Logo
image

ডায়েবেটিছৰ পৰা মুক্তি দিব এইবিধ পাচলিয়ে

আমাৰ অসম বিশেষঃ শীতকালত অসমত প্ৰচুৰ পৰিমাণে উৎপাদিত হয় বিলাহী৷ অৱশ্যে আজিকালি বছৰৰ বাৰমাহে পোৱা যায় বিলাহী৷ উপযুক্ত মূল্য নোপোৱা বাবে বহু সময়ত ৰাজ্যৰ কৃষকে পেলাই দিবলগীয়া হয় শ শ কুইণ্টল বিলাহী৷ সেয়া কেঁচা বিলাহীয়ে হওক বা পকা বিলাহীয়েই হওক৷ বজাৰত পকা বিলাহীলৈ সকলোৰে চকু যায়৷ গ্ৰাহকৰ দৃষ্টি কেঁচা বিলাহীৰ ওপৰত প্ৰায় নপৰেই৷ কিন্তু কেঁচা বিলাহীতো যে থাকে প্ৰচুৰ উপকাৰিতা সেই কথা জানিলে কেঁচা বিলাহী ক্ৰয় কৰিবলৈ তৎপৰ হ’ব গ্ৰাহক৷ কেঁচা বিলাহী খালে মানুহৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণৰ ভিতৰত থাকে৷ টাইপ-ৰ আৰু টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত কেঁচা বিলাহীৰ বিকল্প প্ৰায় নাই বুলিবই পাৰি৷ দেহক ‘ফাইবাৰ’ যোগানত বিশেষ ভূমিকা পালন কৰে কেঁচা বিলাহীয়ে৷ কৰ্কত ৰোগৰ মহৌষধৰূপে বিবেচিত হয় বিলাহী৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে বিলাহীত থকা লাইকোপেন প্ৰষ্টেটে কলোৰেকটাল আৰু পাকস্থলীৰ কৰ্কত ৰোগ প্ৰতিৰোধত বিশেষ ভূমিকা পালন কৰে৷ লাইকোপেন এনে এবিধ প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট যিটোৱে কোষ বিভাজন ঠিকমতে হোৱাত সহায় কৰে৷ ফলত মানুহৰ দেহত কৰ্কত ৰোগ হোৱাৰ সম্ভাৱনা কম হয়৷ তদুপৰি যদি এবাৰ কোনো লোক যদি কৰ্কত ৰোগত আক্ৰান্ত হয় তেতিয়া তাৰ যাতে দ্ৰুতহাৰত বৃদ্ধি নহয় তাৰ ওপৰতো দৃষ্টি ৰাখে বিলাহীয়ে৷ কেলচিয়াম আৰু ভিটামিন পৰ্যাপ্ত যোগানৰ জৰিয়তে হাড় মজবুত ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে বিলাহীয়ে৷ ইয়াৰ উপৰি বিলাহীয়ে এণ্টি অক্সিডেণ্টৰ অভাৱ দূৰ কৰা, হৃদযন্ত্ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা আৰু দৃষ্টিশক্তি বৃদ্ধিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