Logo
image

প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্বয়ং ৰাজ্যৰ এনআৰচি সমন্বয়কৰ

আমাৰ অসম, ২১ মে’: ৰাষ্ট্ৰীয় নাগৰিকপন্থী বা এন আৰ চি উন্নীতকৰণৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত ইচ্ছাকৃতভাৱে বিসংগতি কৰাৰ অভিযোগ তুলি এতিয়াৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ফৌজদাৰী আৰু দেশদ্ৰোহিতাৰ ধাৰাত অসম আৰক্ষীৰ চি আই ডি বিভাগত গোচৰ ৰুজু কৰিছে৷ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰো সচিবৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই স্বাক্ষৰ কৰা এই এজাহাৰত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক তথা আই এ এছ বিষয়া প্ৰতীক হাজেলাই উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা আৰু ভুল প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰি এন আৰ চিত অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সুবিধা দিয়া আৰু প্ৰকৃত নাগৰিকক এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰিছে৷ অভিযোগকাৰী, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আই এ এছ বিষয়া তথা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই এজাহাৰত উল্লেখ কৰা অনুমতি প্ৰতীক হাজেলাই ৰাজ্যিক সমন্বয়ক হিচাপে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কেৱল কৰ্তব্য পালনতে গাফিলতি কৰা নাই, এই ইচ্ছাকৃত ত্ৰুটি সংঘটিত কৰি তেওঁ গুৰুতৰ অপৰাধ সংঘটিত কৰিছে৷ প্ৰতীক হাজেলাৰ এই অপৰাধক এতিয়াৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু এয়া পৰিষ্কাৰ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ বুলি চি আই ডিৰ ওচৰত ৰুজু কৰা গোচৰৰ এজাহাৰত উল্লেখ কৰিছে৷ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত অভিযোগকাৰীয়ে উত্থাপন কৰা অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ইউযএছ ১২০ বি, ১৬৬ এ, ১৬৭, ১৮১, ২১৮, ৪২০, ৪৬৬ ধাৰা ,৩৪ নম্বৰ অনুচ্ছেদ আৰু প্ৰয়োজনীয় অন্যান্য আইনী ধাৰা প্ৰয়োগ কৰিবলৈ চি আই ডিৰ অধীক্ষকক অনুৰোধ জনাইছে৷ 

তাৎপৰ্যপূৰ্ণ বিষয় এয়াইযে অসম কেডাৰৰ আই এ এছ বিষয়া প্ৰতীক হাজেলা সম্প্ৰতি অসমত কৰ্মৰত নহয়৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে নাগৰিকপঞ্জীত বিভিন্ন বিসংগতি থকা বুলি ৰাজ্যত হুলস্থূলৰ সৃষ্টি হৈছিল৷ ঠিক তেতিয়াই ডেপুটেচন লৈ প্ৰতীক হাজেলা অসমৰ পৰা আঁতৰি গৃহৰাজ্য মধ্যপ্ৰদেশলৈ যায়৷ সম্প্ৰতি তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ সামাজিক ন্যায়, প্ৰতিবন্ধী লোকৰ কল্যাণ বিভাগৰ প্ৰধান সচিব হিচাপে নিযুক্ত হৈ আছে৷ 

