Logo
image

‘জেলেনস্কি’ৰ সৈতে পুটিনৰ কন্যা কেটেৰিনাৰ গোপন প্ৰেম!

আমাৰ অসম, ২৩ মে’: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ কনিষ্ঠা কন্যা কেটেৰিনা তিখোন’ভাই হেনো জেলেনস্কিৰ সৈতে গোপনে প্ৰেমত লিপ্ত হৈছে৷ দুয়োকে বহুবাৰ একেলগেও দেখা গৈছে৷ বিভিন্ন সংবাদ মাধ্যমে এই বাতৰি পৰিৱেশন কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি তীব্ৰ আলোড়নৰ৷ উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কে কোনো কথাই ৰাজহুৱা নকৰে৷ কন্যাৰ বিষয়েও বিশেষ একো জানিব পৰা নাযায়৷ কিন্তু ইয়াৰ মাজতে পুটিনৰ কনিষ্ঠা কন্যা তিখোন’ভাৰ প্ৰেম কাহিনীক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা৷ পুটিনৰ দুই কন্যাৰ এগৰাকী হ’ল মাৰিয়া ভোৰোন্তছ’ভা৷ আন গৰাকী কেটেৰিনা৷ মাৰিয়া সম্পৰ্কে বিশেষ একো জানিব পৰা নগ’লেও কেটেৰিনাই কিন্তু লোকচক্ষুৰ সন্মুখত থাকিয়েই ভাল পায়৷ এগৰাকী বেলে নৃত্যশিল্পী হিচাপে খ্যাতি অৰ্জন কৰি থৈছে কেটেৰিনাই৷ নৃত্যক লৈয়েই ব্যস্ত এইগৰাকী পুটিন কন্যা৷ ২০১৩ চনত কেটেৰিনাই পুটিনৰ এগৰাকী বন্ধুৰ পুত্ৰ কিৰিল ছামালোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিন্তু সেই সম্পৰ্ক চাৰিবছৰহে তিষ্ঠি থাকিল৷ ২০১৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে৷ ইয়াৰ পাছত জাৰ্মানীৰ এজন বেলে শিল্পীৰ সৈতে প্ৰণয়পাশত আৱদ্ধ হয় কেটেৰিনা৷ অৱশ্যে সেই সময়ত কেটেৰিনাৰ এই প্ৰেম কাহিনী উৰা বাতৰি বুলি জানিব পৰা গৈছিল৷ কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ এক সংবাদ মাধ্যমৰ মতে পুটিন কন্যাই প্ৰেমিকৰ সৈতে সাক্ষাৎ কৰিবলৈ প্ৰায়েই জাৰ্মানীৰ মিউনিখ চহৰলৈ যায়৷ সংবাদ মাধ্যমৰ মতে কেটেৰিনাৰ নতুন প্ৰেমিকৰ নাম ইগৰ জেলেনস্কি৷ ইগৰ বৃত্তিত এগৰাকী বেলে শিল্পী৷ তদুপৰি মিউনিখৰ বেলে সন্থাৰ তেওঁ প্ৰাক্তন বিষয়া৷ দুয়োৰে দুবছৰীয়া এক কন্যা সন্তানো আছে৷ পিতৃৰ সৈতে থাকে সন্তানটো৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুঁজৰ মাজতে পুটিন কন্যাৰ গোপন প্ৰেম আৰু  নতুন প্ৰেমিকৰ নামৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামৰ মিল থকাত স্বাভাৱিকতে কেটৰিনাৰ প্ৰেম কাহিনীক লৈ এতিয়া আমোদৰ সৃষ্টি হৈছে৷