Logo
image

বিধবস্ত ডিমা হাচাওক পুনৰ গঢ়ি তোলাৰ সংকল্প

প্ৰকৃতিৰ ধবংসলীলা চালেগৈ মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ২৫ মে’: প্ৰাকৃতিক বিপৰ্যয়ৰ কৱলত পৰা ডিমা হাচাও জিলাক নতুন ৰূপত গঢ়ি তোলাৰ সংকল্প লৈছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা তথা তেওঁৰ চৰকাৰে৷ ডিমা হাচাওৰ সদৰ হাফলঙত মঙলবাৰে চমু ভ্ৰমণসূচীৰে উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই কথা ঘোষণা কৰে৷৷ পুৱা ১০ বজাত বায়ু সেনাৰ হেলিকপ্টাৰেৰে হাফলঙত আহি উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰা হাফলং-লংকা সংযোগী পথৰ মূল পথ, চৰকাৰ বাগান এলেকা পথ পৰিদৰ্শন কৰে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ল’ৱাৰ হাফলং হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ ভূমিস্খলনত গৃহহাৰা হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ খবৰ লোৱাৰ উপৰি হকাইপুঞ্জি গাঁৱত হোৱা ভূমিস্খলনত নিহত তিনিজন লোকৰ পৰিয়ালক লগ কৰিবলৈ গাঁওখনত উপস্থিত হয়৷ পৰিয়ালৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই হাফলং আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন উচ্ছ পৰ্যায়ৰ বৈঠকতো মিলিত হয়৷ ইয়াৰ পাছতেই সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা জিলাখনৰ পুনৰ গঠন আৰু সংস্থাপনৰ বাবে সকলোধৰণৰ সাহায্য আৰু সহযোগিতা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সন্মুখত কয় যে ২৭ মে’ত কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিনিধি দল ডিমা হাচাও জিলাৰ ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জিলাখনৰ প্ৰাকৃতিক বিপৰ্যয়ক লৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতো আলোচনা কৰিছে৷ জিলাখনত প্ৰবল বৃষ্টিপাতৰ ফলত যি বৃহৎ ক্ষতি হৈছে তাৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলোধৰণৰ সাহায্য আগবঢ়াব৷ ড॰ শৰ্মাই লগতে কয় যে অহা দুই-এদিনৰ ভিতৰত ৰাজ্য চৰকাৰে জিলাখনৰ বিধবস্ত পথসমূহ মেৰামতি কৰি তোলাৰ বাবে ধন প্ৰদান কৰিব লগতে বিশেষজ্ঞ অভিযন্তা আৰু আন বিষয়াসকল আহি সকলো তদাৰক কৰিব৷ তেওঁ লগতে কয় ভূমিস্খলনৰ ফলত জলসিঞ্চন বিভাগৰ বিভিন্ন প্ৰকল্প, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্পসমূহ বিধবস্ত হৈ পৰিছে৷ বিদ্যুৎ যোগান ব্যৱস্থা বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হৈছে৷ এইসমূহ পুনৰ সূচল কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে৷ তেওঁ কয় যে বৰষুণৰ ফলত জিলাখনৰ পথ পৰিবহণ ব্যৱস্থা বিধবস্ত প্ৰায় হৈ পৰিছে বা সম্পূৰ্ণ ধবংস হৈ পৰিছে৷ অনেক স্থানত পুৰণি স্থানত পুনৰায় পথ  নিৰ্মাণ সম্ভৱ নহ’ব৷ শৰ্মাই আক্ষেপ কৰি কয় যে বিগত ৫-১০ বছৰত অসমৰ এই পাহাৰীয়া জিলাখনক যিভাৱে তৈয়াৰ কৰা হৈছিল সেয়া সম্পূৰ্ণ শেষ হৈ গৈছে৷ সেয়ে, জিলাখনৰ পুনৰ নিৰ্মাণৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলে জিলাখন ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত কেবিনেট বৈঠকত জিলাখনত কিমান টকা মঞ্জুৰ কৰা হ’ব তাক অনুমোদন জনাব ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান যিভাৱে বায়ু সেনাৰ হেলিকপ্টাৰেৰে খাদ্য-সামগ্ৰী পঠোৱাৰ ব্যৱস্থা চলি আছে সেয়া অব্যাহত থাকিব৷ য’ত য’ত প্ৰয়োজন হ’ব সেই স্থানত হেলিকপ্টাৰেৰে পেট্ৰ’ল-ডিজেলসহ খাদ্য-সামগ্ৰী প্ৰেৰণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে উচ্ছস্তৰৰ বৈঠকত যোগাযোগ ব্যৱস্থা সূচল কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে বহু স্থানত এলাইণ্টমেণ্ট সলনি কৰি পুনৰ পথ নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ লগতে হাফলঙৰ দুটা আশ্ৰয় শিবিৰত থকা ১৪৯ গৃহহাৰা লোকৰ স্বাস্থ্য ব্যৱস্থা সম্পৰ্কে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ বাবে অতিশীঘ্ৰে গৃহ নিৰ্মাণ কৰিবলৈ জিলা উপায়ুক্ত নাজৰিন আহমেদক নিৰ্দেশ দিয়ে৷ আজি মুখ্যমন্ত্ৰীক সংগ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদ্যস দেবুলাল গাৰ্লোচা, স্থানীয় বিধায়ক নন্দিতা গাৰ্লোচা, অসম চৰকাৰৰ প্ৰধান সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা, জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু উপায়ুক্ত জয়ন্ত সিঙে৷

বান সাহায্যৰ নামত মাথোঁ এটা আলু, দুটা পিয়াঁজ!

হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ডবকা আৰু যমুনামুখৰ বিভিন্ন গাঁওসমূহত বান কমিছে যদিও বানাক্ৰান্ত লোকসকলৰ দুৰ্গতি কমা নাই৷ চকুৰ সন্মুখতে নিজৰ আপোন পজাটো বানে খহাই নিয়াৰ ফলত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ৷ বাতৰি অনুসৰি, ৰাজ্যত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ একাংশ নৈ, উপ-নৈসমূহ পানীৰে উপচি পৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো  ১৬ মে’ৰ দিনা জিলাখনৰ মাজ মজিয়াইদি বৈ যোৱা কপিলী, যমুনা, নিশাৰী, ডিমৰু আদিৰ নৈৰ বাঢ়নী পানীয়ে ডবকা ৰজহ চক্ৰৰ অন্তৰ্গত ডবকা, চাৰ্লক, নগঞাপাম, বালিৰাম আৰু যমুনামুখ গাঁও পঞ্চায়তৰ ৩০ খনকৈ গাঁও নৈখনৰ বাঢ়নী পানীয়ে ডুবাই পেলায়৷ ইফালে যমুনামুখ সমষ্টিৰ অন্তৰ্গত ডবকা-যমুনামুখ, যমুনামুখ-সৰুপথাৰ সংযোগী দুয়োটা গড়কাপ্টানি পথৰ ওপৰত এক কঁকাললৈকে পানী ভৰি যায়৷ যাৰ বাবে ১৬ মে’ৰ পৰা কালিলৈকে বহিঃজগতৰ লগত যমুনামুখৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ যায়৷  হৈ যোৱা