Logo
image

কচু শাকৰ পৰা এইবোৰ উপকাৰ পাব

কেইটামান শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ কচু শাক খোৱাৰ অভ্যাস কৰক৷ কচু শাক বিভিন্ন ধৰণে খাব পাৰি৷ কচু শাকৰ পাত  আৰু কাণ্ডও বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি৷ বিশেষকৈ এই শাকত আছে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন, ফেট, কাৰ্বহাইড্ৰেট, ডিটাবেৰী ফাইবাৰ, শৰ্কৰা আৰু বিভিন্ন খনিজ উপাদান৷

নিয়মীয়াকৈ কচু শাক খোৱাৰ সুফল –

◾কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়৷ কচু শাকত থকা এণ্টি অক্সিডেণ্টে কেন্সাৰ প্ৰতিৰোধত সহায় কৰে৷ সেইবাবে নিয়মীয়াকৈ  কচু শাক খালে কলন কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা যায়৷ আনহাতে ই স্তন কেন্সাৰ প্ৰতিৰোধতো সহায় কৰে৷ 

◾কচু শাকত থাকে ভিটামিন ‘এ’৷ সেইবাবে কচু শাক খালে দৃষ্টিশক্তি ভালে থাকে৷ 

◾কচু শাকত থকা বিভিন্ন পুষ্টিকৰ উপাদানে উচ্ছ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে৷ নিয়মীয়াকৈ কচু খালে হৃদৰোগৰ আশংকাও কমে৷ 

◾কচু শাকত থকা ভিটামিন ‘চি’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ 

◾কচু শাকে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে৷ যাৰ বাবে কচুপাত খালে ডায়েবেটিছ হোৱাৰ আশংকা হ্ৰাস পায়৷ 

◾কচু শাকে হজম শক্তি বৃদ্ধিত সহায় কৰে৷ 

◾ৰক্তহীনতাত ভোগা লোকৰ বাবে ই অত্যন্ত উপকাৰী৷

বিশেষজ্ঞসকলৰ মতে কচু শাকৰ উপকাৰিতাৰ বিপৰীতে কেইটামান ৰোগত আক্ৰান্ত লোকৰ বাবে এয়া গ্ৰহণযোগ্য নহয়৷ বিশেষকৈ কচু শাক খালে এলাৰ্জি বাঢ়িব পাৰে৷ এলাৰ্জিজনিত সমস্যাত ভোগাসকলে চিকিৎসকৰ পৰামৰ্শ লৈহে কচু শাক খোৱা উচিত৷