Logo
image

জলবায়ু পৰিৱৰ্তনে বিপদাপন্ন কৰিছে মানৱ সমাজ

নগৰীকৰণ, উদ্যোগীকৰণ আৰু উন্নয়নমূলক কাম-কাজৰ বাবে বনাঞ্চল ধবংস কৰাৰ উপৰি জলাশয়সমূহো পুতি নিৰ্মাণকাৰ্য আৰম্ভ কৰাত সম্প্ৰতি জলবায়ু পৰিৱৰ্তনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ফলত ভাৰতৰ কোনো কোনো অঞ্চলত যদি অতিবৃষ্টি হৈছে, আনহাতে কোনো কোনো অঞ্চল অনাবৃষ্টি, খৰাঙৰ কবলত পৰিছে৷ ইয়াৰ উপৰি যান-বাহন, উদ্যোগ-প্ৰতিষ্ঠান বঢ়াৰ ফলতো গ্ৰীন হাউছ গেছৰ মাত্ৰা বৃদ্ধি পাইছে৷ গ্ৰীন হাউছ গেছৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত দেশত তাপমাত্ৰা বৃদ্ধি পাইছে৷ সাধাৰণতে সমতল অঞ্চলত তাপমাত্ৰা যদি ৪০ ডিগ্ৰী চেলছিয়াছপৰ্যন্ত হয় তেন্তে সেই তাপমাত্ৰা স্বাভাৱিক বুলিয়েই গণ্য কৰা হয়৷ আনহাতে, পাহাৰীয়া অঞ্চলত যদি তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছপৰ্যন্ত হয়, তেন্তে সেই তাপমাত্ৰাকো স্বাভাৱিক বুলিয়েই গণ্য কৰা হয়৷ কিন্তু তাপমাত্ৰা যদি এই সংখ্যাতকৈ অধিক হয়, তেন্তে তেনে অঞ্চল গ্ৰীষ্মপ্ৰৱাহৰ কবলত পৰা বুলিয়ে ধৰা হয়৷ উল্লেখ্য, ভাৰতত মাৰ্চ মাহৰ পৰা কেইবাখনো ৰাজ্যত তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলছিয়াছৰ সীমা পাৰ কৰিছে৷ আনকি এপ্ৰিল মাহটো বিগত ৭০ বছৰৰ ভিতৰত সৰ্বাধিক উষ্ণ মাহ হিচাপে পৰিগণিত হৈছে৷ মে’ মাহত কোনো কোনো ৰাজ্যৰ তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছপৰ্যন্ত পাইছে৷ গ্ৰীষ্মপ্ৰৱাহৰ ফলত বহু লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ অতিপাত গৰমৰ বাবে প্ৰায়ভাগ লোকৰে টোপনি কম হয়৷ সাধাৰণতে এজন লোকে ৭ ঘণ্টা টোপনি মাৰিব লাগে যদিও গৰমৰ বাবে বহুতে শৰীৰৰ জিৰণিৰ বাবে প্ৰয়োজনীয় টোপনি মাৰিব নোৱাৰে৷ ফলত এনে লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ আনহাতে, গ্ৰীষ্মপ্ৰৱাহৰ ফলত ‘ষ্ট্ৰ’ক’ হোৱাৰ ফলতো বহু লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়৷ অৱশ্যে সচ্ছল লোকে গৰমৰ পৰা হাত সাৰিবলৈ শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ কৰে যদিও এই যন্ত্ৰসমূহৰ পৰা নিৰ্গত অপকাৰী ক্ল’ৰ’ফ্লুৰ’কাৰ্বনে সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰি তাপমাত্ৰা অধিক হোৱাত ইন্ধনহে যোগায়৷  সাধাৰণতে দিন হাজিৰা কৰা লোক, নিৰ্মাণকাৰ্যৰ মজদুৰ, কৃষিকৰ্মত জড়িত লোকসকল গ্ৰীষ্মপ্ৰৱাহৰ ফলত অধিক ক্ষতিগ্ৰস্ত হয়৷ এইসকলৰ আৰ্থিক নিৰাপত্তা নিশ্চিত নোহোৱাৰ ফলত প্ৰখৰ ৰ’দকো নেওচি কামলৈ ওলাই যাব লগা হয়৷ ফলত এইসকল বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হয়৷ যদিহে এই হাৰত ভাৰতৰ তাপমাত্ৰা বৃদ্ধি হৈ থাকে, তেন্তে কেইবছৰমানৰ ভিতৰতে ভাৰতৰ তাপমাত্ৰাই ৫০ ডিগ্ৰী চেলছিয়াছ পাৰ কৰিব আৰু তেতিয়া জীৱকুলক শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আৰু বিজুলী পাংখায়ো সকাহ দিব নোৱাৰিব৷

উল্লেখ্য, বিগত দহ বছৰত কেৱল পথ নিৰ্মাণৰ নামতে ৫০ কোটিতকৈও অধিক গছ কটা হৈছে৷ কিন্তু সমপৰিমাণৰ গছ চৰকাৰে ৰোপণ কৰিছেনে? বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণৰ ধুম উঠে যদিও সেই পুলিসমূহ পৰৱৰ্তী বছৰলৈ জীয়াই থাকেনে? এই কথা প্ৰতিজন লোকেই মনত ৰখা দৰকাৰ যে গছ-গছনি থাকিলেহে আমি জীয়াই থাকিব পাৰিম৷ সেয়ে আমি সকলোৱে একোডালকৈ গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰিব লাগে৷ দেশৰ মুঠ জনসংখ্যাৰ ২৫ শতাংশ লোকেও যদি একোডালকৈ গছপুলি প্ৰতিপালন কৰি পৈণত গছত পৰিণত কৰিব পাৰে, তেন্তে আমি ৩০ কোটিৰো অধিক নতুন গছ লাভ কৰিম আৰু ইয়ে আমাৰ জলবায়ু আমাৰ অনুকূলে ৰাখিব; অন্যথা জীৱকুল অস্তিত্বৰ সংকটত ভুগিব৷