীজনে শুকুৰবাৰে ৰহা সমষ্টিৰ চাপৰমুখত বানাক্ৰান্তসকলৰ খবৰ লয়৷ চাপৰমুখৰ তিনিটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই৷ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী, খোৱাপানী আৰু ঔষধ আদিৰ সুব্যৱস্থা কৰি দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে মন্ত্ৰীজনে তিনিখুটি অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়৷ ইফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো ১৩টাকৈ বন শিবিৰ পানীত তলত বুৰ গৈছে৷ বানপানীৰ মাজতো হাত নাঁৱেৰে পানীত খোজকাঢ়ি আৰু হাতীৰ পিঠিত উঠি বনকৰ্মীসকলে অতি কষ্টেৰে টহল দি থাকিবলগীয়া হৈছে৷ উদ্যানখনৰ অমূল্য, ৰৌমাৰী, ৰাঙাগৰা, ভৱপূৰ, বেজিমাৰী, নিচলামাৰি, বিলপাৰ, কাহিবাৰী, খেৰণি, পিচলা, বেলছবি, বৰখে, খৈৰাচালি আদি বন শিবিৰ অধিক জলমগ্ন হৈ পৰিছে৷ ইয়াৰ ভিতৰত জ্ঝটা বন শিবিৰ আটাইতকৈ বেছি জলমগ্ন হৈছে বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে ৰাজ্যত চাৰিজন লোকৰ মৃত্যু হয়৷  কাটিগৰাত দুজন, উত্তৰ লখিমপুৰত এজন আৰু কানপুৰত এগৰাকী মহিলাৰ বানত মৃত্যু হয়৷ এই পৰ্যন্ত ৰাজ্যত বান আৰু ভূমিস্খলনত  মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে৷ 

জেচিবিত উঠি নিউ হাফলং ষ্টেচন পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

প্ৰকৃতিৰ তাণ্ডৱলীলাত লামডিং-বদৰপুৰ হিল চেকচনৰ নিউ হাফলং ৰে’ল ষ্টেচন আজি সম্পূৰ্ণৰূপে ধবংসস্তুপত পৰিণত হৈছে৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ একমাত্ৰ হিলচ ষ্টেচন হাফলঙৰ নিউ হাফলং ৰে’ল ষ্টেচনত প্ৰকৃতিয়ে এনেভাৱে তাণ্ডৱলীলা চলাব তাক কোনেও কল্পনা কৰিব পৰা নাছিল৷ প্ৰকৃতি যে কিমান নিষ্ঠুৰ হ’ব পাৰে সেয়া ডিমা হাচাও জিলাৰ বৰ্তমান পৰিস্থিতি দেখিলেই উমান পাব পাৰি৷ আজি পুৱা হাফলঙত থকা অসম চৰকাৰৰ দুই মন্ত্ৰী যোগেন মহন আৰু বিমল বৰাই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচাসহ নিউ হাফলং ৰে’ল ষ্টেচন প্ৰত্যক্ষ কৰে৷ চৌদিশে বোকা আৰু গছ-গছনিয়ে পুতি পেলোৱা ষ্টেচনটোলৈ যোৱাৰ কোনো পথ নথকাত তেওঁলোক এখন জেচিবিত উঠি তললৈ নামি যাবলৈ বাধ্য হয়৷ নিউ হাফলং ষ্টেচনত ধবংসলীলা প্ৰত্যক্ষ কৰি তেওঁলোকেও হতচকিত হৈ পৰে৷ ষ্টেচনটোত ট্ৰেইনৰ দুটা ইঞ্জিন আৰু এখন ৰে’ল গাড়ী সম্পূৰ্ণ মাটিৰে পোত খাই থকা প্ৰত্যক্ষ কৰে৷ ইপিনে, ডিমা হাচাও জিলাৰ বিভিন্ন অঞ্চল আৰু গাঁও এতিয়াও জিলা সদৰ হাফলঙৰ পৰা বিচ্ছিন্ন হৈ আছে৷ চাৰিওপিনে এতিয়া হাহাকাৰ অৱস্থা৷ মাথোঁ সুখৰ খবৰ এটাই যে গুৱাহাটী-হাফলং পথছোৱা সাময়িকভাৱে চলাচলক্ষম কৰি তুলিবলৈ সক্ষম হৈছে জিলা প্ৰশাসন৷ যাৰ ফলত বজাৰলৈ আলু, পিয়াজ, চাউল, দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ হৈছে৷ আনহাতে, ভূমিস্খলন আৰু বানৰ কৱলত পৰি গৃহহাৰা হোৱা জনতাৰ বাবে বায়ু সেনাৰ হেলিকপ্টাৰেৰে খাদ্য-সামগ্ৰী আজিও জিলাখনলৈ অনা হয়৷ লগতে বায়ু সেনাৰ চিনুক হেলিকপ্টাৰে জিলাখনত আবদ্ধ হৈ থকা শতাধিক লোকক উদ্ধাৰ কৰি শিলচৰলৈ লৈ যায়৷ কালি নিশাৰে পৰা বৃষ্টিপাত বন্ধ হোৱাৰ ফলত জিলাখনৰ জনতাৰ আতংক কিছু দূৰ হৈছে৷ ইয়াৰ মাজতেই পাহাৰৰ ওপৰত বা তলত বাস কৰা বহু লোকে নিৰাপদ স্থানত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, জিলাখনৰ দুৰ্গম অঞ্চলসমূহত যেনে লাইচং, খেপ্ৰে, হাৰাংগাজাও আদি অঞ্চলত পদপথেৰে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু বিষয়া প্ৰেৰণ কৰা হৈছে জিলাখনৰ দুৰ্গম অঞ্চলত বিৰাজ কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে৷ আনহাতে, জিলাখনত বাহৰ পাতি থকা মন্ত্ৰী বিমল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনত প্ৰকৃতিৰ এই তাণ্ডৱলীলাৰ পাছত হোৱা ক্ষয়-ক্ষতিৰ অনুমান নিৰ্ণয় কৰিবলৈ কমেও এটা মাহৰ প্ৰয়োজন হ’ব৷ ৰে’ল বিভাগে অহা দুটামান মাহৰ ভিতৰত ৰে’ল যোগাযোগ সূচল কৰিব বুলি কৈছে যদিও সেয়া সময়তহে নিশ্চিত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷

