Logo
image

এজাক বৰষুণতে জলমগ্ন গুৱাহাটীত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ

আমাৰ অসম, ২৬ মে’: স্মাৰ্ট চিটি গুৱাহাটীত নাগৰিকৰ দুৰ্ভোগৰ যেন অন্ত নাই৷ এফালে যদি কৃত্ৰিম বানে জলাকলা খুওৱাইছে, আনফালে আকৌ চৰকাৰীভাৱে যোগান ধৰা খোৱা পানীয়ে আহুকালত পেলাইছে গুৱাহাটীবাসীক৷ মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে ওফন্দি উঠাৰ পাছৰে পৰা লুইতৰ পানীৰ বৰণো বোকা তথা ঘেদময় হৈ পৰিছে৷ কিন্তু ব্ৰহ্মপুত্ৰত এই বোকা আৰু ঘেদময় পানীকো কোনোধৰণৰ পৰিশোধন নকৰাকৈ মহানগৰবাসীক সেৱন কৰিবলৈ বাধ্য কৰিছে গুৱাহাটী পৌৰ নিগমে৷ জি এম চিয়ে যোগান ধৰা এনে পানী ব্যৱহাৰ কৰি ডায়েৰিয়া, বমি তথা চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে একাংশ লোক ৷ উল্লেখ্য জি এম চিয়ে পানী যোগান প্ৰকল্পৰ জৰিয়তে মহানগৰীৰ বুজন সংখ্যক নাগৰিকক ঘৰে ঘৰে পানী যোগান ধৰি আহিছে৷ ব্ৰহ্মপুত্ৰৰ পৰা মেচিনেৰে পানী উঠাই পাণবজাৰৰ ৰিজাৰ্ভাত পৰিশোধন কৰাৰ অন্তত পাইপেৰে পুৱা আৰু সন্ধিয়া দুবাৰকৈ নিয়মীয়াকৈ পানী যোগান ধৰি আহিছে জি এম চিয়ে৷ কিন্তু বিগত ১০ দিন ধৰি জি এম চিয়ে যোগান ধৰা পানী বোকা আৰু ঘেদময় বুলি অভিযোগ কৰিছে উজানবজাৰ, খাৰঘুলি, নৱগ্ৰহ, যোৰপুখুৰী, চেনিকুঠি, বাৰোৱাৰী, আমবাৰী আদি অঞ্চলৰ উপভোক্তাসকলে৷ আনকি এই পানী গাড়ী বা কাপোৰ ধোৱাৰ বাবেও অনুপযোগী বুলি অভিযোগ কৰিছে৷ একাংশ লোকে পৌৰ নিগমে এনে বৰবিহ স্বৰূপ বোকা-ঘোলা পানী যোগান ধৰি নাগৰিকক ৰোগাক্ৰান্ত কৰি অপৰাধত লিপ্ত হোৱা বুলি অভিযোগ কৰি পৰিশোধনৰ ব্যৱস্থা ল’বলৈ কতৃৰ্পক্ষক বাৰম্বাৰ অৱগত কৰিছে যদিও কোনো ব্যৱস্থা নোলোৱা বুলিও অভিযোগ উঠিছে৷ অৱশ্যে গুৱাহাটী পৌৰ নিগমৰ  পানী যোগান আঁচনিৰ সৈতে জড়িত এজন বিষয়াই এই সন্দৰ্ভত কয় যে- ব্ৰহ্মপুত্ৰৰ পানীত অধিক মাত্ৰাত বোকা থকা বাবেই পৰিশোধন কৰাৰ পাছতো ঘোলা হৈ আছে পানী৷ নিৰ্দিষ্ট পৰিমাণৰ চূণ আৰু ফিটকিৰি দি পৰিশোধণৰ চেষ্টা কৰাৰ পাছতো পানী বিশুদ্ধ হোৱা নাই৷ এনে ঘোলা পানী আৰু কিছু দিনলৈ থাকিব৷ সেয়েহে ৰাইজক উক্ত পানী খোৱাৰ পৰিৱৰ্তে আন কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে জি এম চিৰ বিষয়াজনে৷