Logo
image

য’ত বানপানী ত’ত পৰীক্ষা বাতিল

উঃ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ আজব কাণ্ড

আমাৰ অসম, ২৬ মে’: উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতা আজিকোপতি দূৰ হোৱা নাই৷ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে বুধবাৰে জাৰি কৰা এক নিৰ্দেশনাই এই জটিলতা দূৰ কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিলে বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ আজব নিৰ্দেশনাই প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীক সমানে ন্যায় দিব নোৱাৰিলে বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, বিগত দুটা বছৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিককে ধৰি বিভিন্ন পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰণত জটিলতাৰ সৃষ্টি হৈ আহিছে৷ সম্প্ৰতি যিসকল উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী, তেওঁলোকে নৱম শ্ৰেণীৰ পৰাই সুকলমে পৰীক্ষা দিব পৰা নাই৷ ‘কা’ আন্দোলনৰ ভৰপকৰ মাজতে এক অস্থিৰ পৰিস্থিতিৰ মাজত তেওঁলোকে নৱম শ্ৰেণীৰ পৰীক্ষা দিবলগীয়া হৈছিল৷ তেতিয়া ক’ভিড-অধ্যায়ো আৰম্ভ হৈছিল৷ এনেধৰণৰ জটিলতাৰ মাজতে এইসকল ছাত্ৰ-ছাত্ৰী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয়৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল৷ অৰ্থাৎ এইসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাও দিব নোৱাৰিলে৷ ছেবাই বিশেষ উদ্যোগেৰে অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাত একাংশ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ল যদিও অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই পৰীক্ষা নিদিয়াকৈ মেট্ৰিক পাছ কৰিলে৷ এইসকল এতিয়া উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী৷ প্ৰথম বৰ্ষৰ পৰীক্ষা সময়মতে অনুষ্ঠিত হোৱাহেঁতেন, এইসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ কোনো অসুবিধা নাপালেহেঁতেন৷ কিন্তু চৰকাৰ আৰু সংশ্লিষ্ট কতৃৰ্পক্ষই পৰীক্ষাতকৈ নিৰ্বাচনত অধিক গুৰুত্ব দিয়াৰ বাবে পুনৰ বিপদত পৰিল এইসকল ছাত্ৰ-ছাত্ৰী৷ বাৰিষাৰ আগমনৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ল৷ দুটামান পৰীক্ষা যোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন ঠাইত বান আৰু ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ ফলত ১৮ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত ৰখা হয়৷ পূৰ্বৰ পৰীক্ষাসূচী মতেই ২৭ মে’ৰ পৰা পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব লাগে৷ কিন্তু শেষ মুহূৰ্তলৈকে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত কোনো নিৰ্দেশনা জাৰি কৰা নাছিল৷ দিনচেৰেক পূৰ্বে সংসদৰ কাৰ্যালয়লৈ যোৱা আছুৰ প্ৰতিনিধি দলেও এই বিষয়ে উল্লেখ কৰে৷ অৱশেষত পৰীক্ষালৈ মাত্ৰ দুদিন থকা অৱস্থাত ২৫ মে’ত সংসদে পৰীক্ষা সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰে৷ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাবিদকে ধৰি বিভিন্ন মহলে এই নিৰ্দেশনা আজব আৰু অদ্ভুত বুলি অভিহিত কৰিছে৷ নিৰ্দেশনাত উল্লেখ কৰা মতে, যিবোৰ শিক্ষানুষ্ঠানত বানপানী হৈছে বা বান সাহায্য শিবিৰ স্থাপন কৰা হৈছে, সেইবোৰ শিক্ষানুষ্ঠানে যদি সম্ভৱ হয় উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব; আৰু যদিহে সম্ভৱ নহয়, তেন্তে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে সংসদক এই বিষয়ে যুক্তি আৰু প্ৰমাণসহকাৰে অৱগত কৰাব আৰু তাৰ পাছত সংসদে পৰৱৰ্তী নিৰ্দেশনা দিব৷ এই গোটেই নিৰ্দেশনাটোৱেই আজব-অদ্ভুত৷ বানপানী হোৱা বা