Logo
image

৩০ ছেকেণ্ডতে জানিব পাৰিব আপোনাৰ শৰীৰ সুস্থ নে অসুস্থ

সুস্থ হৈ থাকিবলৈ সকলোৱে বিচাৰে৷ ইয়াৰ বাবে সঠিক নিয়মত জীৱন-যাপন কৰাটো জৰুৰী৷ অৱশ্যে, কৰ’নাৰ বাবে নিজকে সুস্থ ৰখাটো এতিয়া প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে৷ সামান্য ভাগৰ লাগিলেই নিজকে কিবা ৰোগত আক্ৰান্ত হোৱা বুলি মনত আতংকৰ সৃষ্টি হয়৷

কিন্তু আপুনি যদি বিচাৰে ঘৰত বহিয়েই এটা সাধাৰণ পৰীক্ষাৰ জৰিয়তে নিজৰ সুস্থতা বা অসুস্থতাৰ বিষয়ে জানিব পাৰিব৷ এই পৰীক্ষাৰ বাবে মাত্ৰ ৩০ ছেকেণ্ড সময়ৰ প্ৰয়োজন হয়৷ উল্লেখ কৰা হ’ল ৩০ ছেকেণ্ডত শৰীৰ সুস্থ নে অসুস্থ সেয়া জানিবলৈ কৰা পৰীক্ষাৰ পদ্ধতি–

১] হাতৰ তলুৱাঃ এই পৰীক্ষা কৰাৰ সময়ত হাতৰ আঙুলি কেইটা মুঠি কৰি লওক৷ ইয়াৰ পাছত মুঠি টান কৰি কিছু সময় চেপি ৰাখক৷ অন্ততঃ ৩০ ছেকেণ্ড এনেদৰে থাকক৷ এইবাৰ লাহে লাহে হাতৰ মুঠি খুলি দিয়ক৷

মুঠি খুলি দিয়াৰ লগে লগে দেখিব যে, হাত দুখনৰ তলুৱা আগতকৈ কিছু বগা হৈ পৰিছে৷ ৰক্তপ্ৰবাহ কমি যোৱাৰ বাবে এনেকুৱা হয়৷ এইবাৰ কিছু সময় অপেক্ষা কৰি তলুৱালৈ লক্ষ্য কৰি থাকক৷ তলুৱাৰ ৰং উভতি আহিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ল সেয়া চাওক৷ এই সময়ত যদি আপুনি অসাৰ বোধ কৰে বা তলুৱালৈ ৰক্ত প্ৰবাহ হোৱাত বেছি সময় লাগে, তেন্তে জানিব ই আৰ্টেৰিঅ’স্কে্‌লৰোছিছৰ লক্ষণ হ’ব পাৰে৷ এইটো এনে এটা অৱস্থা যে ইয়াৰ বাবে হৃদপিণ্ডৰ পৰা শৰীৰৰ বাকী অংশলৈ অক্সিজেন আৰু পুষ্টি বহনকাৰী ৰক্ত নলীসমূহ টান হৈ পৰে৷ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷

২] পাঁচ আঙুলিত পাঁচটা সমস্যাঃ এই পৰীক্ষাৰ বাবে মাত্ৰ ৫ ছেকেণ্ড সময়েই যথেষ্ট৷ ইয়াৰ বাবে এখন হাতেৰে আনখন হাতৰ নখৰ গুৰিসমূহ হেঁচি ধৰক৷ দেখিব পূৰ্বৰ পৰীক্ষাটোৰ দৰে নখসমূহ বগা হৈ পৰিছে৷

এই পৰীক্ষাত নখত তেজ স্বাভাৱিক অৱস্থালৈ আহিবলৈ তিনি ছেকেণ্ডতকৈ বেছি সময় নালাগে৷ এইটো পৰীক্ষাত যদি আঙুলিত বিষ বা অস্বস্তি অনুভৱ কৰে, তেনেহ’লে এইবোৰ লক্ষণে দেখা দিব পাৰে– 

◾বুঢ়া আঙুলিত বিষ  অনুভৱ কৰিলে এয়া শ্বাসকষ্টৰ লক্ষণ৷ ◾ তৰ্জনীত বিষ অনুভৱ কৰিলে এয়া কোলন বা পাচনতন্ত্ৰৰ সৈতে সম্পৰ্ক থকা সমস্যা হ’ব পাৰে৷ ◾ মধ্যমাই কাৰ্ডিঅ’ভাস্কুলাৰ সমস্যাৰ লক্ষণ দেখুৱায়৷ ◾ অনামিকাত বিষ অনুভৱ কৰিলে ই হৃদযন্ত্ৰৰ সৈতে হোৱা সমস্যাৰ লক্ষণ৷ ◾ ক্ষুদ্ৰতম আঙুলি বা কনিষ্ঠাত যদি বিষ অনুভৱ কৰে তেন্তে সেয়া অন্ত্ৰৰ সমস্যাৰ লক্ষণ৷

৩] দুভৰিৰ সৈতে কঁকাল আৰু পেটঃ এই পৰীক্ষাৰ বাবে মজিয়াত চিধা হৈ শুই পৰক৷ দুয়োখন হাত দুফালে মজিয়াৰ পৰা ওপৰলৈ দাঙি ৰাখক৷ মেৰুদণ্ড পোন কৰি ৰাখিব৷ এইবাৰ লাহে লাহে ভৰি দুখন একলগ কৰি ওপৰলৈ তোলাৰ চেষ্টা কৰক৷

আপুনি যদি ৩০ ছেকেণ্ড সময় এইদৰে থাকিব পাৰে তেন্তে জানিব আপোনাৰ কোনো সমস্যা হোৱা নাই৷ কিন্তু যদি ৩০ ছেকেণ্ড এনেদৰে থাকিব নোৱাৰে তেনেহ’লে জানিব আপোনাৰ পেট অথবা মেৰুদণ্ডৰ নিম্নাংশত সমস্যা আছে৷