Logo
image

প্ৰকৃতিৰ ৰুদ্ৰৰূপে কঢ়িয়াইছে অনাগত দিনৰ সংকট

ক’ভিড অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে বিগত প্ৰায় দুটা বছৰে বিধবস্ত হৈ পৰা পৰ্যটন উদ্যোগে ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা পুনৰ এক গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ভ্ৰমণ সংস্থাসমূহৰ যোগেদি বুকিং কৰা গ্ৰাহকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাটো এক আশাৰ বতৰা ৰূপে পৰিগণিত হৈছে পৰ্যটন, পৰিবহণ, সেৱা খণ্ডৰ সৈতে জড়িত ব্যৱসায়ী, উদ্যোগীসকলৰ বাবে৷ দেশৰ আগশাৰীৰ ভ্ৰমণ সংস্থা থমাছ কুকৰ দ্বাৰা সম্পাদন কৰা এক সমীক্ষামতে ক’ভিড অতিমাৰীৰ পাছত প্ৰায় ৪৫ শতাংশ গ্ৰাহকে ভাৰতৰ বিভিন্ন পৰ্যটনস্থলীসমূহ ভ্ৰমণৰ বাবে ইচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ লক্ষণীয়ভাৱে দেশৰ ১০খন শীৰ্ষ পৰ্যটনস্থলৰ ভিতৰত নতুনকৈ স্থান লাভ কৰিছিল প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ স্বৰূপ অসমৰ ডিমা হাচাও জিলাৰ হাফলঙে৷ থমাছ কুক, মহিন্দ্ৰা হলিডে’ আদি প্ৰতিষ্ঠানৰ জৰীপ মতে উত্তৰ-পূৰ্বাঞ্চলৰ হাফলঙৰ লগতে অৰুণাচল প্ৰদেশৰ জিৰ’ আৰু মেঘালয়ৰ লেইটমাওচিয়াঙলৈ পৰ্যটকৰ আগ্ৰহ বৃদ্ধি পাইছে৷ সাধাৰণতে অসমৰ ভ্ৰমণপ্ৰিয় লোকৰ বাবে দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চলৰূপে শ্বিলং, চেৰাপুঞ্জী, বমডিলা, টাৱাং, পাচীঘাট আদি, মেঘালয়- অৰুণাচলৰ কেইবাখনো স্থানে অগ্ৰাধিকাৰ লাভ কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লোকে হাফলঙৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল৷ দীৰ্ঘসময় জুৰি উগ্ৰপন্থী কাৰ্যকলাপে জৰ্জৰিত কৰা ডিমা হাচাও জিলাৰ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰক্ৰিয়া বহু পৰিমাণে তৰান্বিত হোৱাৰ পাছত হাফলং, জাতিংগা, উমৰাংচু, পানীমূৰ জলপ্ৰপাত আদি স্থানলৈ মানুহৰ সোঁত ব’বলৈ আৰম্ভ কৰিছিল৷ ডিমা হাচাও জিলাখনৰ এই উত্থান সমগ্ৰ ৰাজ্যৰ বাবে এক আশাৰ বতৰা ৰূপে পৰিগণিত হোৱাৰ সময়তে প্ৰায় ৭-৮ দিনৰ নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পানীৰ ঢল, ভূমিস্খলনে ধবংসস্তুপত পৰিণত কৰিলে ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ ইত্যাদি৷ ব্ৰিটিছ আমোলতে ডিমা হাচাওত সুৰংগ নিৰ্মাণ কৰি ৰে’লপথৰ যোগেদি যাতায়াত সুচল কৰা শতবৰ্ষ পাৰ হৈ গ’ল৷ প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য উপভোগ কৰি উক্ত ৰে’লপথেৰে যাত্ৰা কৰা যাত্ৰীসকলে এক বিমল আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন জিলাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ প্ৰকৃতিৰ চৰিত্ৰ অতি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ লগতে বৰাইল পাহাৰৰ শৈল সমষ্টি, শৈল গাঁথনি আদিৰ সুন্দৰ জৰীপৰ দ্বাৰা এশ বছৰৰ আগতেই দুৰ্গম স্থানত পাহাৰৰ মাজে মাজে সুৰংগ নিৰ্মাণ কৰি