Logo
image

ন-পুৰণি ছাত্ৰ-ছাত্ৰী নষ্টালজিক মুখ্যমন্ত্ৰীৰো আৱেগিক টুইট

কটনৰ ১২২ বছৰ পূৰ্তি

আমাৰ অসম, ২৮ মে’: ১২২ বছৰীয়া হ’ল তাহানিৰ কটন কলেজ৷ কটনৰ স্মৃতি সোঁৱৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই নষ্টালজিক হৈ পৰে৷ তেওঁ এই কটন বিশ্ববিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল৷ ১৯৮৮ৰ পৰা ১৯৯২ চনলৈ তিনিটা কাৰ্যকালৰ বাবে কটন কলেজ ইউনিয়ন ছ’চাইটিৰ সাধাৰণ সম্পাদক আছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই সুন্দৰ শুভক্ষণত চচিয়েল মিডিয়াত নিজৰ মতামত প্ৰদান কৰি কয়-কটন কলেজৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ দিনটোত বহু পুৰণি স্মৃতিয়ে দোলা দিছে৷ নিজে পঢ়ি অহা শিক্ষানুষ্ঠানৰ স্মৃতিয়ে প্ৰতিজনকে নষ্টালজিক কৰাৰ দৰে ময়ো স্মৃতিকাতৰতাত ডুব যাওঁ মই পঢ়া শিক্ষানুষ্ঠানৰ কথা সুঁৱৰি৷ কটন কলেজৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে অতীত তথা বৰ্তমানত যিকোনোধৰণে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷ লগতে যিসকলৰ কঠোৰ সাধনা, অধ্যৱসায়ে কটনক মহীয়ান কৰিলে জীৱিত অথবা প্ৰয়াত সকলোকে মোৰ প্ৰণাম যাচিলোঁ আজি শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত ৰাজ্যপাল, কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে ভাষণত কয়-বিশ্ব এতিয়া প্ৰতিযোগিতাৰে ভৰি পৰিছে আৰু তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত জীয়াই থাকিবলৈ আমাৰ মেধাৱী যুৱ ছাত্ৰ-ছাত্ৰীসকলে উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিব লাগিব৷ এয়া নিঃসন্দেহে যোগ্য ভোগ্য বসুন্ধৰাৰ যুগ’৷ ডিগ্ৰী প্ৰাপ্তসকললৈ শুভেচ্ছা জ্ঞাপন কৰি অধ্যাপক মুখীয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এক দায়িত্ব আছে বুলি গুৰুত্ব আৰোপ কৰে৷ ‘আমাৰ দেশে আমাক সকলো দিছে৷ বিনিময়ত আমি কিবা এটা ঘূৰাই দিয়া উচিত৷ তোমালোকে দেশত থাকি দেশৰ সেৱা কৰা উচিত৷ আমাৰ দেশে নতুন উদ্যোগ স্থাপনৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে৷ সেয়েহে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা কৰা উচিত, দেশত থকা উচিত আৰু দেশৰ সেৱা কৰি আত্মনিৰ্ভৰ হোৱা উচিত৷’ অনুষ্ঠানত অসমীয়া সাহিত্য আৰু কাৰ্বি ভাষালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হয়৷ সৰ্বমুঠ ১৩৭৫জন ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়৷ সমাৱৰ্তন অনুষ্ঠানত ৫৭জন বিভিন্ন বিষয়ত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰীক সোণৰ পদক প্ৰদান কৰাৰ লগতে ১১জন ছাত্ৰ-ছাত্ৰীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়৷ এই উপলক্ষে সমাৱৰ্তনত বক্তা হিচাপে উপস্থিত থকা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বসুতকৰ জগদীশ্বৰ ৰাৱে তেওঁৰ ভাষণত এটা জাতি গঠনত গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷ তেওঁ আৰু কয় যে আমাৰ দৰে এটা মহান জাতিৰ ভৱিষ্যত ইয়াৰ যুৱ প্ৰজন্ম, তেওঁলোকে গ্ৰহণ কৰা শিক্ষাৰ মানদণ্ড আৰু মূল্যবোধৰ ওপৰত নিৰ্ভৰশীল৷ উচ্ছ শিক্ষাৰ ভূমিকা কেৱল তথ্য যোগাল ধৰাই নহয়, আনকি কেৱল বুদ্ধিৰ বিকাশ কৰাই নহয়, কল্পনা আৰু সৃষ্টিশীলতাক প্ৰজ্বলিত কৰাও ইয়াৰ লক্ষ্য৷ এইবোৰ কেৱল শৈক্ষিক কথা নহয়৷ আমি পণ্ডিত আৰু নেতাও সৃষ্টি কৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলক কেৱল চাকৰিৰ বাবে নহয়, কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰিব লাগিব৷ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে পাঠ্যক্ৰমসমূহ তিনিটা মূল বিষয়ত কেন্দ্ৰীভূত কৰিব লাগে আৰু সেইকেইটা হ’ল ছাত্ৰ-ছাত্ৰীৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা পাঠ্যক্ৰম প্ৰস্তুত কৰা, উদ্যোগী সৃষ্টিৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱা আৰু গৱেষণাত গুৰুত্ব প্ৰদান কৰা৷ প্ৰতিবেদন দাখিল কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ ভবেশ চন্দ্ৰ গোস্বামীয়ে বিগত দুবছৰত হোৱা উন্নয়নৰ ক্ষেত্ৰত আলোকপাত কৰে৷ এক শৈক্ষিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য, উপাচাৰ্য, শিক্ষামন্ত্ৰী, সমাৱৰ্তন বক্তা, পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়ক, ডীন সকল, বিশ্ববিদ্যালয় কোৰ্ট, কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ সদস্যসকলে অংশগ্ৰহণ কৰে৷ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে৷ অনুষ্ঠানটোৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড॰ মেৰী বৰুৱাই৷ অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাৰ বাবে উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামী আৰু সমাৱৰ্তন আহ্বায়ক ড॰ শান্তনু চক্ৰৱৰ্তীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য, ১৯০১ চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ধবজাবাহক কটন কলেজখন ২০১১ চনত অসম চৰকাৰে কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিলৈ উন্নীত কৰে৷ ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল৷ প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল৷ ২০১১চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল৷ ২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ’ল৷

