Logo
image

অন্য গ্ৰহৰ প্ৰাণীৰ সৈতে শাৰীৰিক সম্পৰ্ক!

লণ্ডনৰ তৰুণীৰ দাবীক লৈ ব্যাপক চাঞ্চল্য

আমাৰ অসম, ২১ মে’: মানুহৰ সৈতে নহয়, অন্য গ্ৰহৰ প্ৰাণীৰ সৈতেহে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি অধিক উত্তেজনা লাভ কৰে লণ্ডনৰ এগৰাকী যুৱতীয়ে৷ এই কথা যুৱতীগৰাকীয়ে দাবী কৰাৰ পাছতে বিশ্বজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে৷ উল্লেখ্য, বৰ্তমান অন্য গ্ৰহৰ প্ৰাণীক লৈ বৰ্তমান বিশ্বত ব্যাপক চৰ্চা হৈছে৷ মঙল গ্ৰহত অন্য গ্ৰহৰ প্ৰাণীৰ ঘৰৰ দৰে স্থানৰ ছবি নাছাই প্ৰকাশ কৰাৰ লগতে মাৰ্কিন সেনাৰ মুখ্য কাৰ্যালয় পেণ্টাগনত অন্য গ্ৰহৰ প্ৰাণীয়ে আক্ৰমণ কৰিব পাৰে বুলি মাৰ্কিন কংগ্ৰেছত পেণ্টাগনে আশংকা প্ৰকাশ কৰাৰ সময়তে লণ্ডনৰ যুৱতীগৰাকীয়ে কৰা এই দাবীয়ে সকলোকে অবাক কৰি দিছে৷ অসংখ্য পুৰুষ সংগীৰ সৈতে যৌন সম্পৰ্ক গঢ়ি তোলা এমানুৱেল নামৰ যুৱতীগৰাকীয়ে কয় যে মানুহৰ সৈতে যৌন সম্পৰ্ক গঢ়ি তুলি তেওঁৰ ভাল নলগা হয়৷ সকলো যেন একঘেয়ামী৷ গতিকে তেওঁ অন্য গ্ৰহৰ প্ৰাণীৰ সৈতে যৌন সম্পৰ্ক গঢ়ি তুলিছে৷ বিগত এবছৰে তেওঁ অন্য গ্ৰহৰ প্ৰাণীটোৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু অন্য গ্ৰহৰ প্ৰেমিকৰ সৈতে যৌন সম্পৰ্ক কৰি তেওঁ অধিক সুখী৷ অন্য গ্ৰহৰ প্ৰাণীয়ে প্ৰেমৰ সম্পৰ্ক ভাঙিবলৈ চেষ্টাও নকৰে বুলি এমানুৱেলে দাবী কৰে৷ কিন্তু তেওঁৰ এই দাবী কিমান সঁচা, তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে৷