Logo
image

ভাতঘুমটিয়ে আপোনাক কি সহায় কৰে

দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত কিছু সময়ৰ বাবে শোৱাৰ অভ্যাস বেছি সংখ্যক লোকৰে আছে৷ চিকিৎসা বিশেষজ্ঞসকলৰ মতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত অতি কমেও আধাঘণ্টামান শুলে শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷

◾গৱেষণাত এই কথা পোহৰলৈ আহিছে যে টোপনি যদি কম হয় শৰীৰত কাৰ্টিছল হৰম’নৰ ক্ষয় বৃদ্ধি পায়৷ এই হৰম’ন মূলতঃ ষ্টেছ হৰম’ন নামে পৰিচিত৷ ইয়াৰ প্ৰভাৱতে মানসিক চাপ বৃদ্ধি পায়৷ খোৱাৰ পাছত শুলে মন আৰু মস্তিষ্ক শান্ত হৈ থাকে আৰু মানসিক চাপো হ্ৰাস পায়৷

◾যিকোনো কাম কৰাৰ বাবে মনোসংযোগ অত্যন্ত প্ৰয়োজনীয়৷  এই মনোসংযোগৰ বাবে ভাল টোপনিৰ প্ৰয়োজন৷ খোৱাৰ পাছত শুলে টোপনি অহাটো স্বাভাৱিক৷ কিছু সময় শোৱাৰ পাছত যিকোনো কাম কৰাৰ প্ৰতি আগ্ৰহ বাঢ়ে৷ শৰীৰ সতেজ কৰি ৰখাৰ বাবেও খাদ্য গ্ৰহণৰ পাছত শোৱাতো উপকাৰী৷

◾দুপৰীয়া আহাৰ গ্ৰহণৰ পাছত ২০-৩০ মিনিট শুলেই স্মৃতিশক্তি উন্নত হয় আৰু মন মেজাজ ভালে থাকে৷

◾উচ্ছ ৰক্তচাপত ভোগা সকলৰ বাবে দুপৰীয়া আহাৰ গ্ৰহণৰ পাছত কেইমিনিটমান শুই লোৱাটো খুবেই প্ৰয়োজনী৷ ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰিত হোৱাৰ উপৰি হজম শক্তিও বৃদ্ধি পায়৷

◾ডায়েবেটিছ, থাইৰয়েডৰ সমস্যা থাকিলে দুপৰীয়াৰ ভাতঘুমটিয়ে অত্যন্ত সুফল পেলায়৷