প্ৰলয়ংকাৰী বানত ডবকা যনুনামুখ সংযোগী পথচোৱাৰ বহুকেইটা স্থানত পথচোৱা চিঙি লৈ যায়৷ যাৰ বাবে ডবকা-যমুনামুখ সংযোগী পথচোৱাৰে সাধাৰণ লোকে যাতায়াত কৰাত নানা সমস্যাৰ সৃষ্টি হৈছে৷ যিহেতুকে বৰ্তমানে পানী কমি যোৱাৰ বাবে নাও চলাচল কৰিব নোৱাৰেআৰু পথৰ কেইবাটাও স্থান বানে খহাই নিয়াৰ ফলত গাড়ী-মটৰো চলাচল কৰিব নোৱৰা হৈছে৷ যাৰ বাবে এতিয়া বানত আক্ৰান্ত লোকসকলৰ বাবে চৰকাৰী অথবা বেচৰকাৰী সংস্থাসমূহে যোগান ধৰা খাদ্য-সামগ্ৰীসমূহ নিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷ তদুপৰি, পথচোৱা চিগি যোৱাৰ ফলত চাৰ্লক, বালিৰাম, হিন্দুব্লক আদি পঞ্চায়তৰ ৰাইজে যদি হঠাতকৈ কোনো ৰোগী অথবা প্ৰসৱ বেদনাত চটফটাই থকা প্ৰসূতিকো চিকিৎসালয়লৈ নিব বিচাৰে সেয়া আজিৰ দিনত সম্ভৱপৰ হৈ নুঠিব৷  ইফালে যমুনামুখ সৰুপথাৰ সংযোগী গড়কাপ্টানি পথচোৱাও এই প্ৰলয়ংকাৰী বানত জহি-খহি বিধবস্ত হৈ পৰে৷ এই বিধবস্ত পথেৰেই ৰাইজে যাতায়াত কৰিব লগা হৈছে৷ ইফালে আজি অষ্টম দিনত ভৰি দিয়া ডবকা, যমুনামুখৰ গাঁওসমূহত পানী কমি পথ ওলাই পৰিছে যদিও গাঁওসমূহৰ বহু ঘৰ এতিয়াও পানীৰ তলতে আছে৷ বিশেষকৈ ডবকাৰ বিন্নাকান্দি, চাৰ্লক, জংগলব্লক, বগৰী, ভেদৌআটী, যমুনামুখৰ নগঞাপাম, কহাৰগাঁও চাংজুৰাই, পটীয়াপথাৰ, ভেৰভেৰি, কান্দুলীমাৰি আদি গাঁওসমূহৰ সৰহসংখ্যক লোকৰ ঘৰৰ পৰা এতিয়ালৈকে পানী সোমাই আছে৷ এইসকল গাঁৱৰ লোকে ৰে’লআলিৰ দাঁতিত, পথৰ ওপৰত আৰু মথাউৰিৰ ওপৰতে নিজৰ নিজৰ পশুধনৰ লগতে থাকিবলগীয়া হৈছে৷ নিজৰ চকুৰ সন্মুখতে নিজৰ আপোন পজাতো জহি-খহি যোৱা দেখি সেইসকল লোকৰ চকুৰে চকুলো বৈছে৷ অতিশীঘ্ৰে বিধবস্ত হৈ পৰা পথ দুটা মেৰামতি কৰি যাতায়াত ব্যৱস্থা সূচল কৰি তুলিবলৈ চৰকাৰৰ লগতে হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে বানাক্ৰান্ত ৰাইজে৷ আনহাতে, বহুলোকে বান সাহায্য লাভ নকৰাত ক্ষোভিত হৈ পৰে, প্ৰলয়ংকাৰী বানে তচনচ কৰিছে ৰাস্তা, ঘৰৰ ভিতৰত পানী বোকা, সাহায্যৰ নামত এটা আলু, দুটা পিঁয়াজ, ৰাইজৰ মাজাত ক্ষোভ বৃদ্ধি পাইছে৷ বছৰটোৰ প্ৰথমটো বানত যমুনামুখৰ মূল দুটাতকৈ গড়কাপ্টানি পথ বিধবস্ত কৰি পেলাইছে, ৰাস্তাৰ পৰা পানী নামিছে যদিও ঘৰৰৰ ভিতৰত এতিয়াও আছে পানী, বানত আক্ৰান্ত লোকক সাহায্যৰ নামত ইউডিএফৰ একাংশ নেতা-পালিনেতাই ঠাই বিশেষে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে৷ এটা আলু, দুটা পিঁয়াজ, আন কোনোবা পৰিয়ালক দুটা আলু এটা পিঁয়াজ, কাৰোবাৰ ভাগ্যত আলুও দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমল, সাংসদ প্ৰদ্যুৎ বৰদৈলৰ বিৰুদ্ধে বানাক্ৰান্তই ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে৷ দুয়োজন প্ৰতিনিধিক ৰাইজে দুৰ্যোগৰ সময়ত নোপোৱাত ব্যাপক সমালোচনা আৰম্ভ কৰিছে৷