Logo
image

কোনটো উপকাৰী গাখীৰ চাহ, ৰঙা চাহ নে গ্ৰীণ টি?

চাহপান আমাৰ এটা সংস্কৃতি৷ প্ৰায় সকলোৱেই চাহপান কৰে৷ পুৱাতেই উঠি একাপ চাহ নাখালে দেহ-মন সতেজ নহয়৷ দিনটোৰ বাবে একাপ চাহে মহৌষধৰ দৰে কাম কৰে৷ অৱশ্যে ব্যক্তিভেদে চাহ খোৱাৰ সময়, পৰিমাণ বেলেগ বেলেগ৷ তদুপৰি কোনোৱে গাখীৰ চাহ পছন্দ কৰাৰ বিপৰীতে কোনোজনৰ বাবে ৰঙা চাহ বা গ্ৰীণটিহে প্ৰিয়৷ এই তিনিওবিধ চাহৰ ভিতৰত স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী তাক লৈও বিভিন্ন গৱেষণা হৈছে৷ কিন্তু এই তিনিও প্ৰকাৰৰ চাহৰ ভিতৰত ৰঙা চাহ অথবা গ্ৰীণ টি স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে৷  

◾ফ্ল’ৰাইডৰ উপস্থিতিঃ ৰঙা চাহ আৰু গ্ৰীণ টি পৰ্যাপ্ত পৰিমাণে ফ্ল’ৰাইড পোৱা যায়৷ কিন্তু গাখীৰ চাহৰ ক্ষেত্ৰত এই ফ্ল’ৰাইড পোৱা নাযায়৷ গ্ৰীণ টি আৰু ৰঙা চাহ এই দুয়োবিধেই দাঁত আৰু হাড়ৰ বাবে উপকাৰী৷ 

◾এণ্টি অক্সিডেণ্টৰ উপস্থিতিঃ গাখীৰ চাহৰ তুলনাত ৰঙা চাহ আৰু গ্ৰীণ টিৰ আছে কেন্সাৰ প্ৰতিৰোধকাৰী ক্ষমতা৷ আনহাতে গাখীৰ চাহে এণ্টি অক্সিডেণ্ট শৰীৰত শোষিত হোৱাত বাধা দিয়ে৷ ফ্ল’ৰাইডৰ উপস্থিতিৰ দৰে এণ্টি অক্সিডেণ্ট থকাৰ বাবে গ্ৰীণ টি সকলোৰে বাবে উপকাৰী৷ গ্ৰীণ টিত কেটেচিন নামৰ ফ্লাভনয়েড থাকে৷ ই কেন্সাৰ প্ৰতিৰোধত সহায় কৰে৷ 

◾কেফাইনৰ উপস্থিতিঃ ৰঙা চাহ আৰু গ্ৰীণ টিত পৰ্যাপ্ত পৰিমাণৰ কেফাইন থাকে৷ কিন্তু ৰঙা চাহৰ তুলনাত গ্ৰীণ টিত কেফাইনৰ পৰিমাণ কম৷ পুৱাই একাপ ৰঙা চাহ খোৱাটোৱেই সকলোতকৈ ভাল৷ ৰঙা চাহৰ বিকল্প হিচাপে গ্ৰীণ টিয়ো খাব পাৰে৷ কিন্তু গাখীৰ চাহত কেফাইনৰ মাত্ৰা একেবাৰে কম থাকে৷ 

◾হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে ৰঙা চাহ সকলতকৈ উৎকৃষ্ট৷ তদুপৰি গ্ৰীণ টিয়েও হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে৷  লাল চাহে হৃদযন্ত্ৰ সুস্থ ৰখাৰ উপৰি কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ কিন্তু গাখীৰ চাহ হৃদযন্ত্ৰৰ বাবে উপকাৰী হয় নে নহয় এই বিষয়ে সঠিক তথ্য পোৱা হোৱা নাই৷ প্ৰতিদিনেই যদি সঘনাই চাহ খোৱাৰ অভ্যাস আছে তেন্তে ৰঙা চাহ বা গ্ৰীণ টি খোৱাৰ অভ্যাস কৰক৷ গাখীৰ চাহ কাচিৎহে খাব লাগে৷