Logo
image

বিজেপিমুখী? সম্পাদক-সহঃসম্পাদকৰ দলত্যাগ, এইবাৰ এজেপিত খহনীয়া

আমাৰ অসম, ২৮ মে’: পৌৰ সভা আৰু পৌৰ নিগমৰ জৰিয়তে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা দল এজেপিত আৰম্ভ হৈছে খহনীয়া৷ নৱগঠিত দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আৰু উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছে৷ কেৱল চিত্তৰঞ্জন বসুমতাৰী বা পলাশ বৰুৱাই নহয় আন কেইবাজনো নেতা-কৰ্মী দল ত্যাগ কৰাৰ গুণাগঁথা চলি আছে৷ ইতিমধ্যে দলৰ সভাপতি   লুৰীণজ্যোতি গগৈৰ ঘনিষ্ঠ ৰাজু ফুকনেও  দল এৰিব বুলি ব্যাপক চৰ্চা হৈছে৷ দলৰ নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট হৈ এনে নেতা-কৰ্মীয়ে এজেপিৰ পৰা পদত্যাগ কৰিছে বুলি পদত্যাগী নেতা-কৰ্মীয়ে অভিযোগ কৰিছে৷ ইতিমধ্যে দলৰ প্ৰতিষ্ঠা কালৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে দুই পৃষ্ঠা দীঘল পদত্যাগ পত্ৰ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞালৈ প্ৰেৰণ কৰিছে৷ এই সময়ত ৰাজনৈতিক মহলত প্ৰশ্নৰ উদয় হৈছে কোনো দলত যোগ দিব পদত্যাগী নেতা চিত্তৰঞ্জন বসুমতাৰী আৰু পলাশ বৰুৱাই৷ দলৰ নেতৃত্বলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ ভাষ্য আৰু নেতৃত্বক সমালোচনা কৰালৈ চাই তেওঁলোকে বিজেপিলৈ যাত্ৰা কৰিব বুলি সন্দেহ হৈছে৷ ইতিমধ্যে অসম চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰীয়ে চিত্তৰঞ্জন বসুমতাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰা কাৰ্যই এই সন্দেহ যে সঁচা হ’বলৈ গৈ আছে তাৰ ইংগিত দিয়ে৷ অৱশ্যে এটা সূত্ৰ মতে  অসমত শীঘ্ৰে আত্মপ্ৰকাশ কৰিব এন পি পিৰ উদ্যোগত নতুন আঞ্চলিক দেল৷ এই দলত যোগ দি চিত্ৰৰঞ্জন বসুমতাৰী আৰু ৰাজু ফুকনে প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিব৷  উল্লেখ্য, চিত্তৰঞ্জন বসুমতাৰীয়ে এজেপিৰ পৰা পদত্যাগ কৰাৰ কেইমুহূৰ্তমান আগত এজন জ্যেষ্ঠ সাংবাদিকে ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে৷ ধেমাজি বিধানসভা সমষ্টিৰ নিৰ্বাচন আৰু মাজুলীৰ উপ-নিৰ্বাচনত পৰাজিত বসুমতাৰীয়ে পদত্যাগ পত্ৰত কয়– অসমৰ প্ৰথম, সদায় আৰু চিৰদিন’ এই বাণীক সৰোগত কৰি আমি যুজিম আৰু জিকিম’ সংকল্পৰে এক আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আগত ৰাখি ‘অসম জাতীয় পৰিষদ’ত যোগ দিছিলো৷  দলৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যৰ দেৰ ইতিবাচক মন এটা লৈ যোগাত্মক দৃষ্টিভংগীৰে অসম আৰু অসমীয়াৰ হকে ময়ো এগৰাকী যুঁজাৰু সৈনিক হিচাপে নিস্বাৰ্থভাৱে বুকুত সাহস বান্ধি আগবাঢ়ি আহিছিলো৷ কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে দলৰ নেতৃত্বৰ মাজত সৃষ্টি হোৱা সন্দেহ আৰু অবিশ্বাসে গঢ় লৈ উঠাত দলৰ সাংগঠনিক ভেটি দিনক দিনে দুৰ্বল হৈ আহিছে৷ লগতে দলৰ মজিয়াত চলি থকা নেতিবাচক চিন্তাধাৰা আৰু কথা বতৰাই মোৰ দৰে বহু সাধাৰণ কৰ্মীক মনত আঘাত দিয়াই নহয়, একাগ্ৰতাৰে উৰ্চগিত শ্ৰমৰ লগতে জাতিটোৰ ভৱিষ্যতৰ লগতো হেতালি খেলা যেন মোৰ অনুভৱ হয়৷ কোনে কিয় এই ষড়যন্ত্ৰ কৰিছে? মোক দলে শীৰ্ষতম পৰ্যায়ত বিভিন্ন দায়িত্ব দিছিল যদিও মোক আন্ধাৰত ৰাখি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগতিয়াকৈ লৈছিল, যিবোৰ সিদ্ধান্তৰ সৈতে মই একমত হ’ব পৰা নাছিলো আৰু দলৰ সাংগঠনিক কাঠামোৰ মাজত থাকি এই বিষয়বোৰক সময়ে সময়ে উত্থাপন কৰি অহাৰ পাছতো মোৰ প্ৰস্তাৱসমূহ অৱহেলিত কৰি অহাত মই অন্তৰ্ঃদ্বন্দত ভূগিছিলো৷ যোৱা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ধেমাজি সমষ্টিত প্ৰত্যাহ্বানৰ মাজত  ধেমাজিবাসীৰ অভূতপূৰ্ব সঁহাৰিত দলৰ ভিতৰতে অন্যতম সৰ্বাধিক ভোট পাবলৈ সক্ষম হোৱাৰ পাছতো দলৰ নেতৃত্বই পৰৱৰ্তী পৰ্যায়ত গুৰুত্বহীন কৰি ৰাখিব বিচৰাতো ৰহস্যজনক৷ 

ৰাজনীতিত শত্ৰুৱে বন্ধ, বন্ধুৱে শত্ৰু বা শত্ৰু-বন্ধু৷ কিন্তু অসম জাতীয় পৰিষদ দলে চাৰিওফালে সৰ্বস্তৰত কাক, কেনে কিমান আৰু কিদৰে ব্যক্তিবিশেষৰ পৰা ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠনৰ লৈকে শত্ৰু গণ্য কৰি লৈছে তাৰ হিচাপ হয়তো এতিয়া অসংখ্য৷ এনে কাৰ্যই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগতে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰা লগতে ঋণাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ মই ভাৱো শত্ৰুৰ সমানে প্ৰকৃত বন্ধুও থাকিব লাগে৷ এতিয় দলত একাংশ ছদ্মবেশী বন্ধুৱে ছানি ধৰিছে৷ তেওঁলোকে দলৰ সাংগঠনিক আৰু গণতন্ত্ৰিক স্বতন্ত্ৰতাক সংকুচত কৰি নিজস্ব স্বাৰ্থৰ হকে ব্যক্তিকেন্দ্ৰিক চিন্তাচৰ্চাৰে দলক পৰিচালিত কৰি ৰাখিব খুজিছে৷ ইয়াৰ ফলত নিজৰ দলৰ মাজতে একাদিক্ৰমে সীমাহীন শত্ৰুতাৰ সূত্ৰপাত ঘটিছে৷ 

অসম আন্দোলনত ৮৫৫জন শ্বহীদৰ আত্ম বলিদান আৰু বহুজনৰ চৰম ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক সমূলঞ্চে নস্যাৎ কৰি কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰে জাপি দিয়া জাতিধংসী ‘কা’ বাতিলৰ দাবীত হোৱা গণ আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতাত আৰু অসম ৰাইজৰ স্বৰ্তঃস্ফূৰ্ত সঁহাৰিত জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে গঠন হৈছিল ‘অসম জাতীয় পৰিষদ’৷ যি ৰাজনৈতিক দল অসমৰ জাতীয় জীৱনৰ আপোচবিহীন জাতীয়তাবাদক সততাৰে আগুৱাই লৈ যোৱাৰ সংকল্পৰে  নিৰ্ভেজাল আঞ্চলিকতবাদ প্ৰতিষ্ঠা কৰি সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীক একত্ৰিত কৰি ৰাজনৈতিক অধিকাৰ আজুৰি অনাৰ বাবে যুঁজি যাব আৰু