Logo
image

4G স্পীড দ্ৰুত কৰিবলৈ সলনি কৰক এই ছেটিং

আজি কালি প্ৰায়ভাগ লোকেই 4G কানেক্টিভিটিযুক্ত স্মাৰ্ট ফোন ব্যৱহাৰ কৰে৷ কিন্তু বহু সময়ত ফোনটোত সম্পূৰ্ণ নেটৱৰ্ক থকা সত্ত্বেও ইণ্টাৰনেটৰ গতি অতি মন্থৰ হয়৷ এনে অৱস্থাত কি কৰিলে ইণ্টাৰনেটৰ গতি দ্ৰুত কৰিব পাৰি তাক জনাৰ কৌতূহল বাঢ়ে৷ যদি আপোনাৰ ফোনটোত কোনো সমস্যা নাথাকে অথবা যদি আপুনি উপস্থিত থকা অঞ্চলটোত ম’বাইল সেৱাৰ নেটৱৰ্ক সম্পূৰ্ণ থকা দেখুৱায়, তেনেহ’লে অচিৰেই তলত উল্লেখ কৰা ছেটিংকেইটা পৰিৱৰ্তন কৰি লওক৷ আপোনাৰ ফোনটোত লগে লগে ইণ্টাৰনেটৰ গতি দ্ৰুত হ’ব৷

[১] প্ৰথমতে ফোনটোৰ ছেটিঙলৈ গৈ নেটৱৰ্ক ছেটিঙৰ বিকল্প টেপ কৰক৷

[২] এইবাৰ Preferred network type অপশ্বনলৈ গৈ 4G অথবা LTE বাছি লওক৷

[৩] ইণ্টাৰনেটৰ গতি বঢ়াবলৈ APN অৰ্থাৎ একচেছ পইণ্ট নেটৱৰ্কৰ ছেটিং সলনি কৰক৷ উল্লেখ্য যে হাইস্পীড ইণ্টাৰনেটৰ বাবে APN সঠিক থকাটো অত্যন্ত জৰুৰী৷ প্ৰতিটো নেটৱৰ্ক প্ৰভাইডাৰৰ বাবে পৃথক পৃথক APN থাকে৷ সেয়ে আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰৰ APN কি সেই বিষয়ে আগতে নিশ্চিত হৈ ল’ব৷

[৪] ছ’চিয়েল মিডিয়া এপ্লিকেশ্বনৰ ওপৰত নজৰ ৰাখিব৷ ছ’চিয়েল মিডিয়া এপ্লিকেশ্বন বেকগ্ৰাউণ্ডে ইণ্টাৰনেট অতি বেছি খৰচ কৰে৷ সেয়ে এই ধৰণৰ এপ্লিকেশ্বন ব্যৱহাৰ হৈ থাকিলে সেয়া বন্ধ কৰি লওক৷ তদুপৰি অট’ প্লে, বেক্‌গ্ৰাউণ্ড প্লে বন্ধ ৰাখক৷

[৫] সময়ে সময়ে কেচ্‌ ক্লিয়াৰ কৰক৷ কেচত থকা ডাটাসমূহে ইণ্টাৰনেটৰ গতি মন্থৰ কৰে৷