Logo
image

বুকুলৈকে উঠিছে পানী! যান-বাহন সম্পত্তি নপৰে বীমাৰ আউটিত

আমাৰ অসম, ২৬ মে’: এজাক বৰষুণতে এতিয়া মহানগৰীত বুকুলৈকে উঠিছে পানী৷ হাতীগাঁও, ৰুক্মিনীগাঁও, চানমাৰি, জিএছ ৰোড, আমবাৰী, জু-ৰোড, গীতানগৰ– মুঠতে গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰ, প্ৰায় সকলো ব্যস্ততাপূৰ্ণ অঞ্চলতে বুধবাৰে ৰাজপথত দেখা গ’ল সাগৰসদৃশ পৰিস্থিতি৷ লক্ষণীয় যে এয়া কেৱল এদিনৰ কথা নহয়, এতিয়া সামান্য এজাক বৰষুণ দিলেই সঘনে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত সৃষ্টি হয় জলপ্ৰলয়৷ মাহটোৰ ৩০টা দিনৰ তিনি-চাৰিটা দিনেই মহানগৰবাসীৰ বাবে শংকা আৰু উদ্বেগৰ দিন৷ বৰষুণ হ’লেই বহুতৰে প্ৰেছাৰ বাঢ়ে, দুৰু দুৰু কঁপে বুকু, কিয়নো এজাক বৰষুণে সৃষ্টি কৰা বুকুলৈ উঠা পানীয়ে গুৱাহাটীৰ খাটিখোৱা, মধ্যবিত্তৰ যান-বাহন, সম্পত্তিৰ কিমান যে ক্ষতি কৰিব পাৰে, সেয়া ভুক্তভোগীয়েহে জানে৷ বুধবাৰৰ কৃত্ৰিম বানত গুৱাহাটীৰ হাতীগাঁৱকে ধৰি বিভিন্ন স্থানত মেটেকা ওপঙাদি পানীত ওপঙি উঠিল চাৰিচকীয়া বাহন, বাইক-স্কুটী৷ বহু স্থানত কোনোমতে চালকে এবুকু পানীৰ মাজেদি যান-বাহন পাৰ কৰি নিয়ে যদিও ইঞ্জিনত পানী সোমাই পাছত বিকল হৈ পৰে৷ পানীৰ মাজতে আকৌ আন কোনোৰ গাড়ী, মটৰ চাইকেল, স্কুটাৰৰ ইঞ্জিন বন্ধ হৈ পৰে৷ ইয়াৰ বিপৰীতে ৰাস্তাৰ পানী ওফন্দি আহি বহু ব্যৱসায়ীৰ দোকানত সোমায়৷ নিমিষতে নষ্ট হয় দোকানৰ সামগ্ৰী৷ কোনোৰ ঘৰৰ ভিতৰত পানী সোমোৱাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ৷ কৃত্ৰিম বানত গীতানগৰ থানাও জলমগ্ন হৈ পৰে৷ আৰক্ষী, কয়দীয়ে চোৰ-পুলিচ পাহৰি ক্ষন্তেকৰ বাবে হাতত চৰিয়া লৈ পানী সিঁচাত ব্যস্ত হৈ পৰে৷ মুঠতে চৌদিশে এক অবৰ্ণনীয় পৰিৱেশ৷ পানী শুকালেই ৰাজপথত যান-বাহনৰ মালিকে সন্মুখীন হয় চৰকাৰী কৰ সন্ত্ৰাসৰ৷ কিন্তু কৃত্ৰিম বান আহিলেই পুনৰ সন্মুখীন হয় আন এক সমস্যাৰ৷ ফিটনেছ, ইঞ্চুৰেন্স, আৰচি, প্ৰদূষণ নাথাকিলে সামান্য অজুহাততে গ্ৰাহকে ভৰিবলগীয়া হয় হাজাৰ হাজাৰ টকাৰ জৰিমনা৷ যিখিনি সময়ত চৰকাৰী পক্ষই ইঞ্চুৰেন্স আদি থকাক লৈ যান-বাহনৰ মালিকৰ বিৰুদ্ধে কঠোৰ, সেই সময়তে ইঞ্চুৰেন্স কোম্পানীয়ে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিছেনে নাই, ভালদৰে কাম কৰিছেনে নাই– সেই বিষয়বিলাক চোৱাৰ বাবে চৰকাৰী পক্ষ কিন্তু উদাসীন৷ এয়া ভুক্তভোগীৰ অভিযোগ৷ ইঞ্চুৰেন্স কোম্পানীক যান-বাহনৰ মালিকে প্ৰাপ্য নিদিলে চৰকাৰে গাত পাতি লয়,  কিন্তু ইিঞ্চুৰেন্স কোম্পানীয়ে গাড়ীৰ মালিকক প্ৰাপ্য নিদিলে ইয়াৰ দায়িত্ব উপযাচি নলয় চৰকাৰে৷ নিয়ম অনুসৰি ৱাটাৰলগিঙত ক্ষতি হোৱা যান-বাহন তথা সম্পত্তিৰ ক্ষতিপূৰণ দিব লাগে যদিও প্ৰায়েই ইঞ্চুৰেন্স কোম্পানীসমূহে গ্ৰাহকক প্ৰতাৰণা কৰা দেখা যায়৷ ইঞ্চুৰেন্সত প্ৰটেকশ্বন ইঞ্জিনৰ দফা নথকাৰ দোহাই দি কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত হোৱা যান-বাহনৰ মালিকক বিকল হোৱা গাড়ীৰ বাবে ক্ষতিপূৰণ নিদিয়ে ইঞ্চুৰেন্স কোম্পানীয়ে৷ সাধাৰণতে নতুন গাড়ীত ইঞ্চুৰেন্সত প্ৰটেকশ্বন ইঞ্জিনৰ সুবিধা থাকে যদিও থাৰ্ড পাৰ্টী আৰু প্ৰায়বোৰ পুৰণা গাড়ীতে পানী সোমাই ইঞ্জিন বিকল হোৱাৰ দায়িত্ব নলয় ইঞ্চুৰেন্স কোম্পানীয়ে৷ প্ৰটেকশ্বন ইঞ্জিনৰ বাবে সাধাৰণ ইঞ্চুৰেন্সৰ সৈতে যে পৃথককৈ আৰু তিনি চাৰি হাজাৰ টকা অধিক দিব লাগে, সেই কথা ভালদৰে গ্ৰাহকক ভাঙি পাতি নকয় ইঞ্চুৰেন্সৰ এজেণ্টে৷ খেনোৱে পানী সোমাই ইঞ্চিন বেয়া হোৱা গাড়ীৰ ক্ষতিপূৰণ দিবলৈ মান্তি হয় যদিও ইঞ্চুৰেন্সৰ ধন মোকলোৱাৰ সময়ত আৰোপ কৰে ন ন চৰ্ত৷ কাৰ্যতঃ ইঞ্চুৰেন্সৰ অফিচলৈ তাতবাটি কাঢ়োতেই বহুতৰে চেণ্ডেল ক্ষয় যায়৷ মুৰকত নাপায়গৈ ইঞ্চুৰেন্সৰ ধন৷ দুখীয়া, মধ্যবিত্তই অশেষ কষ্ট কৰি গোটোৱা যান-বাহন, সম্পত্তি এনেদৰে ইঞ্চুৰেন্স থকাৰ পাছতো নপৰেগৈ বীমাৰ আউটিত৷