Logo
image

ডায়েবেটিছ থকা সকলে কল খোৱা উচিতনে?

প্ৰতিদিনে এটাকৈ আপেল খালে চিকিৎসকৰ কাষ চপাৰ কোনো প্ৰয়োজন নাই৷ একেদৰে দৈনিক দুটাকৈ কল খালে সুস্বাস্থ্য অটুট ৰাখিব পাৰি৷ সাধাৰণতে ডায়েবেটিছত আক্ৰান্ত লোকে কল খোৱাৰ পৰা বিৰত থাকে৷ শেহতীয়া গৱেষণা মতে কল খালে ডায়েবেটিছত আক্ৰান্তৰ কোনো সমস্যাৰ সৃষ্টি নহয়৷ কল হ’ল সহজতে উপলব্ধ এবিধ ফল৷ ইয়াক পুষ্টিৰ ভাণ্ডাৰ বুলি ক’ব পাৰি৷ কলত থাকে প্ৰচুৰ পৰিমাণে ফাইবাৰ, পটাছিয়াম, ভিটামিন ‘বি-৬’, মেগনেছিয়াম, কপাৰ আৰু প্ৰ’টিন আদি থাকে৷ এই উপাদানে শৰীৰত পুষ্টিহীনতা দূৰ কৰে৷ ডায়েবেটিছ ৰোগীয়ে কল খালে ইনছুলিনৰ কাৰ্যক্ষমতা বাঢ়ে৷ যাৰ বাবে স্বাভাৱিকভাৱে তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷ কিন্তু মাত্ৰাধিক পৰিমাণে কল খোৱাৰ পৰা ডায়েবেটিছ ৰোগী বিৰত থাকিব লাগে৷ নিয়মীয়াকৈ প্ৰতিদিনে দুটা বা এটাকৈ কল খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থকাৰ উপৰি একাধিক ৰোগৰ পৰা হাত সাৰিব পাৰি৷

◾কলৰ বিভিন্ন উপকাৰিতাঃ শৰীৰ সবল কৰি ৰখাৰ বাবে প্ৰয়োজনীয় সকলো উপাদান কলত পোৱা যায়৷ ১০০ গ্ৰাম কলত কমেও ০.৩ গ্ৰাম ফেট, ৩৬০ এম জি পটাছিয়াম, ২.৬ ডায়াটাৰি ফাইবাৰ, ১২ গ্ৰাম চেনি আৰু ১.১ গ্ৰাম প্ৰ’টিন থাকে৷ তদুপৰি কলত কেলছিয়াম, মেগনেছিয়াম, আইৰণ, ভিটামিন বি-৬ আদি উপলব্ধ৷ 

◾হজম ক্ষমতাৰ উন্নতি ঘটায়ঃ গেছৰ সমস্যাত যদি ভুগিছে, তেতিয়াা প্ৰতিদিনে দুই-তিনিটাকৈ কল খোৱা আৰম্ভ কৰক৷ কলত থকা ফাইবাৰে  পাচক ৰস বৃদ্ধি কৰে৷ যাৰ বাবে বদহজমৰ আশংকাৰ পৰা মুক্ত হ’ব পাৰি৷

◾হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধিঃ কল নিয়মীয়াকৈ খালে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ এই ক্ষেত্ৰত কলত থকা ফাইবাৰে সুফল দিয়ে৷ 

◾পটাছিয়ামৰ অভাৱ দূৰ কৰেঃ হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক ৰখাৰ উপৰি ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে৷ কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে৷ সেইবাবে কেতিয়াও পটাছিয়ামৰ অভাৱ নহয়৷

◾ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰেঃ উচ্ছ ৰক্তচাপত যদি ভুগিছে পুৱা আবেলি কল খোৱা অভ্যাস কৰক৷ কলত থকা পটাছিয়ামে শৰীৰৰ ভিতৰত থকা ছডিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে৷ কলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ 

◾ৰক্তহীনতাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিঃ সাধাৰণতে বেছিভাগ মহিলাই ৰক্তহীনতাৰ সমস্যাত ভোগে৷ সেইবাবে নিয়মীয়াকৈ কল খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ কলত থকা আইৰণে লোহিত ৰক্তকণিকাৰ উৎপাদন বৃদ্ধি কৰে৷ তদুপৰি এনিমিয়া সমস্যা ৰোধত কলে সহায় কৰে৷

◾ওজন হ্ৰাস কৰাত সহায় কৰেঃ কল নিয়মীয়াকৈ খালে ক্ষুধা নিবাৰণ হয় যাৰ বাবে কল খোৱাৰ পাছত যিকোনো আহাৰ খোৱাৰ প্ৰয়োজন নহয়৷ সেয়েহে কল খালে ওজন স্বাভাৱিকভাৱেই হ্ৰাস পায়৷