Logo
image

বিশ্বৰ অতিশয় ঘাতক বেমাৰ কি জানেনে?

শিৰোনামটো দেখি পাঠকৰ মনত চাগে উত্তৰটোৱে দোলা দিছে৷ বিশ্বৰ অতিশয় ঘাতক বেমাৰ Covid-১৯ৰ বাদে আন একো হ’ব নোৱাৰে বা দুই-একে Cancer বুলিও ক’ব খুজিব৷ এয়াই স্বাভাৱিক কাৰণ, বিগত দুটা বছৰে সমগ্ৰ বিশ্বক Covid-১৯ অতিমাৰীয়ে যি আহুকালৰ সৃষ্টি কৰিলে সেই কথাই আপোনাক কিয় আমাকো ভবাই তুলিছিল যে Covid-১৯ তকৈ ঘাতক বেমাৰ আন একো হ’ব নোৱাৰে৷ কিন্তু এয়া সত্য নহয়৷ আপুনি আচৰিত হ’ব, বিশ্বৰ অতিশয় ঘাতক বেমাৰ Covid-১৯ নহয় বা Cancer ও নহয়৷ সেয়া হ’ল CAD৷ যি বেমাৰৰ কবলত পৰি প্ৰতিদিনে বিশ্বত প্ৰায় ৪,০০০ তকৈ অধিক লোকৰ মৃত্যু হয়৷

CAD- coronary artery disease অৰ্থাৎ হৃদপিণ্ডৰ প্ৰধান ধমনী বিষয়ক এক বেমাৰ৷ ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি এই বেমাৰেই হৈছে বিশ্বৰ অতিশয় ঘাতক বেমাৰ, যাৰ কবলত পৰি সমগ্ৰ বিশ্বত প্ৰতিদিনে মৃত্যু হয় ৪,০০০তকৈ অধিক লোকৰ৷ CAD হ’ল এনে এটা বেমাৰ, যাৰ বাবে হৃদপিণ্ডৰ প্ৰধান ধমনীবিলাকৰ তেজ চলাচল কৰা বাট-পথবোৰ ক্ৰমে সৰু হৈ আহে৷ তাত কিছুমান পদাৰ্থ গোট খায়, যাক বিজ্ঞানৰ ভাষাত কোৱা হয় plaque৷ Plaque হ’ল cholesterol আৰু আন কিছুমান ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণ৷ ফলত আমাৰ কলিজাটোলৈ পৰ্যাপ্ত পৰিমাণে তেজ চলাচল কৰিব নোৱাৰে৷ ফলস্বৰূপে হূদযন্ত্ৰ দুৰ্বল হৈ আহে আৰু তেতিয়া শৰীৰত বিভিন্ন উপসৰ্গই দেখা দিয়ে৷ শেষলৈ Stroke, cardiac arrest ইত্যাদি হৈ মানুহ মৃত্যুমুখত পৰে৷ ইয়াৰ ডাঙৰ সমস্যাটো হ’ল ধমনীবোৰত plaque জমা হোৱাৰ বাবে তেজ গোট মাৰে আৰু তেতিয়াই ডাঙৰ বিপদ আহে৷ এই বেমাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ল অস্বস্তি, দুৰ্বল ভাব, বুকুৰ বিষ, উশাহ চুটি হোৱা আদি৷

বিভিন্ন গৱেষণাই কয় যে এই বেমাৰৰ মূল কাৰণ হ’ল আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস৷ গতিকে ইয়াক Life style disease বুলিও কোৱা হয়৷ Life style ৰ বাবে আমাৰ তেজত বৃদ্ধি হয় cholesterol, যিয়ে এদিন ধমনীবোৰত plaque হিচাপে জমা হৈ তেজ চলাচল বন্ধ কৰে৷

Cholesterol হ’ল এবিধ চৰ্বীজাতীয় পদাৰ্থ যাক Lipid বুলিও জনা যায়৷ আমাৰ দেহত Cholesterol প্ৰয়োজন হয়, গতিকে দেহৰ কোষবোৰে সেই Cholesterol উৎপন্ন কৰে আৰু সেইবোৰে কোষ গঠন হোৱা, হজম বৃদ্ধি হোৱা, প্ৰয়োজনীয় হৰমন ইত্যাদি উৎপন্ন হোৱাত সহায় কৰে৷ তেনে ধৰণৰ Cholesterol ক HDL অৰ্থাৎ high density lipoprotine বুলি জনা যায়৷ কিন্তু আমাৰ খাদ্যাভ্যাসৰ বাবে শৰীৰৰ তেজত আন এক ধৰণৰ Cholesterol ৰ (LDL-Low Density Lipoprotine) বৃদ্ধি হয় আৰু তেতিয়া তেজৰ পনীয়া ভাব কমি লেজুৱা ভাৱ বৃদ্ধি হয় আৰু তেতিয়াই তেজ চলাচলত অসুবিধা হয়৷ আৰু সেই LDL এদিন plaque হিচাপে ধমনীবোৰত জমা হয়, যেতিয়া তেনে plaque ধমনীত এবাৰ জমা হয় তাক আঁতৰাব নোৱাৰি৷ গতিকে আমি Low cholesterl যুক্ত খাদ্য খোৱাৰ অভ্যাস কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে শৰীৰক শ্ৰম কৰাটো অতিকৈ জৰুৰী৷ কিন্তু ডাঙৰ কথাটো হ’ল যিবোৰ খাদ্যই LDL বৃদ্ধি কৰে সেইবোৰেই দেখোন অতিকৈ সোৱাদযুক্ত আৰু তৃপ্তিদায়ক৷ এতিয়া সিদ্ধান্ত আপোনাৰ৷ সোৱাদ আৰু তৃপ্তিক প্ৰাধান্য দি চলিলে এদিন CAD নামৰ এই ঘাতক বেমাৰটোক আপোনাৰ শৰীৰত ঘৰ বান্ধিবলৈ দিব লাগিব৷