বান সাহায্য শিবিৰ স্থাপন কৰা বিদ্যালয়ত কি বিকল্প ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰিব? এয়া সংসদৰ দায় সৰাৰ কৌশলৰ বাহিৰে আন একো নহয় বুলিও অভিযোগ উঠিছে৷ একেটা নিৰ্দেশনাতে উল্লেখ কৰা হৈছে যে যিবোৰ বিদ্যালয়ত বানপানী হোৱা নাই বা বান সাহায্য শিবিৰ স্থাপন কৰা হোৱা নাই, সেইবোৰ বিদ্যালয়ত নিৰ্ধাৰিত সূচী মতে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিহা কৰিব লাগে– সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে৷ এই নিৰ্দেশনাত এই কথা স্পষ্ট হৈ পৰিছে যে যিবোৰ ঠাইত বানপানী হৈছে তাত এই পৰীক্ষাটো অনুষ্ঠিত নহয় আৰু যিবোৰ ঠাইত বানপানী হোৱা নাই তাত এই পৰীক্ষাটো অনুষ্ঠিত হ’ব৷ সংসদৰ অধীনস্থ একে পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক একেটা পৰীক্ষাৰ ক্ষেত্ৰত সংসদে এনেদৰেই ‘ন্যায়’ দিব খুজিছে৷ কোৱা বাহুল্য যে উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নম্বৰ মূল পৰীক্ষাত ‘কাউণ্ট’ কৰা নহয়৷ তৎসত্ত্বেও এই পৰীক্ষাটো গুৰুত্বহীন নহয়৷ ইফালে, মেট্ৰিক পৰীক্ষা নিদিয়াকৈ পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূৰ্বে এটা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো অত্যন্ত জৰুৰী৷ কাজেই সময় মতে এই পৰীক্ষাটো কিয় অনুষ্ঠিত কৰা নহ’ল আৰু এইক্ষেত্ৰত সংসদ আৰু শিক্ষা বিভাগে কিয় গুৰুত্ব নিদিলে, সেয়া এক নুবুজা সাঁথৰ হৈ পৰিছে৷ ঘটনাৰ ইমানতে অন্ত পৰা নাই৷ ১৮ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া যিকেইটা পৰীক্ষা প্ৰাকৃতিক দুৰ্যোগৰ বাবে স্থগিত ৰখা হৈছিল, সেই পৰীক্ষাকেইটা কেতিয়া অনুষ্ঠিত হ’ব সেই সম্পৰ্কে এতিয়ালৈকে সংসদে সিদ্ধান্ত ল’ব পৰা নাই৷ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে সংশ্লিষ্ট পৰীক্ষাকেইটাৰ ক্ষেত্ৰত সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰা হ’ব৷ প্ৰাকৃতিক দুৰ্যোগজনিত পৰিস্থিতিৰ বাবে সংসদ জগৰীয়া নহয় যদিও বাৰিষাৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱৰাটো সংসদৰ অনীহা, ব্যৰ্থতা আৰু অদূৰদৰ্শিতা বুলি সচেতন মহলে মন্তব্য কৰিছে৷ ইতিমধ্যে দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ সময় উকলি গৈছে৷ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যেই বহু নিকাৰ ভুঞ্জিছে৷ উচ্ছতৰ মাধ্যমিক পৰীক্ষা যিমান দেৰিকৈ অনুষ্ঠিত হ’ব, তিমানেই তেওঁলোকৰ সমস্যা বাঢ়িব৷ কিয়নো উচ্ছতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অতি গুৰুত্বপূৰ্ণ– সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে৷ এই স্পৰ্শকাতৰ কথাটো শিক্ষা সংসদে উপলব্ধি কৰিব নোৱৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক৷ সচেতন মহলৰ প্ৰশ্ন– যিবোৰ বিদ্যালয়ত প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নহয়, সেইবোৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাটো কেতিয়াকৈ দিব? আগষ্টপৰ্যন্ত অসমত পৰীক্ষা পাতিব পৰাকৈ একেৰাহে এপষেক সুচল বতৰ আশা কৰিব পাৰিনে? যিসকলে পৰীক্ষা দিব, তেওঁলোক দ্বিতীয় বৰ্ষৰ পঢ়া-শুনাত ব্যস্ত হৈ পৰিব৷ যিসকলে পৰীক্ষা দিব নোৱাৰিব, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কি পঢ়িব? নিৰ্বাচন, চৰকাৰৰ অনীহা আৰু শিক্ষা সংসদৰ অদূৰদৰ্শিতাৰ বাবে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হোৱাটো প্ৰকৃততে আজব, অদ্ভুত, অবাঞ্ছিত আৰু অপ্ৰত্যাশিত৷ কথাই কথাই শিক্ষা সংস্কাৰৰ কথা কোৱা চৰকাৰ তথা শিক্ষা বিভাগে এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ঘটনাৰ বিষয়ে কিবা জানেনে? নিঃসন্দেহে এতিয়া এয়া এক কোটিটকীয়া প্ৰশ্ন৷