ইপিনে, চি আই ডিৰ আৰক্ষী অধীক্ষকৰ ওচৰত ৰুজু কৰা গোচৰত অভিযোগকাৰী হিতেশ দেৱ শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত থকা বহু বিসংগতিৰ উদাহৰণ দাঙি ধৰি সেয়া তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাই ইচ্ছাকৃত আৰু গাফিলতি কৰা বুলি জনাইছে৷ অভিযোগ অনুসৰি নাগৰিকপঞ্জীৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সকলো আবেদনকাৰী প্ৰকৃত ভাৰতীয় নাগৰিক হয়নে নহয় আৰু তেওঁলোক ১৯৭১ চনৰ পূৰ্বৰে পৰা অসমৰ বাসিন্দা হয়নে নহয় সেয়া নিৰূপণ কৰিবলৈ পৰিয়ালৰ সকলো সদস্যৰ নাম সম্বলিত ‘ফেমিলী ট্ৰী’ নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰিছিল৷ পৰৱৰ্তী সময়ত এই ‘ফেমিলী ট্ৰী’ পুনৰ পৰীক্ষা কৰাত সেই পদ্ধতিৰ আঁসোৱাহ ওলাই পৰে আৰু বহুসংখ্যক অবৈধ নাগৰিকে সেই আসোঁৱাহৰ সুবিধা লৈ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাতো ধৰা পৰে৷ ‘ফেমিলী ট্ৰী’ পৰীক্ষাৰ বাবে এন আৰ চি কৰ্তৃপক্ষই এটা ‘কম্পিউটাৰ জেনেৰেটেড ফেমিলী ট্ৰী’ পদ্ধতি আৰু হাতেৰে পৰীক্ষা [মেনুৱেল] কৰাৰ দুটা পৃথক পদ্ধতি ব্যৱহাৰ কৰিছিল৷ ‘ফেমিলী ট্ৰী’ পৰীক্ষণৰ যিটো ছফ্‌টৱেৰ ব্যৱহাৰ কৰা হৈছিল সেই ছফ্‌টৱেৰ ত্ৰুটিপূৰ্ণ বুলি পৰৱৰ্তী সময়ত কৰা পৰীক্ষাত প্ৰমাণিত হৈছে৷ ‘ইফৰ্ম ৩ ভেৰিফিকেছন’ নামৰ এই ছফ্‌টৱেৰ এন আৰ চিৰ তথ্য অন্তৰ্ভুক্ত কৰা লেপটপত সংলগ্ন কৰা হৈছিল৷ সেই তথ্য প্ৰাথমিকভাৱে অন্তৰ্ভুক্ত কৰাৰ পাছত ই কম্পিউটাৰ স্ক্ৰিনৰ পৰা অদৃশ্য হৈ পৰে আৰু উচ্ছ পৰ্যায়ৰ বিষয়াই চেষ্টা কৰিলেও সেই তথ্য পৰীক্ষা কৰিব নোৱাৰে৷ এজাহাৰত জনোৱা অনুসৰি সম্প্ৰতি এন আৰ চি কৰ্তৃপক্ষই এই ছফ্‌টৱেৰ বিশেষজ্ঞ প্ৰতিষ্ঠান মেছাৰ্ছ বহ্নিমান ছিষ্টেমছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰীক্ষা কৰে আৰু প্ৰতিষ্ঠানটোৱে এই ছফ্‌টৱেৰ আসোঁৱাহপূৰ্ণ বুলি মতামত দিয়ে৷ এন আৰ চি কৰ্তৃপক্ষই ছফ্‌টৱেৰ অবিহনে বৰপেটা জিলাৰ বাঘবৰ ২৯ কলগাছিয়া ছয় আৰু দৰং জিলাৰ দলগাঁৱত কেন্দ্ৰৰ তথ্য হাতে কামে [মেনুৱেল] পুনৰ পৰীক্ষা কৰিছিল৷ সেই পৰীক্ষাত ৩৯,২৯,৭০৩ আবেদনকাৰীৰ ভিতৰত ৯৭৫ জনৰ নাম প্ৰকৃত ‘ফেমিলী ট্ৰী’ৰ সৈতে মিলা নাই আৰু এই ৯৭৫ জনে অবৈধভাৱে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাটো প্ৰতীয়মান হৈছে৷ একেদৰে কামৰূপ জিলাৰ চমৰীয়া খণ্ডৰ এন আৰ চি কেন্দ্ৰত ১৪,১৩০জনে অবৈধ নথিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা প্ৰমাণিত হৈছে৷ এন আৰ চি কৰ্তৃপক্ষই নগাঁও, মৰিগাঁও জিলাতো এনে ভয়ংকৰ বিসংগতি ধৰা পেলাইছে৷ কেৱল ত্ৰুটিপূৰ্ণ ছফ্‌টৱেৰৰ দ্বাৰাই নহয়, আন আসোঁৱাহপূৰ্ণ পদ্ধতিৰেও এন আৰ চিত অসংখ্য অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি এজাহাৰত উল্লেখ কৰা হৈছে৷