ৰাজনৈতিক, সামাজিক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ কিন্তু অতি পৰিতাপৰ বিষয়, বৰ্তমান ‘অসম জাতীয় পৰিষদ দলৰ অস্পষ্ট দৃষ্টিভংগীৰ লগতে ৰাজনৈতিক পৰিপক্কতা আৰু দূৰদৰ্শিতাৰ অভাৱে দলক শক্তিশালী কৰাত ব্যাপক বাধা হিচাপে থিয় দিছে৷ এনে পৰিপ্ৰেক্ষিতত দলৰ সকলো সাংগঠনিক স্তৰত নিদিষ্ট দায়িত্ব অৰ্পণ কৰি শৃংঙ্খলাবদ্ধতাৰে দলক শক্তিশালী কৰিবলৈ কোনোধৰণৰ ৰণনীতি আৰু কৰ্মসূচী যুগুত কৰি নিদিয়াত আজি সকলোৱে সন্দিহান হৈ পৰিছে৷ দলৰ প্ৰতি ৰাইজৰ সম্ভাৱনা আৰু সম্ভাৱনাতকৈ সন্দেহৰ পৰিৱেশৱে গঢ় লৈ উঠিছে৷ ইয়াৰ উপৰি দলটোক জন্মদিয়া মাতৃ সংগঠনৰ সৈতে সু-সম্পৰ্ক নৰখা আৰু তেওঁলোকৰ সৈতে দূৰত্ব বজাই ৰাখিছে যদিও সৌজন্যমূলক আলোচনা বিলোচনা নকৰাকৈ লোৱা সিদ্ধান্তবোৰে দুয়োপক্ষৰ বিপৰীতে মেৰুত অৱস্থান কৰাইছে৷ ই কিমান গ্ৰহণযোগ্য বিবেচনা কৰাৰ প্ৰয়োজন আছিল৷ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাতৃ সংগঠনৰ লগতে অসমৰ প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে ‘অসম জাতীয় পৰিষদ’ দলৰ লগত নিৰুপাই হৈ দূৰত্ব বজাই ৰাখিবলগীয়া হৈছে৷ সেই সময়খিনি আমাৰ বাবে ধৈৰ্যৰ পৰীক্ষা হিচাপে গ্ৰহণ কৰি আমাৰ দলে নিজৰ স্থিতিত অটল থকাটো অতিকৈ সময়ৰ আহ্বান আছিল৷ কিন্তু কাৰোবাৰ চক্ৰান্তত হয়তো সেয়া হৈ নুঠিল৷ তেনেস্থলত কেনেকৈ ৰাজ্যখনত সৰ্ববহুধা বিভক্ত অন্য আঞ্চলিক দলবোৰক একত্ৰিত কৰি আগ্ৰাসী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰক প্ৰতিৰোধ কৰিব পাৰিব আজি ই কোটি টকীয়া প্ৰশ্ন৷ যিহেতু ‘কা’বিৰোধী আন্দোলনৰ পটভূমিতে ‘অসম জাতীয় পৰিষদ’ দলৰ জন্ম পৃষ্ঠভূমি তৈয়াৰ হৈছিল৷ আজি ‘কা’ বিষয়টোক লৈ ৰাইজৰ মাজত কেনেধৰণৰ জনমত গঠন কৰি অসমক ‘কা’ৰ পৰা মুক্ত কৰি ন্যায় দিয়াৰ স্বাৰ্থত চৰকাৰক হেঁচা প্ৰয়োগ কৰিবৰ বাবে চিন্তা-চৰ্চা কৰি বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল৷ অসম চুক্তিকে ধৰি আন মূল বিষয়সমূহক লৈ চৰকাৰে কৰি অহা সদিচ্ছাৰ অভাৱ আৰু অৱহেলাৰ প্ৰতিবাদত জনমত গঠন কৰি ৰাইজক নেতৃত্ব প্ৰদান কৰিব লাগিছিল৷ এনে সময়তে শাসকপক্ষই ভৱিষ্যতে কৰিব বিচৰা অসম বিৰোধী আৰু জনবিৰোধী সিদ্ধান্তবোৰক ৰাজনৈতিক সংগ্ৰামৰ জৰিয়তে কেনেকৈ প্ৰতিৰোধ কৰিব, তাৰো এক দৃশ্যমান প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হ’ব লাগিছিল; আজিকোপতি একোৱেই হৈ নুঠিল৷ এই জটিল সন্ধিক্ষণত শীৰ্ষ নেতৃত্বই সকলোকে একত্ৰিত কৰি বিশ্বাসত লৈ পৰ্যায়ক্ৰমে দলৰ কাম-কাজত অধিক মনোনিৱেশ কৰাৰ পৰিৱৰ্তে বহুতক আঁতৰাই ৰখাতহে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে৷ মোৰ ক্ষেত্ৰতো ইয়াৰ প্ৰতিফলন ঘটিছে৷ গতিকে, বহুতো বিবেচনাৰ অন্তত পদত্যাগৰ দৰে এই কঠিন সিদ্ধান্ত ল’বলৈ মই বাধ্য হ’লো৷