Logo
image

নিমখ-চেনি একেবাৰে বাদ দিয়া উচিত নেকি?

স্বাস্থ্য সম্পৰ্কে এতিয়া সকলোৱে সচেতন৷ খোৱা-বোৱাই হওক বা শৰীৰ চৰ্চাই হওক, সকলোৱে নিজকে ‘ফিট’ ৰাখিব বিচাৰে৷ কিন্তু দৈনন্দিন জীৱনত চেনি আৰু নিমখৰ ভূমিকা কি? তদুপৰি খাদ্যৰ তালিকাৰ পৰা এই দুবিধ উপাদান বাদ দিয়া উচিত নেকি? এই সন্দৰ্ভত পুষ্টি বিশেষজ্ঞ শিৱাজী বাইজালে আগবঢ়োৱা ব্যাখ্যা–

চেনি আৰু নিমখ নোখোৱাকৈও মানুহ চলি থাকিব পাৰে৷ ছুগাৰৰ ৰোগীক সামান্য পৰিমাণেহে চেনি খাবলৈ দিয়া হয়৷ আনহাতে নিমখে শৰীৰত ছ’ডিয়াম, পটাছিয়ামৰ নিয়ন্ত্ৰণ বৰ্তাই ৰাখে৷ ইপিনে চেনিৰ পৰা শৰীৰত শক্তি পোৱা যায়, কিন্তু দুয়োবিধ খাদ্যৰ উপাদানৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা মানি চলিব লাগে৷ মানুহে নিজেই পাহৰি যায় যে কিমান পৰিমাণৰ কি খাদ্য খোৱা উচিত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক এচামুচতকৈ অধিক নিমখ খোৱাটো উচিত নহয়৷

দুবছৰৰ পৰা পোন্ধৰ বছৰৰ ভিতৰত ল’ৰা-ছোৱালীয়ে শৰীৰত যিমান পৰিমাণৰ কেল’ৰি দৰকাৰ সিমান পৰিমাণৰহে খোৱা উচিত৷ এই বয়সৰ ল’ৰা-ছোৱালীক যি পৰিমাণৰ কেল’ৰি প্ৰয়োজন হয় তাৰ ৫ৰ পৰা ১০ শতাংশ থাকে চেনিত৷ অত্যধিক কেল’ৰিৰ পৰা আঁতৰি থাকিবলৈ হ’লে কেক্‌, পেষ্ট্ৰি, চিপছ্‌ আদি জাতীয় খাদ্য কমকৈ খোৱা উচিত৷ 

কিদৰে নিজকে নিয়ন্ত্ৰণ কৰিবঃ

◾ডাইনিং টেবুলত নিমখৰ বটল বা কণ্টেইনাৰ ৰখাটো বন্ধ কৰক৷

◾যিকোনো খাদ্য ক্ৰয়ৰ পূৰ্বে তাত কিমান পৰিমাণৰ কেল’ৰি আৰু নিমখ আছে সেয়া জানি লওক৷

◾চিপছ্‌ খোৱাটো কমাওক৷

◾ঘৰত প্ৰস্তুত কৰা খাদ্যত পৰাপক্ষত আয়ুৰ্বেদিক নিমখ ব্যৱহাৰ কৰক৷

◾এডেড ছুগাৰ মুঠেই ভাল নহয়৷ সেয়ে কল্ডড্ৰিংকছ জাতীয় পানীয় খোৱাটো বন্ধ কৰক৷

◾মিঠাই খাবলৈ মন গ’লে মিঠাফল খাওক৷

◾যিকোনো পৰিমাণৰ খাদ্য অত্যধিক নাখাব৷