Logo
image

থাইৰয়েডৰ পৰা হাত সাৰিবলৈ তুলসী পাতৰ চাহ খাওক

থাইৰয়েডৰ সমস্যা আজিকালি সাধাৰণ কথা হৈ পৰিছে৷ সাধাৰণতে শৰীৰত আয়ডিনৰ অভাৱৰ কাৰণে এই সমস্যাই দেখা দিয়ে৷ পুৰুষৰ তুলনাক মহিলাসকল থাইৰয়েডজনিত সমস্যাত বেছিকৈ আক্ৰান্ত হয়৷ মহিলাৰ শৰীৰৰ ওজন যিমানে বাঢ়ে সেই অনুপাতে শৰীৰটো দুৰ্বল হৈ পৰে৷ সেইবাবে মহিলাৰ ওজন বৃদ্ধিৰ লগে লগে শৰীৰত অনেক ৰোগৰ আশংকাও বৃদ্ধি পায়৷ থাইৰয়েডজনিত সমস্যাত ভুগিলে বিভিন্ন ধৰণৰ ৰোগৰ আশংকাও বৃদ্ধি পায়৷ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত থাইৰয়েডৰ তাৰতম্য হ’লে গৰ্ভত থকা শিশুৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে৷ কেতিয়াবা সন্তান গৰ্ভতে নষ্ট হোৱাৰো আশংকা থাকে৷ সেইবাবে সময়মতে থায়ৰয়েডৰ চিকিৎসা কৰাটো জৰুৰী৷ প্ৰাকৃতিকভাৱেও থাইৰয়েড নিয়ন্ত্ৰণ কৰিব পাৰি

◾তুলসী  পাতৰ চাহঃ সহজতে উপলব্ধ তুলসী পাত থাইৰয়েড নিয়ন্ত্ৰণৰ বাবে উপযোগী বুলি বিবেচিত হৈছে৷ তুলসী পাতত থকা এণ্টি বেক্টেৰিয়েল, এণ্টি ভাইৰাল আৰু এণ্টি ইনফ্লেমেট’ৰি আৰু এণ্টি ফাংগাল থকাৰ বাবে থাইৰয়েডজনিত ৰোগত আক্ৰান্ত হোৱাজনে তুলসীপাতৰ ৰস অথবা তুলসীপাত চাহৰ দৰে সিজাই খালে সুফল লাভ কৰিব পাৰে৷ কেতিয়াবা চাহৰ সৈতে তুলসীপাতৰ পৰিমাণ বঢ়াই দি খোৱাৰ অভ্যাস কৰিলে থাইৰয়েড নিয়ন্ত্ৰিত হৈ থাকে৷ 

◾এক চামুচ এলোভেৰাৰ ৰসৰ সৈতে তুলসীপাত মিলাই খাব পাৰে৷ সেইদৰে তুলসীপাতৰ ৰস খালে থাইৰয়েডৰ পৰা হাত সাৰি থাকিব পাৰি৷ 

◾আনহাতে থাইৰয়েড নিয়ন্ত্ৰণৰ বাবে ঘিতকুমাৰীও উপকাৰী৷

◾থাইৰয়েডৰ লক্ষণঃ থাইৰয়েডত আক্ৰান্ত হ’লে মনৰ অস্থিৰতা বাঢ়ে, সকলো সময়তে উদ্বিগ্ন হৈ থকা, অলপতে খং উঠাও থাইৰয়েডৰ লক্ষণ হ’ব পাৰে৷

◾নিদ্ৰাত ব্যাঘাত,  ওজন হ্ৰাস, মাংসপেশীত বিষ অনুভৱ, শৰীৰ দুৰ্বল অনুভৱ হোৱা

◾মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱ অনিয়মীয়া হ’ব পাৰে৷ এনে ধৰণৰ লক্ষণ দেখা দিলেই তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