কটনৰ বাকৰিত অন্তৰংগ আলাপ

ঐতিহ্যমণ্ডিত কটন কলেজৰ ১২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কটন কলেজ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ সহযোগত শুকুৰবাৰে কটনৰ বাকৰিত এটি অন্তৰংগ তথা মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ অৱনী কুমাৰ চৌধুৰী, ৰবীন কলিতা আৰু ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভণিতে পতাকা উত্তোলন কৰে শতায়ু গৰকা প্ৰাক্তন কটনিয়ান, প্ৰাক্তন গাণনিক বিষয়া আব্দুল ৱাহিদে৷ তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে সন্থাৰ উপদেষ্টা ইন্দ্ৰ মোহন ভট্টাচাৰ্যই৷ অনুষ্ঠানত ৯০ৰ উৰ্ধৰ প্ৰাক্তন কটনিয়ানৰ ভিতৰত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান আব্দুল ৱাহিদক গামোচা, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পাছতে ৯০ উৰ্ধৰ প্ৰাক্তন কটনিয়ান, শিক্ষাধিকাৰ হৰেকৃষ্ণ¸ গায়ন, প্ৰাক্তন কৃষি সঞ্চালক ড॰  অমিয় মোহন দাস, প্ৰাক্তন অধ্যাপক ড॰ উপেন্দ্ৰ নাথ শৰ্মা, প্ৰাক্তন প্ৰাথমিক শিক্ষা সঞ্চালক নগেন গোস্বামী, প্ৰথিতযশা শিল্পী ড॰ লক্ষ্যহীৰা দাসক গামোচা, চেলেং চাদৰ, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়৷ সমালোচক ময়ূৰ বৰাই কটন কলেজৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হোৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই ‘স্ফৰ্নিল যাত্ৰা’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে৷ স্মৃতিগ্ৰন্থ সম্পাদনা কৰে মনজিৎ সিং আৰু শৈলেন কলিতাই৷ তিলোত্তমা বৰুৱা, ড° ৰূপালী ফুকন, ড॰ সংগীতা কাকতি, কুইন দাস আৰু তৃষা দেৱীৰ নেতৃত্বত কেইবাজনো কটনিয়ালে আৰম্ভণি গীত পৰিৱেশন কৰা অনুষ্ঠানত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ বিভিন্ন স্থানৰ পৰা অহা কটনিয়ানসকলে স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে৷ সন্ধিয়াৰ ভাগত কবিতাৰ লগতে গৱেষণা গ্ৰন্থ উন্মোচন কৰা হয়৷ প্ৰাক্তন কটনিয়ান তথা কলিয়াবৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ বৰ্ণালী কাকতিৰ গ্ৰন্থখন কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ভবেশ চন্দ্ৰ গোম্বামীয়ে উদ্বোধন কৰে৷  কেইবাজনো প্ৰাক্তন কটনিয়ান শিল্পীয়ে গীত মাত পৰিৱেশন কৰে৷