কামপুৰত বানত পুনৰ এজনৰ মৃত্যু

নগাঁও জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ আজি সামান্য উন্নতি ঘটিছে৷ জিলাখনৰ অন্যান্য বানাক্ৰান্ত অঞ্চলৰ লগতে কামপুৰৰ কোনো কোনো ঠাইত কিছুপৰিমাণে কপিলী আৰু নিশাৰীৰ পানী কমিছে যদিও ডেৰ শতাধিক ৰাজহ গাঁও এতিয়াও প্ৰলয়ংকাৰী বানত ডুব গৈ আছে৷ বছৰৰ প্ৰথমটো বানত কামপুৰ, নগাঁও আৰু ৰহা ৰাজহ চক্ৰৰ ডেৰশতাধিক গাঁৱৰ হাজাৰ হাজাৰ লোকৰ ক্ষতিসাধন হোৱাৰ লগতে বৃহৎ কৃষিভূমিৰ ক্ষতিসাধন হয়৷ ক্ষতিসাধন হয় বহু মৎস্য পালকৰ৷ নিজৰ গাঁঠিৰ ধন ভাঙি অথবা কোনো কোনো বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ লগতে বেংকৰ পৰা বহু নিৱনুৱা যুৱকে ঋণ লৈ মৎস্য পালন কৰিছিল যদিও প্ৰলংকাৰী বানে নিৱনুৱাসকলৰ সপোন চূৰমাৰ কৰি পেলায়৷ আজিপৰ্যন্ত কামপুৰ ৰাজহ চক্ৰৰ অন্তুৰ্গত বিভিন্ন ঠাইত চাৰিজনলোকে বানত প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে৷ ইফালে কপিলী, বৰপানী আৰু নিশাৰী নদীৰ বানত হাজাৰ হাজাৰ লোকে নিজৰ আপোন ঘৰখন এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে যদিও পৰ্যাপ্ত সা-সুবিধা চৰকাৰীভাৱে নোপোৱাত হাহাকাৰ লাগিছে বন্যাৰ্তৰ মাজত৷ বিশেষকৈ কামপুৰ, কচুৱা আৰু ৰাঙলু আদি অঞ্চলৰ পথৰ কাষত আশ্ৰয় লোৱা লোকসকলক এখন তিৰ্পাল দিব নোৱৰাত মুকলি আকাশৰ তলত শিশু মহিলাসকলক লৈ বন্যাৰ্ত জনতাই দিন পাৰ কৰিবলগা হৈছে৷ তিনিদিন-চাৰিদিন পাৰ হোৱাৰ পাছত চৰকাৰৰ ফালৰ পৰা মাথোঁ কেইটামান চাউল, দালি দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহতে, বহু ঠাইত আজিও খাদ্য-সামগ্ৰী দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে৷ ইফালে আশ্ৰয় শিবিৰত থকা শিশুসকলৰ মাজতো শিশুখাদ্যৰ নাটনি হোৱা বুলি জনা গৈছে৷ আশ্ৰয় শিবিৰত পশু আৰু মানুহ একেলগে বাস কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে৷ কামপুৰৰ নগৰ এলেকাৰ লগতে কামপুৰ তেতেলীসৰা পাঁচআলি, তেলীসৰা গ্ৰাণ্ট, নৱৰত্ন হাইস্কুল, বাহাকাবাৰী আদিৰ উপৰিও কচুৱাৰ বিভিন্ন স্থানত থকা আশ্ৰয় শিবিৰসমূহৰ লগতে নগাঁও ৰাজহ চক্ৰ এলেকাৰ বানাক্ৰান্তই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে৷ আজি পুৱাৰ ভাগত পুনৰ কামপুৰৰ আহোম গাঁৱত মাছ মাৰিবলৈ গৈ বানত উটি গ’ল এজন যুৱক৷ যুৱকজনৰ নাম শ্বৰীফ আহমেদ৷ এছ ডি আৰ এফে অভিযান চলাইছে যদিও এই বাতৰি লিখাৰ সময়লৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই৷ বৰ্তমানলৈকে মৃতকৰ সংখ্যা চ্ছ্ৰজনলৈ বৃদ্ধি পালে৷ ইফালে আজি কামপুৰ আদৰ্শ গাঁৱৰ পৰা এছ ডি আৰ এফে এটি শিশুসহ এগৰাকী মহিলাক বানৰ মাজৰ পৰা উদ্ধাৰ কৰে৷