Logo
image

লিচু লোভনীয়, কিন্তু বেছি খালে ক্ষতিকাৰক

জেঠ মাহৰ লগে লগে আৰম্ভ হয় ৰসাল ফলৰ বতৰ৷ চৌদিশে আম, কঠাল, লিচুৰ গোন্ধেৰে পৰিৱেশ মলমলাই থাকে৷ এই সময়ছোৱাত বজাৰত সহজলভ্য হোৱা এবিধ ৰসাল ফল হৈছে লিচু৷ এইবিধ ফল যিমান লোভনীয়, সিমানেই সোৱাদযুক্ত৷ সোৱাদযুক্ত আৰু লোভনীয় হ’লেও অত্যধিক লিচু খালে হ’ব পাৰে ভয়ংকৰ বিপদ৷ বিশেষকৈ, খালীপেটে কেতিয়াও লিচু নাখাব৷ অত্যধিক লিচু খোৱাৰ ফলত হ’ব পৰা সমস্যাৰ পৰিণতিত মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ 

লিচু পুষ্টিসমৃদ্ধ ফল৷ টিউমাৰৰ দৰে ৰোগ নিৰাময় কৰিব পাৰে লিচুৱে৷ লিচুত কেলচিয়াম, ভিটামিন ‘চি’ আৰু আইৰণ থাকে৷ কিন্তু অত্যধিক লিচু খালে বিপদ হ’ব পাৰে৷ আজিৰ পৰা দহবছৰ পূৰ্বে বাংলাদেশত ২০১২ চনত অত্যধিক লিচু খোৱাৰ ফলত ১৪টা শিশুৰ মৃত্যু ঘটিছিল৷ পৰৱৰ্তী সময়ত চিকিৎসকসকলে জনাইছিল যে লিচুত থকা ৰাসায়নিক পদাৰ্থৰ বিষক্ৰিয়া ঘটাৰ পৰিণতিতে শিশুকেইটাৰ মৃত্যু ঘটিছিল৷ এই ঘটনাৰ কিছুবছৰৰ পাছত বিহাৰতো অত্যধিক লিচু খোৱাৰ ফলত ৩৯০টা শিশু অসুস্থ হৈ পৰে৷ লগে লগে শিশু কেইটাক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে ১২২টা শিশুৰ মৃত্যু ঘটে৷ স্বাভাৱিকতে সেই সময়ত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু লিচুৰ বিষক্ৰিয়াক লৈ নতুনকৈ গৱেষণা আৰম্ভ হয়৷ কেৰিবিয়ান দ্বীপৰ গৱেষকসকলৰ মতে লিচু সঠিক নিয়ম মানি নাখালে প্ৰাণৰ সংশয় আহি পৰে৷

চিকিৎসাবিজ্ঞান সম্পৰ্কীয় আলোচনীত ‘লেন্সছেট’ৰ মতে শিশুৱে যদি খালী পেটত লিচু খায় তেন্তে বিষক্ৰিয়া হ’ব পাৰে৷ আলোচনীখনৰ মতে লিচুত পৰ্যাপ্ত পৰিমাণে হাইপ’গ্লাইচিন নামৰ এবিধ ৰাসায়নিক উপাদান থাকে৷ খালী পেটত এই ৰাসায়নিক উপাদান দেহত প্ৰৱেশ কৰিলে দ্ৰুতগতিত তেজত শৰ্কৰাৰ পৰিমাণ কমি আহে৷ তেনে অৱস্থাত পেটৰ বিষ, বমি হোৱাৰ লগতে শিশু অজ্ঞান পৰ্যন্ত হৈ পৰিব পাৰে৷ এনেকুৱা হ’লে যদি অসুস্থ শিশুটিক চিকিৎসকৰ ওচৰলৈ নিয়া নহয় তেন্তে প্ৰাণৰ সংশয় পৰ্যন্ত আহিব পাৰে৷ সেয়ে খালী পেটত ভুলতো লিচু নাখাব৷ লিচু খাওক, কিন্তু বয়স আৰু শাৰীৰিক অৱস্থা অনুসৰিহে খোৱা কৰক৷ অত্যধিক লিচু ভুলতো নাখাব৷