Logo
image

তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলে এইবোৰ খাদ্য খাব পাৰে

ৰক্তহীনতাৰ সমস্যা বহুতৰে আছে৷ দেহত পৰ্যাপ্ত তেজৰ অভাৱ ঘটিলে শাৰীৰিক দুৰ্বলতা, ক্লান্তি ভাৱ আৰু শ্বাস কষ্টৰ দৰে উপসৰ্গই দেখা দিয়ে৷ বিশেষকৈ দেহত লোহিত ৰক্তকণিকাৰ মাত্ৰা যদি স্বাভাৱিকৰ তুলনাত কমি আহে, তেতিয়া হিম’গ্ল’বিনৰ ঘনত্ব কমিবলৈ ধৰে৷ ফলত তেজত অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায়৷ ৰক্তহীনতা বা এনিমিয়াৰ প্ৰধান কাৰণ মূলতঃ দুটা৷ দেহত পৰ্যাপ্ত পুষ্টি আৰু ভিটামিন বি-১২ হ্ৰাস পালে ৰক্তহীনতাৰ সমস্যা বাঢ়ে৷ পুৰুষৰ তুলনাত নাৰীৰ মাজত এই সমস্যা বেছি দেখা যায়৷ এনে ক্ষেত্ৰত নাৰীয়ে আইৰণসমৃদ্ধ খাদ্য খোৱাটো অতি জৰুৰী৷ বিশেষকৈ মটৰগুটি, মচুৰ দাইল, শাক-পাচলি, কল, ব্ৰক্‌লি, কলডিল আদি খাব পাৰে৷ তদুপৰি হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধিত সহায় কৰা আন কেতবোৰ খাদ্য হৈছে–

[১] ভিটামিন চি সমৃদ্ধ খাদ্য যেনে নেমু, অমিতা, ষ্ট্ৰবেৰী, আঙুৰ আদি৷

[২] উৰহীৰ বীজ, বাদাম, কল আদি ভিটামিন বি-কমপ্লেক্স সমৃদ্ধ খাদ্য খালেও তেজত হিম’গ্ল’বিনৰ মাত্ৰা বাঢ়ে৷

[৩] আইৰণ, ফলিক এচিড আৰু ফাইবাৰ সমৃদ্ধ বীতৰ ৰসেও হিম’গ্ল’বিনৰ মাত্ৰা বঢ়ায়৷

[৪] কেলছিয়াম, আইৰণ আৰু শৰ্কৰাসমৃদ্ধ ডালিমেও তেজত হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰে৷