Logo
image

‘শিক্ষক’ৰ পৰা সাৱধান

আমাৰ অসম, ২৫ মে’: ৰাজ্যৰ জটিল বান পৰিস্থিতিৰ মাজতে আৰম্ভ হৈছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়৷ গুণোৎসৱ সফল কৰি তুলিবৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দিন-ৰাতি একাকাৰ কৰিছে৷ শিক্ষামন্ত্ৰীয়েও আন সকলো কাম বাদ দি ব্যস্ত হৈ পৰিছে গুণোৎসৱৰ কামত৷ কেৱল শিক্ষামন্ত্ৰীয়েই নহয়, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশত আন আন মন্ত্ৰীসকলৰ উপৰি বুজনসংখ্যক বিধায়কো গুণোৎসৱৰ সৈতে জড়িত হৈ পৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰীও জড়িত হৈছে এই অধ্যায়ৰ সৈতে৷ ছাত্ৰ-ছাত্ৰীক পাঠদানো কৰিছে একাংশ মন্ত্ৰী-বিধায়কে৷ এয়া স্বাভাৱিকতে আদৰণীয় যদিও ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা একাংশ মন্ত্ৰী-বিধায়কৰ শিক্ষাদানৰ অৰ্হতা আৰু শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ বিশেষকৈ মাজুলী সমষ্টিৰ বিধায়ক ভুবন গামৰ বিষয়ে বাৰুকৈয়ে আলোচনা চলিছে– ৰাইজৰ মাজত৷ মাজুলীৰ উপনিৰ্বাচনৰ সময়ত ভুবন গামে কথা ক’ব নাজানে বুলি আনৰ কথা বাদেই, বিজেপিৰ ভিতৰচ’ৰাৰ পৰাও অভিযোগ উত্থাপিত হৈছিল৷ সেইজন ভুবন গামে গুণোৎসৱত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা কাৰ্যই ৰাইজৰ মাজত ক্ষোভ, অসন্তুষ্টিৰ লগতে হাস্যৰসৰ সৃষ্টি কৰিছে৷ যিজন লোকে কথা কওঁতে বাৰে বাৰে ভুল কৰে বা নক’বলগীয়া কথা কয়, সেইজন মানুহে ছাত্ৰ-ছাত্ৰীক কেনেকৈ শিক্ষাদান কৰিব বুলিও যুক্তিসংগত প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত৷ ভুবন গামৰ লগতে গুণোৎসৱত পাঠদান কৰা আন কেইবাজনো ৰাজনৈতিক নেতাৰ শিক্ষাদানৰ অৰ্হতাক লৈও ৰাইজৰ মাজত চৰ্চা চলিছে, প্ৰশ্ন উঠিছে৷ উল্লেখ্য যে মাজুলী, বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচাৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাক সামৰি মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ মঙলবাৰে গুণোৎসৱৰ প্ৰথমটো দিন আছিল৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱতো ভাগ লয় কেইবাজনো মন্ত্ৰী-বিধায়কে৷ বিশেষকৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আনুষ্ঠানিক আৰম্ভ হোৱাৰ এদিন পূৰ্বেই উজনিৰ তিনিচুকীয়াত শিক্ষকৰ বেশত অত্যন্ত অত্যুৎসাহী ৰূপত দেখা গ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক৷ তেলীয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নাচিং পাৱাৰক লগত তিনিচুকীয়াৰ বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয় আৰু ডিগবৈৰ বালিজান মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসলৰ শিক্ষাৰ মান, শিক্ষকৰ শিক্ষণ পদ্ধতি আদি মূল্যায়ন কৰে৷ গুণোৎসৱৰ মূল্যায়ন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী শিক্ষাৰ্থীসকল উদ্দেশ্যি কয়–‘গ্ৰামাঞ্চলৰ এনে অসমীয়া মাধ্যৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিও ডাঙৰ মানুহ হ’ব পাৰি৷ মই নিজেই এনে গ্ৰামাঞ্চলৰ স্কুলৰ পৰাই পঢ়ি আজি এই অৱস্থা পাইছোঁ৷’ প্ৰসংগক্ৰমে উল্লেখ্য কৰিব পাৰি যে গুণোৎসৱৰ শিক্ষকৰূপী ৰামেশ্বৰ তেলীৰ শিক্ষাগত অৰ্হতাক লৈ যথেষ্ট বিতৰ্ক আছে৷ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত সন্নিৱিষ্ট তথ্য অনুসৰি তেওঁ দশম শ্ৰেণী উত্তীৰ্ণ৷ ইফালে নিৰ্বাচন আয়োগক দিয়া শপতনামাত হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ পিইউ পাছ বুলি উল্লেখ থকা মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামে মঙলবাৰে ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰা মাজুলী বৰলুইত উচ্ছ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰে৷ বিধায়কজনে শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় অবিভাৱকৰ সৈতে শিক্ষাৰ গুণগত মান উন্নীতকৰণ সন্দৰ্ভত মনোজ্ঞ আলোচনাত বহাৰ লগতে ফটোছেছনতো ভাগ লয়৷ ইফালে ১৯৮১ চনত গড়গাঁও কলেজৰ পৰা পিইউ পাছ কৰা বুলি নিজৰ শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ ৰাজহ মন্ত্ৰী যোগেন মহনে চ্ছ মে’ অৰ্থাৎ বৃহস্পতিবাৰে তিনিচুকীয়াৰ বিপিন বৰা হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰিব৷ গুণোৎসৱ উপলক্ষে ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাই প্ৰস্তুত কৰা তালিকাত উল্লেখ থকা অনুসৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সেইদিনাই নাজিৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত, শক্তিমন্ত্ৰী বিমল বৰাই তিনিচুকীয়াৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে পাঠশালা ছোৱালী এল পি স্কুলত আৰু কৃষিমন্ত্ৰী অতুল বৰাই গোলাঘাটৰ বহৰা বাগিচা এল পি স্কুললৈ যাব আৰু শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰিব৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ইতিমধ্যে আন আন মন্ত্ৰীৰ লগতে মেট্ৰিক উত্তীৰ্ণ মন্ত্ৰী সঞ্জয় কিষাণেও দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰিছিল৷ শিক্ষিত আৰু অৰ্হতাসম্পন্ন মন্ত্ৰী-বিধায়কসকলে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰাত কোনেও আপত্তি কৰাৰ থল নি(য় নাই৷ কিন্তু শিক্ষাদানৰ বাবে শৈক্ষিক অৰ্হতা নথকা মন্ত্ৰী বা বিধায়কে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনা পৰীক্ষা কৰিবলৈ লোৱা কাৰ্য স্বাভাৱিকতে বিদ্বৎ সমাজে সহজভাৱে ল’ব পৰা নাই৷ শিক্ষকৰূপী একাংশ মন্ত্ৰী-বিধায়কৰ পৰাই এতিয়া সাৱধান হ’বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল!