Logo
image

৮ জুনৰ পাছত পুনৰ হাগ্ৰামাৰাজ?

নস্যাৎ কৰিলে প্ৰমোদ বড়োৱে

আমাৰ অসম, ২৪ মে’: বিটিচিত পুনৰ পৰিৱৰ্তন হ’ব চৰকাৰৰ৷ ৮ জুনৰ পাছত প্ৰমোদ বড়োক ওফৰাই বিপিএফৰ হাতলৈ আহিব ক্ষমতাৰ বাঘজৰী৷  মুছলপুৰত সোমবাৰে এই দাবী  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ৷ আজি বিটিচিৰ বাকসা  জিলাৰ অন্তৰ্গত ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী শংকৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত দাবী কৰি কয় –যে ইউপিপিএল মিত্ৰজোঁটৰ এজন শীৰ্ষ নেতাই সঘনে অব্যাহত ৰাখিছে আমাৰ সৈতে যোগাযোগ৷ সম্প্ৰতি বিপিএফৰ এঘাৰজন পাৰিষদ আছে৷ তাৰ বিপৰীতে বিজেপি আৰু ইউপিপিএল দলৰ পৰা যোগদান কৰিব ১২ জনতকৈও অধিক পাৰিষদে৷ অৱশ্যে ভাল- বেয়া নিৰ্বাচন কৰিহে তেওঁলোকক বিপিএফে গ্ৰহণ কৰিব৷ কাৰো নাম নোলোৱাকৈ মিত্ৰজোঁটত থকা বহুজন পাৰিষদে ইউপিপিএল দলৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাৰ কথাও প্ৰকাশ কৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যজনে৷ তেওঁ লগতে কয় আজি মনোনয়ন দাখিল কৰা বিপিএফ দলৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে বিপিএফ দলৰ জন্মলগ্নৰে পৰা কোকলাবাৰী সমষ্টিত দলৰ সম্পাদক হিচাপে কৰি আহিছে৷ শংকৰ বসুমতাৰীক সমষ্টিত সকলো জাতি-জনগোষ্ঠীৰ লোকে চিনি পায়৷ সেয়ে বিপিএফে সমষ্টিটোত সৰ্বাধিক ভোটত জয়যুক্ত হ’ব৷ আজি বিপিএফ দলৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে মনোনয়ন পৰ্ব দাখিলৰ সময়ত হাগ্ৰামা মহিলাৰীৰ লগতে দলটোৰ প্ৰাক্তন বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰীয়েও সংগ দিয়ে৷ আনহাতে সমষ্টিটোৰ পৰা ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৱে আজি ইউপিপিএল দলৰ জিলা কাৰ্যালয়ৰ পৰা কেবা শতাধিক সমৰ্থকক লগত লৈ সমদল কৰি জিলা উপায়ুক্ত কাৰ্যলয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি বিটিচিৰ  মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত বিপিএফ দলে উপ-নিৰ্বাচন অৰ্থাৎ জ্জ্ব জুনৰ পাছত বিটিচি দখল কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা দাবীক একেষাৰে নসাৎ কৰে৷  বিগত ডেৰ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিত চৰকাৰ গঠনৰ কথা কৈ থকা বুলি কটাক্ষ কৰি  প্ৰমোদ বড়োয়ে কয় যে দলৰ সদস্যসকলক ধৰি ৰখাৰ বাবেই হাগ্ৰামাই এনেধৰণৰ মন্তব্য কৰি আহিছে৷ বিপিএফৰ একাংশই এতিয়া ইউপিপিএলত আৰু আন একাংশই বিজেপিত যোগদান কৰিছে৷ বিটিআৰত এদিন শূন্য হৈ যাব বিপিএফ৷ এইবাৰৰ উপ-নিৰ্বাচনতো কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা ইউপিপিএল-বিজেপি-আৰু জিএছপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৱে বিপুল ভোটত জয়ী হ’ব৷ যোৱাবাৰ মই নিজে সেই সমষ্টিৰ পৰা জয়ী হৈছিলো বিপুল ভোটত৷ এইবাৰ মই আসনখন এৰি দিয়াত উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জনে নিশ্চিতভাৱে জয়ী হ’ব ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰমোদ বড়োৰ উপৰিও ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ, তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিটিচি পৰিষদৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য তথা পাৰিষদ উপস্থিত থাকে৷ উল্লেখ্য যে আজি বিটিচিৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আছিল অন্তিম দিন৷ আজি অন্তিম দিনা সমষ্টিটোৰ বাবে উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ ৰিটাৰ্ণি বিষয়া আশ্ৰাফুল আমিনৰ হাতত ইউপিপিএল মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থী মণ্টু বড়ো, বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰী, অবড়ো সুৰক্ষা সমিতি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়া আৰু ভিপিআই দলৰ প্ৰাৰ্থী লৱ কুমাৰ বসুমতাৰীয়ে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে৷ উল্লেখযোগ্য যে অহা ৮ জুনত পৰিষদীয় সমষ্টিটোত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