Logo
image

গ্ৰেচ মাৰ্ক বাতিল! পুনৰ বেমেজালি চাকৰি তালিকাত

আমাৰ অসম, ২১ মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি শেহতীয়াকৈ শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত প্ৰায় ২৩ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিলে৷ ইয়াৰ অংশস্বৰূপে  ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে ৬,২৯৬টা হাইস্কুল শিক্ষক পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰিছিল যদিও গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এটা ৰায়ে এতিয়া শিক্ষা বিভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীক গ্ৰেচ মাৰ্ক সম্পৰ্কীয় এটা গোচৰত হাইস্কুল শিক্ষকৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য হৈছে মাধ্যমিক শিক্ষা সঞ্চালকে৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশত সম্প্ৰতি একাংশ প্ৰাৰ্থীৰ ভৱিষ্যৎ অনিশ্চয়তাই দেখা দিছে৷ কিয়নো ন্যায়ালয়ৰ নিৰ্দেশত শিক্ষা সঞ্চালকালয়ে হাইস্কুল শিক্ষকৰ নতুনকৈ মেধা তালিকা ঘোষণা কৰিবলৈ সাজু হৈছে৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এই সিদ্ধান্তৰ পাছত ইতিমধ্যে কৰ্মৰত হৈ থকা বিভিন্ন চাকৰিৰ পৰা পদত্যাগ কৰি হাইস্কুল শিক্ষকৰ চাকৰিত যোগদান কৰিবলৈ সাজু হোৱা বাছনিকৃত সংশ্লিষ্ট প্ৰাৰ্থীসকলে দুয়োটা চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে৷ উল্লেখ্য, ছেবাই পৰিচালনা কৰা হাইস্কুল টে’ট পৰীক্ষাত একাংশ প্ৰাৰ্থীক ১-৫ নম্বৰ পৰ্যন্ত গ্ৰেচ মাৰ্ক দি উত্তীৰ্ণ কৰোৱাইছিল৷ কিন্তু মাধ্যমিক শিক্ষা বিভাগে ৬,২১৬টা হাইস্কুল শিক্ষক পদৰ বাবে গ্ৰেচ মাৰ্ক লৈ উত্তীৰ্ণ ১,৩৪৩জন প্ৰাৰ্থীক বাছনি কৰিছিল যদিও এই সংক্ৰান্তীয় এটা গোচৰৰ পৰিপ্ৰেক্ষিততে গ্ৰেচমাৰ্ক লৈ বাছনিকৃত প্ৰাৰ্থীসকলক ‘উইথহেল্ড’ কৰি ৰাখিছিল৷ বৃহস্পতিবাৰে গ্ৰেচ মাৰ্ক সংক্ৰান্তীয় গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে গ্ৰেচ মাৰ্ক লৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিত নিষেধাজ্ঞা আৰোপ কৰে৷ অৱশ্যে ন্যায়ালয়ে দুখন প্ৰশ্নকাকতৰ ভিত্তিত অনুষ্ঠিত কৰা টে’ট পৰীক্ষাত দুয়োখন কাকততে সৰ্বমুঠ ৬০ শতাংশ নম্বৰ অৰ্থাৎ ১২০ নম্বৰ বা তাতোতকৈ অধিক নম্বৰ প্ৰাপ্ত প্ৰাৰ্থীসকলক টে’ট উত্তীৰ্ণ হিচাপে বাছনি কৰিবলৈ নিৰ্দেশ দিয়ে৷ লগতে এই বাছনি প্ৰক্ৰিয়া দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰি নতুনকৈ বাছনিকৃত প্ৰাৰ্থীসকলকো হাইস্কুল শিক্ষক পদৰ মেধাৰ তালিকাত স্থান দি নিযুক্তি চূড়ান্ত কৰিবলৈও নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত মাধ্যমিক শিক্ষা বিভাগে ‘উইথহেল্ড’ কৰি ৰখা গ্ৰেচমাৰ্কপ্ৰাপ্ত ১,৩৪৩ জন বাছনিকৃত প্ৰাৰ্থীৰ তালিকাৰ পৰা একাংশ প্ৰাৰ্থী বাদ পৰিব আৰু নতুনকৈ আন একাংশ প্ৰাৰ্থী বাছনি হোৱাটো নিশ্চিত হৈ পৰিছে৷ তদুপৰি নতুনকৈ প্ৰকাশ কৰিবলগীয়া চূড়ান্ত বাছনিত ইতিপূৰ্বে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে হাইস্কুল শিক্ষক পদৰ মেধাৰ তালিকাত স্থান দিয়া [গ্ৰেচমাৰ্ক নোহোৱাকৈ উত্তীৰ্ণ] কম নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম কৰ্তন হোৱাৰো সম্ভাৱনা প্ৰৱল৷ মাধ্যমিক শিক্ষা বিভাগে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য ৰাজহুৱা কৰা নাই যদিও শিক্ষা সঞ্চালক মমতা হোজাইৰ নিৰ্দেশত ইতিমধ্যে জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শকে নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিক্ষা বিভাগে হাইস্কুল শিক্ষক পদৰ বাবে বাছনি কৰি নিযুক্তি পত্ৰ দিয়াত ইতিমধ্যে প্ৰাথমিক শিক্ষক পদকে ধৰি আন আন বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে পূৰ্বৰ চাকৰিৰ পৰা পদত্যাগ কৰি হাইস্কুল শিক্ষকৰ পদত যোগদান কৰিছে৷ যদিহে মাধ্যমিক শিক্ষা বিভাগে নতুনকৈ প্ৰকাশ কৰিবলগীয়া চূড়ান্ত মেধাৰ তালিকাত চাকৰি পদত্যাগ কৰা এইসকল প্ৰাৰ্থীৰ কাৰোবাৰ নাম কৰ্তন কৰিবলগীয়া হয়, তেনেহ’লে ভৱিষ্যৎ অন্ধকাৰ হোৱাটো নিশ্চিত এইসকল প্ৰাৰ্থীৰ৷ শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ ফল ভোগ কৰা এইসকল প্ৰাৰ্থীয়ে পূৰ্বৰ চাকৰিটো ঘূৰাই পাব নে নাই বুলিও প্ৰশ্ন উঠিছে৷ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই শুকুৰবাৰে নিযুক্তি স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই বিভিন্ন চাকৰি পদত্যাগ কৰি হাইস্কুল শিক্ষক হ’বলৈ অহা প্ৰাৰ্থীসকলৰ মাজত কান্দোনৰ ৰো¸ল উঠিছে৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত ল’ব সেয়া সময়তহে স্পষ্ট হ’ব৷ তাৎপৰ্যপূৰ্ণভাৱে ইতিপূৰ্বে হাইস্কুল টে’টত গ্ৰেচমাৰ্ক লৈ উত্তীৰ্ণ একাংশ প্ৰাৰ্থীক বিটিচি, ডিমা হাচাও স্বায়ত্ব পৰিষদ আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ হাইস্কুলৰ লগতে আদৰ্শ বিদ্যালয় সমূহতো শিক্ষক পদত নিযুক্তি দিছিল৷ আৰু সেইসকল প্ৰাৰ্থীয়ে বৰ্তমানো কৰ্মৰত হৈ আছে৷ কিন্তু গুৱাহাটী উচ্ছ ন্যায়ালয়ে মাধ্যমিক টে’টত গ্ৰেচমাৰ্ক নাকচ কৰাত এইসকল শিক্ষকৰ ভৱিষ্যত কি হ’ব তাক লৈ শংকাৰ কাৰণ হৈ পৰিছে৷