শিক্ষক আছে, ছাত্ৰ নাই! নহ’ল গুণোৎসৱ

ৰাজ্যৰ আন ৮খন জিলাৰ দৰে গোলাঘাট জিলাতো ২৩-২৪তাৰিখলৈ গুণোৎসৱৰ ধুম উঠাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত গুণোৎসৱ বাতিলেই নহয়, অসমীয়া মাধ্যমৰ এখন মাধ্যমিক বিদ্যালয় বন্ধ কৰিবলগীয়া খবৰে বৌদ্ধিক সমাজক হতচকিত কৰিছে৷ গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অধীনত তথা ১৯৮৪ চনতে প্ৰতিষ্ঠিত দক্ষিণ গুৰ যোগনীয়া মধ্য ইংৰাজী বিদ্যালয় নামে এই বিদ্যালয়খনত প্ৰতিষ্ঠা কালত স্থানীয় তিনিখন গাঁৱৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিছিল৷ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই বৰ্তমান সময়ত মহাবিদ্যালয়ৰ প্ৰৱক্তা হোৱাৰো যোগ্যতা আৰ্জিছে৷ আনহাতে, বিদ্যালয়খনত নিজা পৰ্যাপ্ত ভূমি, খেলপথাৰ, বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন, পকী ৰান্ধনিশাল তথা ৰান্ধনী, অংগনবাড়ী কেন্দ্ৰ আৰু এন.আৰ.এল প্ৰতিষ্ঠানে প্ৰদান কৰা উন্নত প্ৰস্ৰাৱাগাৰ তথা তিনিখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰে এক সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছিল৷ বিগত ক’ভিড পৰিস্থিতিৰ সময়ত বিদ্যালয়খনত ছাত্ৰ-অভিভাৱকৰ সমণ্বয় অটুট আছিল বাবেই ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰীত দুজনকৈ শিক্ষকক চৰকাৰে এইখন বিদ্যালয়ত নিয়োগ কৰিছিল৷ কিন্তু আচৰ্যৰ বিষয় ক’ভিডকালিন পৰিৱেশৰ পাছৰ পৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা হৈ বৰ্তমান বিদ্যালয়খন ছাত্ৰশূন্য পৰ্যায় পোৱাত এক অনাহুত পৰিস্থিতিত সম্প্ৰতি শুই-বহি দিন পাৰ কৰিবলগীয়া হৈছে বিদ্যালয়ৰ শিক্ষকসকলে৷ সম্প্ৰতি নিকট স্থানীয় আন বিদ্যালয়ত শিক্ষকসকলক জাপি দিয়াৰ চিন্তা-চৰ্চা কৰা বুলি বিভাগীয় কতৃৰ্পক্ষই অৱগত কৰিছে৷ প্ৰতিষ্ঠাকালৰ পৰা সুদীৰ্ঘ ৩৮বছৰ এটা বৃহৎ গ্ৰামাঞ্চলত শিক্ষাৰ ন দিগন্ত সূচনা কৰা বিদ্যালয়খন অকালতে মৰহি যোৱাৰ উপক্ৰম ঘটাত বিদ্বৎ সমাজে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