Logo
image

ভাৰতীয় বক্সিঙৰ সুদিন

ভাৰতীয় পুৰুষ বেডমিণ্টন দলটোৱে থমাছ কাপ জয় কৰাৰ কেইদিনমান পাছত নিখট জেৰীনে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাটো আছিল ভাৰতীয় ক্ৰীড়াৰ আন এটা সুখবৰ৷ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা নিখট হৈছে ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ৷ তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল এম চি মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কে চিয়ে৷ মেৰী কমৰ নামত আছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছটাকৈ স্বৰ্ণপদক৷ টকিঅ’ অলিম্পিকত অসমৰ লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত ভাৰতীয় বক্সিঙৰ বাবে এয়া আন এটা বৃহৎ সফলতা৷ প্ৰায় এটা দশক আগলৈকে ভাৰতীয় বক্সাৰে অলিম্পিক অথবা বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাটো অসম্ভৱ বুলিয়ে গণ্য কৰা হৈছিল৷ কিন্তু বিগত দহ-বাৰ বছৰত ভাৰতীয় বক্সিঙৰ ছবিখনেই সলনি হৈ গৈছে৷ ভাৰতীয় বক্সাৰে এতিয়া বিশ্বৰ যিকোনো দেশৰ প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ৩ান জনাবলৈ সক্ষম৷ অৱশ্যে, অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত পুৰুষতকৈ মহিলা বক্সাৰ অধিক সফল হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকত এতিয়ালৈকে ভাৰতৰ নামত  আছে তিনিটা পদক৷ এই তিনিটা পদকৰ দুটা লাভ কৰিছে মহিলা বক্সাৰে৷ অলিম্পিকৰ বক্সিঙত ভাৰতৰ প্ৰথমটো পদক আহিছিল ২০০৮ চনৰ বেইজিং অলিম্পিকত৷ সেইবাৰ বীজেন্দৰ সিঙে পাইছিল ব্ৰঞ্জৰ পদক৷ চাৰি বছৰ পাছত মেৰী কমে লণ্ডন অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ ভাৰতক অলিম্পিকত তৃতীয়টো ব্ৰঞ্জৰ পদক দিয়ে লাভলীনা বৰগোহাঁয়ে৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰে দহটা স্বৰ্ণপদক লাভ কৰিলেও পুৰুষ বক্সাৰে অৱশ্যে স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ভাৰতীয় বক্সিঙৰ এই উত্থানৰ বাবে দেশখনৰ বক্সিং ফেডাৰেশ্বনে নিঃসন্দেহে কৃত্বিত্ব দাবী কৰিব পাৰে৷ কিন্তু এটা কথা সকলোৱে স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় বক্সিঙক বৰ্তমানৰ পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত বিশেষ অৱদান আছে হাৰিয়ানাৰ৷ হাৰিয়নাক কোৱা হয় ভাৰতীয় ক্ৰীড়াৰ ছুপাৰ পাৱাৰ বুলি৷ বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল ভাৰতীয় বক্সাৰে সফলতা পাইছে, তেওঁলোকৰ অধিকাংশই হৈছে হাৰিয়ানাৰ৷ ৰাজ্যখনত হাৰিয়ানা বক্সিং সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰায় ষাঠিটা বক্সিং ক্লাব আৰু বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ আছে৷ এই বক্সিং প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ ভিতৰত বিশেষভাৱে নাম ল’ব লাগিব ভিৱানী চহৰৰ৷ ভিৱানীত থকা ভিৱানী বক্সিং ক্লাবে জন্ম দিছে অলিম্পিকত পদক লাভ কৰা ভাৰতৰ প্ৰথমজন বক্সাৰ বীজেন্দৰ সিঙৰ লগতে বেইজিং অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱা অখিল কুমাৰ আৰু জিতেন্দৰ কুমাৰৰ দৰে বক্সাৰক৷ এই ক্লাবটোত দ্ৰোণাচাৰ্য বঁটাপ্ৰাপক জগদীশ সিঙৰ প্ৰশিক্ষণত ৰাজ্যখনৰ বহু বক্সাৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷

অলিম্পিকত বীজেন্দৰ সিঙৰ সফলতাৰ পাছত  ভাৰতত বক্সিঙৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছিল৷ ভিৱানী বক্সিং ক্লাবৰ পথ অনুকৰণ কৰি হাৰিয়ানাত গঢ় লৈ উঠিছিল বহুকেইটা বক্সিং ক্লাব৷ এনেদৰেই ভাৰতীয় বক্সিঙলৈ হাৰিয়ানাই আগবঢ়াইছে বিশেষ অৱদান৷ বক্সিং এতিয়া হৈ পৰিছে অলিম্পিকত ভাৰতৰ বাবে পদকৰ অন্যতম সম্ভাব্য ইভেণ্ট৷ চৰকাৰেও দেশখনত বক্সিঙৰ উত্তৰণৰ ক্ষেত্ৰত ভাৰতীয় বক্সিং ফেডাৰেশ্বনলৈ বহুখিনি সহায়-সহযোগিতা অগবঢ়াইছে৷ কিন্তু এতিয়াও কৰিবলগীয়া বহুখিনি আছে৷ বক্সিঙৰ ক্ষেত্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰো প্ৰচুৰ সম্ভাৱনা আছে৷ উল্লেখ্য, অলিম্পিকৰ বক্সিঙত পদক লাভ কৰা ভাৰতৰ তিনিগৰাকী বক্সাৰৰ দুগৰাকীয়ে হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ৷ এই অঞ্চলৰ প্ৰতিভাৱান বক্সাৰক সঠিক দিশত  আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় বক্সিং ফেডাৰেশ্বনে উত্তৰ-পূৰ্বাঞ্চলত বক্সিং একাডেমী স্থাপন কৰাত গুৰুত্ব দিয়া উচিত৷ আন্তঃৰাষ্ট˜ীয় বক্সিঙত যিকেইখন দেশক শক্তিশালী হিচাপে গণ্য কৰা হয়, সেই দেশৰ খেলুৱৈৰ সৈতে  সঘনাই প্ৰতিদ্বন্দ্বিতাৰ ব্যৱস্থা কৰিব লাগে, যাতে ভাৰতীয় বক্সাৰে  সেই দেশৰ খেলুৱৈৰ খেলৰ কৌশলৰ বিষয়ে জনাৰ সুযোগ পাব৷ টকিঅ’ অলিম্পিকলৈ ভাৰতৰ নগৰাকী বক্সাৰে যোগ্যতা অৰ্জন কৰিছিল যদিও পদক আহিছিল কেৱল এটা৷ সেয়েহে পেৰিছত হ’বলগীয়া পৰৱৰ্তী অলিম্পিকলৈ এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিলেহে ভাৰতে অধিক পদক আশা কৰিব পাৰিব৷