Logo
image

গুৱাহাটীৰ দায়িত্ব ল’লে ছিংগাপুৰে

এক্ট ইষ্ট সমাৰোহ, ছিংগাপুৰে বিচাৰিলে মহানগৰীৰ মাষ্টাৰপ্লেন

আমাৰ অসম, ২৮ মে’: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীক নতুনকৈ সজাই-পৰাই তোলাৰ দায়িত্ব ল’লে ছিংগাপুৰে৷ ইয়াৰ বাবেই মহানগৰীখনৰ মাষ্টাৰপ্লেন বিচাৰিছে দ্ৰুত উন্নয়নেৰে চমক সৃষ্টি কৰা ছিংগাপুৰে৷ গুৱাহাটীক নতুন ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যেই ছিংগাপুৰে মহানগৰীত নিৰ্মাণ কৰিব স্মাৰ্ট লজিষ্টিক পাৰ্ক৷ ৪০ৰ পৰা ৬০ একৰ  ভূমিত নিৰ্মাণ কৰা হ’ব এই পাৰ্ক৷ শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত এক্ট -ইষ্ট পলিচীৰ বিশেষ সন্মিলনত  ভাগ লৈ এই কথা প্ৰকাশ কৰে চিংগাপুৰৰ উচ্ছায়ুক্ত ছিমন ৱঙে৷ চিংগাপুৰৰ উচ্ছয়ুক্তজনে সংবাদ মাধ্যমৰ আগত কয়– অসমত বিনিয়োগ কৰাৰ বাবে আমি ক্ষেত্ৰ অধ্যয়ন কৰি আছো৷ এনে অধ্যয়নৰ পৰা এটা কথা জানিব পৰা গৈছে যে অসমত এক্ট-ইষ্ট পলিচী ৰূপায়ণ কৰাৰ বাবে যথেষ্ট সম্ভাৱনা আছে৷ চিংগাপুৰে অসমত স্কীল ইউনিৰ্ভাচিটী নিৰ্মাণৰ ক্ষেত্ৰত সহায় কৰিব৷   গুৱাহাটী ‘নিৰ্মাণ’ৰ বাবে মাষ্টাৰ প্লেনো প্ৰস্তুত কৰিব চিংগাপুৰে৷ আমি প্ৰথমবাৰৰ বাবে আছাম স্কীল ইউনিৰ্ভাচিটীয়ে অনুষ্ঠিত কৰা সমাৱৰ্তনত ভাগ ল’বলৈ পাই অতিশয় সুখী হৈছো৷ উল্লেখ্য, অসমত বিদেশী বিনিয়োগ বৃদ্ধিৰ হেতু জ্ঞান আহৰণৰ বাবে  সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত কেইবাজনো মন্ত্ৰী-আমোলাক বিদেশলৈ পঠোৱা হৈছিল৷ অসমত বিদেশী বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে কেইবাশ কোটি টকা ব্যয় কৰি গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল এডভাণ্টেজ আছাম শীৰ্ষক সন্মিলন৷ কিন্তু কাৰ্যতঃ দেখা নগ’ল পৰৱৰ্তী সময়ত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত অসমে লাভ নকৰিলে ফুটাকড়ি এটাও৷ না উদ্যোগৰ ক্ষেত্ৰত বিনিয়োগ হৈছে না বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ হৈছে৷ ৰাজ্যৰ কোনো ক্ষেত্ৰতে কোনোধৰণৰ বৈদেশিক বিনিয়োগ হোৱা ৰাজ্যবাসীৰ চকুত নপৰিল৷ অসমত বিদেশী প্ৰতিষ্ঠানৰ ফুটাকড়ি এটাও বিনিয়োগ কৰাতো নহ’লেই আনকি পূৰ্বে বিনিয়োগ কৰি অহা কেইবাটাও প্ৰতিষ্ঠানে অসমত ব্যৱসায় বন্ধ কৰি নিজ নিজ দেশলৈ উভতিহে যায়৷ বিশেষকৈ একাধিক বাইক নিৰ্মাণকাৰী প্ৰতিষ্ঠান, চাৰিচকীয়া বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বিগত প্ৰায় ৩-চ্ছ্ৰ বছৰৰ ভিতৰত কাৰ্যতঃ অসমত বিনিয়োগ বন্ধ কৰে৷ শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত এক্ট ইষ্ট পলিচিৰ অনুষ্ঠানটোত ভাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বৰ্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন হৈছে৷ এক্ট ইষ্ট পলিচিৰ জৰিয়তে উন্নয়নে যি মাত্ৰা লাভ কৰিছে তাৰ দ্বাৰা উত্তৰ-পূবৰ জনসাধাৰণে নিজকে ভাৰত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীসমূহৰ সৈতে সংপৃক্ত কৰিব পাৰিছে৷ এই এক্ট ইষ্ট পলিচিৰ পটভূমিত বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমক আছিয়ান ব্লকৰ ‘এক্সপ্ৰেছৱে’ আৰু ‘গেটৱে’ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ 

এক্ট ইষ্ট পলিচিৰ সাৰ্থক ৰূপায়ণৰ দিশত অধিক দ্ৰুততাৰে আগুৱাই যাব পৰাকৈ এই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগে আজিৰ এই সন্মিলনৰ আয়োজন কৰিছে৷ ইয়ে অসমৰ এই ভৌগোলিক খণ্ডক আছিয়ান দেশসমূহৰ সৈতে নিৰন্তৰ প্ৰচেষ্টাৰে অব্যাহত ৰখা অৰ্থনৈতিক সহযোগিতা, যোগাযোগ, বাণিজ্য আৰু বিনিয়োগৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে আৰু ‘এক ফাষ্ট’ৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক নতুন আশা, শক্তি প্ৰদান কৰিছে৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পই আজি উত্তৰ-পূৰ্বাঞ্চলক আছিয়ান দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ পথ প্ৰশস্ত কৰিছে৷ 

মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব তথা ইয়াৰ জনসাধাৰণৰ প্ৰতি অব্যাহত ৰখা উন্নয়নমুখী ধাৰাটোৱে প্ৰমাণ কৰিছে যে এই অঞ্চলটো ভাৰতৰ পৰিধিতেই নহয়, প্ৰকৃততে ই দক্ষিণ-পূব এছিয়াৰ দ্ৰুততম উদীয়মান দেশসমূহৰ ব্যৱসায় আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে৷ সেইবাবে অসম চৰকাৰে আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ ‘দুৱাৰমুখ’ আৰু ‘এক্সপ্ৰেছ পথ’ হিচাপে অসমক পৰিগণিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে৷ চৰকাৰে অসমক এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়তাৰে প্ৰয়াস চলাইছে৷ ইয়াৰ ফলত কেৱল এই অঞ্চলটোতে নহয়, বিবিএন আৰু আছিয়ান দেশসমূহৰ জনসাধাৰণৰ বাবেও সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি তেওঁ কয়৷ 

এছিয়ান দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক নিকটতাৰ ওপৰত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীয়ে কয় যে ম্যানমাৰ, চীন, ভূটান, নেপাল আৰু বাংলাদেশৰ দৰে দেশসমূহৰ সৈতে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ দূৰত্ব ৫৩০০ কিঃমিঃতকৈও কম৷ ‘প্ৰকৃতাৰ্থত উত্তৰ-পূব হৈছে দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ ভাৰতবৰ্ষৰ দুৱাৰমুখ আৰু মই বিশ্বাস কৰোঁ যে যোগাযোগ ব্যৱস্থাৰ শক্তিশালীকৰণে এছিয়ান দেশসমূহৰ সৈতে আমাৰ যৌথ উন্নয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব’- মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা জ্জ-জ্জ্ব বছৰত আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ দ্ৰুত গতিত বৃদ্ধি পাইছে৷ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় হৈছে, বিনিয়োগ ব্যৱস্থা যথেষ্ট বৃদ্ধি পাইছে আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা বাস্তৱত পৰিণত হোৱাৰ দিশে দ্ৰুত গতিত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে অসমত আইন-শৃংখলা যথেষ্ট উন্নত হৈছে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে৷ উত্তৰ আৰু দক্ষিণপাৰৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণকে ধৰি উন্নয়ন সাধন কৰা হৈছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু সেউজ শক্তি উৎপন্ন কৰি প্ৰকৃতিৰ সৈতে সহাৱস্থানেৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে এক ৰোড মেপ প্ৰস্তুত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ উৰাণ আন্তঃৰাষ্ট্ৰীয় আঁচনিৰ  অধীনত কমেও ৬ খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে অসম চৰকাৰে আছিয়ান দেশসমূহৰ সৈতে এক নতুন অৰ্থনৈতিক সহযোগিতা গঢ়ি তোলাৰ বাবে অগ্ৰসৰ হৈছে৷ তেওঁ লগতে কয় যে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে এক সুদৃঢ় আৰু বহনক্ষম সহযোগিতা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে৷ 

ছিংগাপুৰ উচ্ছায়ুক্ত চাইমন উয়ে কুয়েনে উত্থাপন কৰা বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বহিৰ্ৰাজ্যৰ জনসাধাৰণৰ সা-সুবিধাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে ছিংগাপুৰৰ সহযোগিতা বিচাৰে৷ 

আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমত পৰ্যাপ্ত বিনিয়োগৰ সম্ভাৱনাৰবিষয়ে আলোকপাত কৰে৷ পথ, ৰে’লপথ, বিমান পৰিবহন আৰু ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন দিশ সামৰি তেওঁ কয় যে এক্ট ইষ্ট পলিচি ঘোষণা কৰাৰ পূৰ্বে অসমক ভাৰতৰ শেষ প্ৰান্ত হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু এই এক্ট ইষ্ট পলিচিয়ে সেই ধাৰণাটো সলনি কৰি অসমক আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ কেন্দ্ৰ বিন্দু হিচাপে গণ্য কৰা হৈছে৷ এক্ট ইষ্ট পলিচিৰ অধীনৰ  এই সন্মিলনৰ বাবে আছিয়ান দেশসমূহৰ বেপাৰ-বাণিজ্যৰ দিশ উন্নত হ’ব৷ মন্ত্ৰীগৰাকীয়ে লগতে আছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু উচ্ছায়ুক্তসকলক জি টু বি আৰু বি টু বি বৈঠকৰ বাবে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিনিধিসকলক অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়৷ 

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সন্যাল, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব গীতিকা শ্ৰীবাস্তব, ভাৰতস্থ ছিংগাপুৰৰ উচ্ছায়ুক্ত চাইমন উয়ে কুয়েন, এছ আই চি চি আই উত্তৰ-পূব উপদেষ্টা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ 

এই বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে সঞ্জীৱ সন্যালৰ সৈতে অসমৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কীয় বিভিন্ন বিষয় সম্পৰ্কত আলোচনাত মিলিত হয়৷