ৰে’লপথেৰে যাতায়াত ব্যৱস্থাৰ দ্বাৰা ব্ৰিটিছসকলে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছিল৷ কিন্তু মিটাৰগজৰ স্থানত ব্ৰডগজ নিৰ্মাণ কৰাৰ সময়ছোৱাত ব্যাপক ৰূপত বন ধবংসকে ধৰি পাহাৰ কটাৰ বাবে উক্ত স্থানত পৰিৱেশ অৱক্ষয় ঘটাটো নিশ্চিত হৈ পৰিছিল৷ অনুৰূপভাৱে ৰাষ্ট্ৰীয় পথ নিৰ্মাণ আৰু বাকী সংযোগী পথসমূহ নিৰ্মাণৰ সময়তো গেদীয় শিলাৰে পৰিবেষ্টিত বৰাইল পাহাৰৰ গাঁথনিৰো ক্ষতিসাধন হৈছিল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য কেইখনৰ প্ৰায় আটাইকেইখনতে কম-বেছি পৰিমাণে ভূমিস্খলন হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ এনে স্থানসমূহত ৰে’লপথ, পথ নিৰ্মাণ সহজসাধ্য নহয়৷ এনে পৰিপ্ৰেক্ষিতত প্ৰকৃতিৰ চৰিত্ৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি সেই অনুসৰি আন্তঃগাঁথনি নিৰ্মাণ কৰাটো অতি প্ৰয়োজন যদিও তাক কিমান সঠিকভাৱে ৰূপায়ণ কৰা হ’ল সেয়া প্ৰতিফলিত হ’ল ডিমা হাচাওৰ ধবংসযজ্ঞৰ পাছত৷ মাত্ৰ কেইটামান দিনৰ আগলৈকে দেশৰ অন্যতম আকষৰ্ণীয় পাহাৰীয়া পৰ্যটনস্থলী ৰূপে পৰিগণিত হোৱা হাফলং সংযোগী তিনিওটা পথেই এতিয়া প্ৰায় বন্ধ হৈ পৰিছে৷ হাফলং-লামডিং, হাফলং-উমৰাংচু-ডিযুংমুখ পথো ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈ পৰিছে৷ হাফলঙৰ পৰা লামডিঙলৈ ব্ৰডগজ ৰে’লপথছোৱাৰ মুঠ ৬০টা স্থানত ভূমিস্খলন হৈছে৷ কেইবাটাও স্থানত ১০০-১৫০ মিটাৰ পৰ্যন্ত মাটি খহি যোৱাত ওলমি পৰিছে ৰে’লপথ৷ এই পৰিস্থিতিৰ কেতিয়া পৰিৱৰ্তন হ’ব, ৰে’লপথ-ৰাষ্ট্ৰীয়পথৰ মেৰামতি কেতিয়া সম্পূৰ্ণ হ’ব কাৰো হাতত এতিয়া কোনো উত্তৰ নাই৷ প্ৰকৃতিৰ মাত্ৰ ৭-৮টা দিনৰ ৰুদ্ৰ ৰূপত তচনছ হৈ পৰিল ডিমা হাচাও জিলা৷ প্ৰকৃতিৰ এনে আচৰণ এতিয়া বিশ্বৰ সৰ্বত্ৰে সুলভ৷ জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে সমগ্ৰ বিশ্বতে ঘূৰ্ণী বতাহ, সাগৰীয় ধুমুহা, বজ্ৰপাত, আকস্মিক বান, মেঘ বিস্ফোৰণ, খৰাং, উষ্ণতা বৃদ্ধিৰ পৰিমাণ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন মতে ২০৩০ চনৰ ভিতৰত বিশ্বত প্ৰতি বছৰে হ’ব অতি কমেও ৫৬০টাকৈ ভয়াৱহ দুৰ্যোগ৷ দুৰ্যোগ প্ৰশমন, দুৰ্যোগ ব্যৱস্থাপনা, নিয়ন্ত্ৰণৰ অভাৱে পৰিস্থিতিক অধিক জটিল কৰি তুলিছে৷ উত্তৰ-পূবত বৰষুণে বানপানী, ভূমিস্খলন সৃষ্টি কৰাৰ সময়ত উত্তৰ-ভাৰতৰ ৰাজ্যসমূহত অবিশ্বাস্য উষ্ণতা বৃদ্ধিয়ে জীৱন দুৰ্বিসহ কৰি তুলিছে৷ ৰাষ্ট্ৰসংঘই বিশ্বৰ ধনী-দুখীয়া সকলো দেশকে আসন্ন দুৰ্যোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি হ্ৰস্বম্যাদী, দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷ মুঠতে আমি সকলো এক সমস্যাৰ আৱৰ্ত বেহুত সোমাই পৰিছোঁ৷ হাফলঙকে ধৰি বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ, বানপানীয়ে ইংগিত দিছে ভৱিষ্যত দিনৰ৷ ইয়াক সহজভাৱে লৈ নস্যাৎ কৰিমনে নে সতৰ্ক হৈ ব্যৱস্থা লম– তাৰ উত্তৰ চৰকাৰ, ৰাইজৰ হাতত!