Logo
image

কেন্সাৰখাদক ভাইৰাছ আৱিষ্কাৰ

আমাৰ অসম, ২৬ মে’: এতিয়া কেন্সাৰক চিৰদিনৰ বাবে বিদায় দিয়াৰ দিন আহি গ’ল৷ বিশ্বৰ মানৱ সমাজলৈ আহিছে এক আশাৰ বতৰা৷ মানৱ শৰীৰৰ কেন্সাৰ কোষখাদক ভাইৰাছ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীমহল৷ এক কথাত ক’বলৈ গ’লে– এইবাৰ হুলেৰে হুল কঢ়া হ’ব৷ দেহত কেন্সাৰ কোষৰ সৃষ্টি হ’লেই তপকৰে কেন্সাৰ খোৱা ভাইৰাছ সম্বলিত ঔষধে টিউমাৰ কোষক গিলি পেলাব৷ গঠন কৰিব শৰীৰত কেন্সাৰবিৰোধী ৰক্ষাকৱচ৷ এই ভাইৰাছে মানুহৰ ক্ষতি নকৰে, কিন্তু শৰীৰত প্ৰৱেশ কৰি কেন্সাৰ আক্ৰান্ত কোষবিলাকক ছিন্ন-ভিন্ন কৰিব পাৰিব৷ জিনৰ গঠনবিন্যাস পৰিৱৰ্তন কৰি এনে কেন্সাৰ খাদক ভাইৰাছ প্ৰস্তুত কৰাৰ দাবী কৰিছে আমেৰিকাৰ চিটী অৱ হেপী হাস্পতালৰ অনক’লজি বিভাগৰ এদল গৱেষকে৷ এই কেন্সাৰখাদক ভাইৰাছৰ নাম হৈছে CF33– HNIS (Cancer– Killing Virus)৷ পক্স ভাইৰাছৰ জেনেটিক পৰিৱৰ্তন ঘটাই কেন্সাৰখাদক ভাইৰাছ ঔষধ প্ৰস্তুত কৰিছে আমেৰিকাৰ চিটী অৱ হেপী হাস্পতালৰ অধ্যাপক ইউমান ফং আৰু তেওঁৰ দলে৷ CF33 হৈছে এক প্ৰকাৰৰ অনক’লাইটিক ভাইৰাছ৷ লেবৰেটৰীত বৈজ্ঞানিকভাৱে ইয়াক তৈয়াৰ কৰা হৈছে৷ অধ্যাপক ফঙে সদৰি কৰা তথ্য অনুসৰি এই CF33 হৈছে জেনেটিকেলী ম’ডিফাইড ভাইৰাছ, যাৰ গঠন ইচ্ছামতে বদলাই দিয়া হৈছে৷ এই ভাইৰাছৰ সংক্ৰমক ক্ষমতা নাই৷ লেবৰেটৰীতে ভাইৰাছক নিষ্ক্ৰিয় কৰি নিজৰ ধৰণে প্ৰ’গ্ৰামিং কৰা হৈছে৷ মানৱ শৰীৰত এই ভাইৰাছে কেনেদৰে কাম কৰিব ইয়াৰ ব্যাখ্যা দাঙি ধৰি অধ্যাপক ফঙে কয় যে– পক্স ভাইৰাছ বা CF33– HNIS Cancer– Killing Virus শৰীৰত ইনজেক্ট কৰিলে মানুহৰ দেহকোষত ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ ঠিক যেনেদৰে অন্য ভাইৰাছ বিভাজিত হয়, তেনেদৰেই বিভাজিত হয় পক্স ভাইৰাছ৷ এই ভাইৰাছে এণ্টিজেনৰ দৰে কাম কৰিবলৈ ধৰে৷ কেন্সাৰ কোষবিলাকৰ আশে-পাশে গৈ সংখ্যা বৃদ্ধি কৰে পক্স ভাইৰাছে৷ শৰীৰৰ ইমিউন ছিষ্টেমেও সেই সময়তে এণ্টিবডী তৈয়াৰ কৰে৷ ফলত দুই ধৰণে কাম হয়৷ প্ৰথমে বিজ্ঞানীৰ দ্বাৰা সৃষ্ট ভাইৰাছে কেন্সাৰ কোষবিলাকক ঘেৰি ধৰি নষ্ট কৰে, দ্বিতীয়তে শৰীৰত তৈয়াৰ হোৱা এণ্টিবডীয়ে কেন্সাৰ কোষবিলাকক সিঁচৰতি হৈ পৰাত বাধা দিয়ে৷ অৰ্থাৎ এক গুলীতে দুই চিকাৰৰ দৰে কাম কৰিব৷ বিগত বৰ্ষতে এই ভাইৰাছক লৈ কাম কৰাৰ অনুমোদন জনাইছে মাৰ্কিন ফুড এণ্ড ড্ৰাগ এডমিনিষ্টেচনে৷ মানৱ শৰীৰত বিজ্ঞানীসকলে ট্ৰায়েল আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে গৱেষণাও চলি আছে৷ বজাৰলৈ এই ভাইৰাছৰ দ্বাৰা তৈয়াৰী ঔষধ আহিবলৈ হয়তো আৰু দুই এক বছৰ সময় লাগিব৷